তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে ২০২৩-২৪ শিক্ষাবৰ্ষৰ বাবে বিশ্ববিদ্যালয়ৰ অধীনৰ বিভিন্ন পাঠ্যক্ৰম যেনে পি.এইচ.ডি.(Ph.D.), স্নাতকোত্তৰ (PG) আৰু বি.টেক (Lateral Entry) আদিত নামভৰ্তিৰ বাবে বিশ্ববিদ্যালয়ৰ নিজা প্ৰৱেশ পৰীক্ষা – Tezpur University Entrance Examination (TUEE) – অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰিছে ৷ যোৱা ২৪ মাৰ্চত গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদ মেল সম্বোধন কৰি তেজপুৰ বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা কোষে সদৰি কৰে এই কথা।

উল্লেখযোগ্য যে, এই পাঠ্যক্ৰমসমূহত নামভৰ্তিৰ বাবে এক বিশেষ নামভৰ্তি পৰ্টেল (
https://www.tezuadmissions.in/public/) যোৱা ২৪ মাৰ্চৰ পৰা মুকলি কৰা হৈছে৷ বিশ্ববিদ্যালয়খনৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে Central University Entrance Test (UG) 2023 ৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ বাছনি কৰা হ’ব আৰু বৰ্তমান CUET পৰ্টেলৰ জৰিয়তে আবেদন প্ৰক্ৰিয়া ইতিমধ্যে অব্যাহত আছে। CUET পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলেহে স্নাতক (UG) পাঠ্যক্ৰমসমূহৰ বাবে নামভৰ্ত্তি কৰিব পাৰিব।
তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা (TUEE) সুকলমে সম্পন্ন কৰাৰ বাবে উত্তৰ-পূব ভাৰতৰ প্ৰতিখন ৰাজ্যকে ধৰি ভাৰতৰ বিভিন্ন গুৰুত্বপূৰ্ণ চহৰত ২৩ টা পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা হ’ব য’ত আবেদনকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে OMR ভিত্তিক লিখিত পৰীক্ষা বা
বৰ্ণনাত্মক পৰীক্ষা অনুষ্ঠিত কৰা হ’ব।
আনহাতে, B.Tech. পাঠ্যক্ৰমৰ প্ৰাৰ্থীসকলক JEE (Mains) - ২০২৩ চনৰ Common Rank List (CRL)ৰ ভিত্তিত বাছনি কৰা হ’ব। উল্লেখ্য যে, B.Tech. পাঠ্যক্ৰমসমূহৰ মুঠ আসনৰ ৬০% উত্তৰ-পূব ভাৰতীয় ৰাজ্যসমূহৰ স্থায়ী বাসিন্দাসকলৰ বাবে সংৰক্ষিত কৰা হৈছে। উত্তৰ-পূব ভাৰতৰ আগশাৰীৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালৰ অভিযান্ত্ৰিক, বিজ্ঞান, ব্যৱস্থাপনা আৰু মানৱবিজ্ঞান ও সমাজ বিজ্ঞান শাখা (School)ৰ অধীনত বিভিন্ন পি.এইচ.ডি., স্নাতকোত্তৰ (পি.জি.), স্নাতকোত্তৰ ডিপ্লমা আৰু স্নাতক ডিগ্ৰী প্ৰদান কৰা হয়।
উল্লেখযোগ্য যে, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদৰ (NAAC) পৰা A+ গ্ৰেড লাভ কৰা উত্তৰ-পূব ভাৰতৰ ভিতৰতে একমাত্ৰ বিশ্ববিদ্যালয়।
Published by: Subham Goswami
FIRST PUBLISHED : March 26, 2023, 00:18 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।