• Home
  • »
  • News
  • »
  • career
  • »
  • Life Struggle : দৈনিক ১০ টকা মজুৰী পোৱা শ্ৰমিকৰ পুত্ৰই কিদৰে থিয় কৰালে ২০০০ কোটি টকাৰ কোম্পানী, মাত্ৰ ৫০,০০০ টকাৰে আৰম্ভ কৰিছিল এই ব্যৱসায়

Life Struggle : দৈনিক ১০ টকা মজুৰী পোৱা শ্ৰমিকৰ পুত্ৰই কিদৰে থিয় কৰালে ২০০০ কোটি টকাৰ কোম্পানী, মাত্ৰ ৫০,০০০ টকাৰে আৰম্ভ কৰিছিল এই ব্যৱসায়

Life Struggle : আজি আমি আপোনালোকক এনে এজন ব্যক্তিৰ কাহিনী ক'ম যি কেতিয়াবা দুসাজ খাবলৈও পোৱা নাছিল। কিন্তু আজি তেওঁ কঠোৰ পৰিশ্ৰমৰ বলত ২০০০ কোটি টকাৰ কোম্পানীৰ মালিক।

Life Struggle : আজি আমি আপোনালোকক এনে এজন ব্যক্তিৰ কাহিনী ক'ম যি কেতিয়াবা দুসাজ খাবলৈও পোৱা নাছিল। কিন্তু আজি তেওঁ কঠোৰ পৰিশ্ৰমৰ বলত ২০০০ কোটি টকাৰ কোম্পানীৰ মালিক।

Life Struggle : আজি আমি আপোনালোকক এনে এজন ব্যক্তিৰ কাহিনী ক'ম যি কেতিয়াবা দুসাজ খাবলৈও পোৱা নাছিল। কিন্তু আজি তেওঁ কঠোৰ পৰিশ্ৰমৰ বলত ২০০০ কোটি টকাৰ কোম্পানীৰ মালিক।

  • Share this:
আজি আমি আপোনালোকক এনে এজন ব্যক্তিৰ কাহিনী ক'ম যি শৈশৱৰ পৰা যৌৱনলৈ এদিনত দুসাজ আহাৰ খাবলৈ পোৱা নাছিল, কিন্তু আজি তেওঁ  কঠোৰ পৰিশ্ৰম আৰু অধ্যাৱসায়ৰ বলত ২০০০ কোটি টকাৰ কোম্পানীৰ স্বত্বাধিকাৰী হিচাপে নিজক প্ৰতিস্থা কৰিছে। আমি মুস্তাফা পিচি (Musthafa PC)ৰ কথা কৈছোঁ। মুস্তাফা পিচিৰ জন্ম কেৰালাৰ এখন অতি পিছ পৰা গাঁৱত হৈছিল। তেওঁৰ দেউতাক এজন দিন হাজিৰা কৰা শ্ৰমিক আছিল যি মাত্ৰ এদিনত ১০টকাহে  উপাৰ্জন কৰিছিল। তেওঁ নিজে শিক্ষিত নাছিল, কিন্তু নিজৰ সন্তানক শিক্ষিত কৰাৰ সপোন দেখিছিল।

সোমবাৰে প্ৰকাশিত হিউমেনছ অৱ বম্বে (Humans of Bombay)ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মুস্তাফাই কয়, "আমাৰ দৈনিক উপাৰ্জন কোনোমতে ১০ টকা আছিল। আমি দৈনিক তিনিবাৰ খোৱাৰ কথা ভাবিবও পৰা নাছিলো। মই ক'ম, 'শিক্ষাতকৈ খাদ্য এতিয়াও অধিক গুৰুত্বপূৰ্ণ।''

