• Home
  • »
  • News
  • »
  • career
  • »
  • TCS Recruitment 2022: টাটা কনছালটেন্সী ছাৰ্ভিচেছত প্ৰচূৰ চাকৰি! কিদৰে কৰিব আবেদন জানি লওক

TCS Recruitment 2022: টাটা কনছালটেন্সী ছাৰ্ভিচেছত প্ৰচূৰ চাকৰি! কিদৰে কৰিব আবেদন জানি লওক

আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে ২০ এপ্ৰিল ২০২২ৰ পৰা। অনলাইন আবেদন কৰিব লাগিব।

আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে ২০ এপ্ৰিল ২০২২ৰ পৰা। অনলাইন আবেদন কৰিব লাগিব।

আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে ২০ এপ্ৰিল ২০২২ৰ পৰা। অনলাইন আবেদন কৰিব লাগিব।

  • Share this:
সম্প্ৰতি টাটা কনচালটেন্সী ছাৰ্ভিচেছৰ ফালৰ পৰা এক বিজ্ঞপ্তি জাৰি কৰি টিচিএছ এটলাছ প্ৰগ্ৰামৰ জৰিয়তে প্ৰাৰ্থী নিয়োগৰ আবেদনপত্ৰ গ্ৰহণৰ কাম আৰম্ভ কৰিছে। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে শীঘ্ৰে আবেদন কৰিব পাৰে। এই বিশেষ অধিক জানিবলৈ প্ৰাৰ্থীসকলে টাটা কনচালটেন্সী ছাৰ্ভিচেছৰ ৱেবছাইটত গৈ চাব পাৰে।

প্ৰকাশিত বিজ্ঞপ্তি অনুসৰি, আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে ২০ এপ্ৰিল ২০২২ৰ পৰা। অনলাইন আবেদন কৰিব লাগিব। প্ৰাৰ্থীয়ে প্ৰতিষ্ঠানৰ অফিচিয়েল ৱেবছাইটত আবেদনপত্ৰ লাভ কৰিব পাৰিব। এই সংক্ৰান্তীয় কোনো সালসলনি থাকিলে প্ৰাৰ্থীসকলক নটিচৰ জৰিয়তে জনোৱা হ’ব

এক দৃষ্টিট নিয়োগ সংক্ৰান্তীয় সম্পূৰ্ণ তথ্য : 

প্ৰতিষ্ঠান : টাটা কনচালটেন্সী ছাৰ্ভিচেছ

পদৰ নাম : টিচিএছ এটলাছ প্ৰগ্ৰাম

খালী পদৰ সংখ্যা : জনোৱা হোৱা নাই

কামৰ স্থান : জনোৱা হোৱা নাই

কামৰ ধৰণ : জনোৱা হোৱা নাই

আবেদন প্ৰক্ৰিয়া আৰম্ভ : ২০.০৪.২০২২

আবেদন পদ্ধতি : অনলাইন

আবেদনৰ শেষ তাৰিখ : জনোৱা হোৱা নাই


TCS Recruitment 2022: যোগ্যতা

প্ৰাৰ্থীসকলৰ মেথামেটিক্স, ষ্টেটিষ্টিকছ আৰু ইক’নমিকছত পূৰ্ণকালীন মাষ্টাৰ্ছ ডিগ্ৰী থাকিব লাগিব। ইয়াৰ উপৰি দশম আৰু দ্বাদশ শ্ৰেণীত আৰু স্নাতক স্তৰত ৬০ শতাংশ বা তাৰ অধিক নম্বৰ থাকিব লাগিব।

TCS Recruitment 2022: বয়সৰ সীমা

প্ৰাৰ্থীৰ বয়স ১৮ৰ পৰা ২৮ বছৰৰ ভিতৰত হ’ব লাগিব।

TCS Recruitment 2022: অভিজ্ঞতা

যিসকল প্ৰাৰ্থীৰ ২ বছৰৰ কামৰ অভিজ্ঞতা আছে তেওঁলোকে আবেদন কৰিব পাৰে। ফ্ৰেছাৰসকলেও আবেদনৰ বাবে যোগ্য।

TCS Recruitment 2022: আবেদন পদ্ধতি

ষ্টেপ ১ : টিচিএছৰ অফিচিয়েল প’ৰ্টেল খুলিব লাগিব, ইয়াৰ পিছত https://nextstep.tcs.com/campus/#/ লিংকত ক্লিক কৰক।

ষ্টেপ ২ : প্ৰয়োজনীয় তথ্য প্ৰদান কৰি প্ৰাৰ্থীৰ নাম ৰেজিষ্ট্ৰেচন কৰিব লাগিব।

ষ্টেপ ৩ : ৰেজিষ্ট্ৰেচনৰ পিছত প্ৰাৰ্থীয়ে ৰেফাৰেন্স আইডি আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি লগইন কৰিব লাগিব।

ষ্টেপ ৪ : আবেদন পত্ৰ প্ৰয়োজনীয় তথ্য সহকাৰে পূৰণ কৰিব লাগিব

ষ্টেপ ৫ : প্ৰাৰ্থীসকলৰ ভৱিষ্যতৰ সুবিধাৰ্থে ফৰ্মৰ এটা কপি সংৰক্ষণ কৰি ৰাখিব পাৰে

ষ্টেপ ৬ : TCS Atlas Hiringৰ অফিচিয়েল পেজলৈ যাব লাগিব।

ষ্টেপ ৭ : ৰেফাৰেন্স আইডি লিখি প্ৰয়োজনীয় তথ্য পূৰণ কৰিব লাগিব।

ষ্টেপ ৮ : শেষত TCS Atlas Hiringৰ পেজত বিশদ বিৱৰণ দিয়াৰ পিছত আবেদন প্ৰক্ৰিয়া সম্পন্ন হ’ব।

Published by:Sanjay Kumar Das
First published: