உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • career
    • »
    • Railway Recruitment 2021| ৰে’ল বিভাগত ১৭৮৫টা পদ খালী! আজিয়ে কৰক আবেদন

    Railway Recruitment 2021| ৰে’ল বিভাগত ১৭৮৫টা পদ খালী! আজিয়ে কৰক আবেদন

    এই বিষয়ে অধিক জানিবলৈ প্ৰাৰ্থীসকলে RRC ছাউথ ইষ্টাৰ্ণ ৰে’লৱেৰ অফিচিয়েল ৱেবছাইট rrcser.co.in লৈ গৈ চাব পাৰে।

    এই বিষয়ে অধিক জানিবলৈ প্ৰাৰ্থীসকলে RRC ছাউথ ইষ্টাৰ্ণ ৰে’লৱেৰ অফিচিয়েল ৱেবছাইট rrcser.co.in লৈ গৈ চাব পাৰে।

    এই বিষয়ে অধিক জানিবলৈ প্ৰাৰ্থীসকলে RRC ছাউথ ইষ্টাৰ্ণ ৰে’লৱেৰ অফিচিয়েল ৱেবছাইট rrcser.co.in লৈ গৈ চাব পাৰে।

    • Share this:
    সম্প্ৰতি ছাউথ ইষ্টাৰ্ণ ৰে’লৱে (South Eastern Railway)ৰ ফালৰ পৰা এক বিজ্ঞপ্তি জাৰি কৰি এপ্ৰেণ্টিচ নিয়োগৰ বাবে আবেদন পত্ৰ গ্ৰহণৰ কাম আৰম্ভ কৰিছে। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে শীঘ্ৰে আবেদন কৰিব পাৰে। এই বিষয়ে অধিক জানিবলৈ প্ৰাৰ্থীসকলে RRC ছাউথ ইষ্টাৰ্ণ ৰে’লৱেৰ অফিচিয়েল ৱেবছাইট rrcser.co.in লৈ গৈ চাব পাৰে।

    প্ৰকাশিত বিজ্ঞপ্তিৰ তথ্য অনুসৰি, বৰ্তমান আবেদন প্ৰক্ৰিয়া চলি আছে। প্ৰাৰ্থীসকলে ১৪ ডিচেম্বৰ, ২০২১ পৰ্যন্ত আবেদনপত্ৰ জমা দিব পাৰিব। আবেদন পত্ৰ জমা দিব লাগিব অনলাইনত। প্ৰাৰ্থীসকলে প্ৰতিষ্ঠানৰ অফিচিয়েল ৱেবছাইটত আবেদন পত্ৰ পাব। এই সম্পৰ্কীয় কোনো সালসলনি থাকিলে জাননিযোগে প্ৰাৰ্থীসকলক অৱগত কৰা হ’ব। নটিফিকেচন লিংক : https://www.rrcser.co.in/pdf/act_2122.pdf
     খালী পদৰ সংখ্যা :

    প্ৰতিষ্ঠানৰ ফালৰ পৰা এতিয়ালৈ মুঠ ১৭৮৫টা শালী পদ আছে বুলি জনোৱা হৈছে।


    সম্পূৰ্ণ তথ্য :





    প্ৰতিষ্ঠান ছাউথ ইষ্টাৰ্ণ ৰে’লৱে (South Eastern Railway)
    পদৰ নাম এপ্ৰেণ্টিচ
    খালী পদৰ সংখ্যা ১৭৮৫
    কামৰ স্থান ছাউথ ইষ্টাৰ্ণ ৰে’লৱে
    কামৰ ধৰণ ট্ৰেইনিং সংক্ৰান্তীয়
    নিৰ্বাচন পদ্ধতি জনোৱা হোৱা নাই
    আবেদন প্ৰক্ৰিয়া আৰম্ভ চলি আছে
    শিক্ষাগত অৰ্হতা ৫০ শতাংশ নম্বৰসহ মেট্ৰিকুলেচন উত্তীৰ্ণ আৰু NCVTৰ দ্বাৰা জাৰি কৰা আইটিআই চাৰ্টিফিকেট
    বেতন জনোৱা হোৱা নাই
    আবেদন পদ্ধতি অনলাইন
    আবেদনৰ শেষ দিন ১৪.১২.২০২১

    আবেদনৰ যোগ্যতা :

    উল্লেখিত পদত আবেদনৰ বাবে প্ৰাৰ্থীসকলে ৫০ শতাংশ নম্বৰসহ মেট্ৰিকুলেচন উত্তীৰ্ণ হ’ব লাগিব। ইয়াৰ উপৰি NCVTৰ দ্বাৰা ইছ্যু কৰা আইটিআই চাৰ্টিফিকেট থাকিব লাগিব।

    বয়সৰ সীমা :

    উল্লেখিত পদত আবেদনৰ বাবে প্ৰাৰ্থীৰ বয়স ১ জানুৱাৰী ২০২২ অনুসৰি সৰ্বোচ্চ ২৪ বছৰ আৰু সৰ্বনিম্ন ১৫ বছৰৰ ভিতৰত হ’ব লাগিব।

    আবেদনৰ মাচুল :

    সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীসকলৰ বাবে ১০০ টকা আবেদন মাচুল ধাৰ্য কৰা হৈছে। আনহাতে, এছটি, এছচি, মহিলা, শাৰীৰিক প্ৰতিবন্ধীসকলৰ বাবে কোনো মাচুল নালাগে। প্ৰাৰ্থীসকলে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, ইণ্টাৰনেট বেংকিং, ই–ৱালেটৰ জৰিয়তে আবেদন মাচুল জমা দিব পাৰিব।


    Published by:Sanjay Kumar Das
    First published: