অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবা (SEBA)ই ঘোষণা কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কোৰোণা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ছাাত্ৰ-ছাত্ৰীৰ পাঠ্যক্ৰমৰ বোজা হ্ৰাস কৰিবলৈ লৈছে জৰুৰী পদক্ষেপ। সেই অনুসৰি-
নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰম ৪০ শতাংশ হ্ৰাস কৰিলে ছেবাই।
সংশোধীত পাঠ্যক্ৰম ছেবাৰ ৱেব ছাইট www.sebaonline.org ত উপলব্ধ হ’ব।
২০১৯ বৰ্ষৰ তুলনাত ২০২১-২২ বৰ্ষৰ বাবে নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰম ৪০ শতাংশ হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে ছেবাই।
এপ্ৰিল মাহৰ তৃতীয় সপ্তাহৰ পৰাই ক'ভিড সংক্ৰমণৰ বাবে শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছে।
অনলাইন মাধ্যমেৰে পাঠ্যক্ৰম চলি আছিল যদিও বহু শিক্ষাৰ্থীয়ে বিভিন্ন কাৰণত এই পাঠ্যক্ৰমত অংশগ্ৰহণ কৰিব নোৱাৰিলে।
সেয়েহে এনে পৰিস্থিতিত ছেবাই ২০২১-২২ বৰ্ষৰ পাঠ্যক্ৰম হ্ৰাস কৰাৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিছে।
সংশোধিত পাঠ্যক্ৰম সংশ্লিষ্ট বিদ্যালয়সমূহৰ সকলো পৰিদৰ্শকক পিডিএফ (PDF)ত প্ৰদান কৰা হ’ব।
উল্লেখ্য যে এই ববৃতিত উল্লেখ কৰা মতে কোৰোণাৰ বাবে শিক্ষাৰ্থসকলে পাঠ্যক্ৰম শিকাৰ পৰা বঞ্চিত হোৱাৰ লগতে পাঠ্ঠক্ৰম সম্পূৰ্ণ কৰোৱাত শিক্ষকসকলো বিপদত পৰা বাবেই এই সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰিছে।
Published by: Manjumoni Borah
First published: September 02, 2021, 21:37 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|