মুখ্যপৃষ্ঠা » খবৰ

» কেৰিয়াৰ

»HSLC Result 2021 : এইবাৰৰ মেট্রিকৰ ৰিজাল্টৰ বৰ বিশেষ ভেল্যু নাই, HSLCৰ ফলাফলৰ পিছতে তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

HSLC Result 2021 : এইবাৰৰ মেট্রিকৰ ৰিজাল্টৰ বৰ বিশেষ ভেল্যু নাই, HSLCৰ ফলাফলৰ পিছতে তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

News18 Assam | News18-Assam
Updated:July 30, 2021, 5:16 PM IST
HSLC Result 2021 : এইবাৰৰ মেট্রিকৰ ৰিজাল্টৰ বৰ বিশেষ ভেল্যু নাই, HSLCৰ ফলাফলৰ পিছতে তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
কোৰোণাৰ বাবে পৰীক্ষা নাপাতি বিদ্যালয় মূল্যায়ন কমিটী আৰু জিলাভিত্তিক পুনৰীক্ষণ কমিটীয়ে যুটীয়াভাৱে কৰা মূল্যায়নৰ ভিত্তিত ফলাফল ঘোষণা কৰা হৈছে৷

কোৰোণাৰ বাবে পৰীক্ষা নাপাতি বিদ্যালয় মূল্যায়ন কমিটী আৰু জিলাভিত্তিক পুনৰীক্ষণ কমিটীয়ে যুটীয়াভাৱে কৰা মূল্যায়নৰ ভিত্তিত ফলাফল ঘোষণা কৰা হৈছে৷

  • Share this:
"এইবাৰৰ মেট্রিকৰ ৰিজাল্টৰ বৰ বিশেষ ভেল্যু নাই।" HSLCৰ ফলাফল ঘোষণা কিছুসময় পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰে এই তাৎপৰ্যপূৰ্ণ মন্তব্য।

কোৰোণাৰ সংক্ৰমণৰ বাবে এইবাৰ পৰীক্ষা অনুষ্ঠিত নকৰাকৈয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে ৰাজ্য চৰকাৰে। এইবাৰ পূৰ্বৰ তুলনাত উত্তীৰ্ণৰ হাৰ আগতকৈ ২৩ শতাংশ বৃদ্ধি পাইছে। এইবাৰ উত্তীৰ্ণ হাৰ হৈছে ৯৩ শতাংশৰ অধিক। বিদ্যালয় মূল্যায়ন কমিটী আৰু জিলাভিত্তিক পুনৰীক্ষণ কমিটীয়ে যুটীয়াভাৱে কৰা মূল্যায়নৰ ভিত্তিত ফলাফলসমূহ ঘোষণা কৰা হয়৷

ইয়াৰ পিছতে মুখ্যমন্ত্ৰী শৰ্মাই কয়, "এইবাৰৰ মেট্রিকৰ ৰিজাল্টৰ বৰ বিশেষ ভেল্যু নাই। ল’ৰা-ছোৱালীবিলাকে পাছ কৰিছে মই সিহঁতক এটাই কথা ক'ম যে পৰীক্ষা হোৱা নাই, কিন্তু পাছ কৰিছে, উচ্চতৰ মাধ্যমিকৰ বছৰ দুটা যাতে ভালকৈ পঢ়া-শুনা কৰে। এই ৰিজাল্টৰ চৰকাৰী ভেল্যু আছে কিন্তু ছাত্ৰ-ছাত্ৰীৰ আত্মাৰ ফালৰ পৰাটো একো ভেল্যু নাই। কিয়নো যিজন ছাত্ৰ বা ছাত্ৰীয়ে পাব লাগিছিল ৭০ নম্বৰ, পালে ১০০ নম্বৰ। গতিকে এই ৰিজাল্টক লৈ আত্মসন্তুষ্টি নলৈ, দুখ বা সুখ নকৰি তেওঁলোকে উচ্চতৰ মাধ্যমিকৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষত যাতে খুব মনোযোগেৰে পঢ়ে, তাৰবাবে মই ছাত্ৰ-ছাত্ৰীসকলক অনুৰোধ জনাইছোঁ।”
Published by: Manjumoni Borah
First published: July 30, 2021, 5:16 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি