কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডৰ কেন্দ্ৰীয় শিক্ষক যোগ্যতা পৰীক্ষা (চিটিইটি) ২০২২ ৰ আবেদন প্ৰক্ৰিয়া আজি অৰ্থাৎ ৩১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব। CTET 2022 ত অৱতীৰ্ণ হ'বলৈ ইচ্ছুক প্ৰাৰ্থীসকলে অফিচিয়েল ৱেবছাইট
ctet.nic.in ত গৈ আবেদন কৰিব লাগিব। CTET 2022 ৰ বাবে আবেদন কৰাৰ শেষ তাৰিখ ২৪ নৱেম্বৰ ২০২২। আনহাতে, আবেদন মাচুল ২৫ নৱেম্বৰলৈকে জমা কৰিব পাৰিব।
CTET 2022 ৰ বাবে আবেদন মাচুল
সাধাৰণ আৰু অন্যান্য পিছপৰা জাতিৰ প্ৰাৰ্থী (এখন পেপাৰ) ১০০০ টকা
সাধাৰণ আৰু অন্যান্য পিছপৰা জাতিৰ প্ৰাৰ্থী (দুয়োখন পেপাৰ) – ১২০০ টকা
অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু দিব্যাং (এখন পেপাৰ) - ৫০০ টকা
অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু দিব্যাং (দুয়োখন পেপাৰ) - ৬০০ টকা
প্ৰয়োজনীয় যোগ্যতা
CTET ৰ বাবে আবেদন কৰিব বিচৰা প্ৰাৰ্থীৰ শৈক্ষিক অৰ্হতা B.Ed বা D.El Ed হ'ব লাগিব। CTET ৰ পাঠ্যক্ৰম, ভাষা, আবেদনৰ যোগ্যতাকে ধৰি অন্যান্য সবিশেষ বিশদভাৱে প্ৰকাশ পোৱাৰ পিছত বিতংভাৱে উপলব্ধ হ’ব।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|