মুস্তাফা পিচি আইডি ফ্ৰেছ ফুডৰ CEO

আইডি ফ্ৰেছ ফুডৰ মুখ্য কাৰ্যবাহী বিষয়া মুস্তাফা পিচিয়ে (Musthafa PC, CEO of iD Fresh Food) কৈছিল যে এজন শিক্ষকৰ বদান্যতাৰ বাবে তেওঁ বিনামূলীয়াকৈ অধ্যয়ন কৰাৰ সুযোগ পাইছিল। যেতিয়া তেওঁৰ কলেজলৈ যোৱাৰ সময় হৈছিল, তেতিয়া তেওঁৰ শিক্ষকসকলে তেওঁৰ মাচুল পৰিশোধ কৰাৰ দায়িত্ব লৈছিল। ভাল বেতনৰ চাকৰি থকা স্বত্বেও, মুস্তাফা সদায় নিজৰ ব্যৱসায় আৰম্ভ কৰিবলৈ আগ্ৰহী আছিল। মুস্তাফাই পিছত ৰেডি-টু-ইট খাদ্য নিৰ্মাতা আইডি ফ্ৰেছ ফুড প্ৰতিষ্ঠা কৰে, যিয়ে হাজাৰ হাজাৰ যুৱক-যুৱতীক কৰ্ম সংস্থাপন দি ইডলি আৰু ডোচা বেটাৰ প্ৰস্তুত কৰে।

৫০,০০০ টকাৰে ব্যৱসায় আৰম্ভ কৰিছিল

মুস্তাফা পিচিয়ে প্ৰথমতে কোম্পানীটোত ৫০,০০০ টকা বিনিয়োগ কৰিছিল। তেওঁ ৫০ বৰ্গফুটৰ এটা পাকঘৰত গ্ৰাইণ্ডাৰ, মিক্সাৰ আৰু এটা ওজন জোখা যন্ত্ৰৰ সৈতে কাম কৰা আৰম্ভ কৰিছিল। 'প্ৰথমতে আমাক দিনে ১০০টা পেকেট বিক্ৰী কৰিবলৈ ৯ মাহতকৈও অধিক সময় লাগিছিল', মুস্তাফাই কয়। বহু বছৰ ধৰি কোম্পানীটোৱে যথেষ্ট সংগ্ৰাম কৰিছিল আৰু যথেষ্ট লোকচানৰো সন্মুখীন হৈছিল। এটা সময় আছিল যেতিয়া মুস্তাফাই কৰ্মচাৰীসকলক দৰমহাও দিব নোৱাৰিছিল।

এতিয়া এটা ২০০০ কোটি টকাৰ কোম্পানী

আইডি ফ্ৰেছ ফুড বৰ্তমান ২০০০ কোটি  টকাৰ কোম্পানী হৈ পৰিল। ইয়াৰ আগতে, মাত্ৰ ৫,০০০ কিলোগ্ৰাম চাউলৰ পৰা ১৫,০০০ কিলোগ্ৰাম ইডলিৰ মিশ্ৰণ প্ৰস্তুত কৰা হৈছিল আৰু আজি কোম্পানীটোৱে শ শ খাদ্যৰ দোকান আৰু মেট্ৰ' চহৰত মিশ্ৰণতকৈ চাৰিগুণ বেছি ইডলি বিক্ৰী কৰি আছে। মুস্তাফাক দেশত ব্ৰেকফাষ্ট কিং বুলি জনা যায়। এই প্ৰতিষ্ঠানটোৰ ২০১৫-২০১৬ বৰ্ষত বাৰ্ষিক টাৰ্ণ অ'ভাৰ আছিল প্ৰায় ১০০ কোটি টকা। ২০১৭-১৮ বৰ্ষত, ই ১৮২ কোটি টকালৈ বৃদ্ধি পায়। আইডি ফ্ৰেছ ফুডে ২৯৪ কোটি  টকাৰ ৰাজহৰ সৈতে ২০১৯ বৃত্তীয় বৰ্ষ সমাপ্ত কৰিবলৈ সক্ষম হৈছিল। প্ৰতিষ্ঠানটো এতিয়া ২০০০ কোটি টকা মূলধনৰ অধিকাৰী।
Published by:Manjumoni Borah
First published: