India Post Recruitment 2021:ডাক বিভাগে সমগ্ৰ দেশতে বাম্পাৰ ভেকেঞ্চী জাৰি কৰিছে। যাৰ বাবে দশম আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ যোগ্যতা নিৰ্ধাৰণ কৰা হৈছে। চাকৰিত মকৰল হবলৈ কোনো ধৰণৰ পৰীক্ষা দিয়াৰো প্ৰয়োজন নাথাকিব। বৰ্তমান দিল্লী, উত্তৰ প্ৰদেশ আৰু জম্মু-কাশ্মীৰ পোষ্টেল চাৰ্কোলৰ বাবে বিজ্ঞাপন জাৰি কৰা হৈছে।
India Post GDS Recruitment 2021: উত্তৰ প্ৰদশ-
ডাক বিভাগে জাৰি কৰা অধিসূচনা অনুসৰি উত্তৰ প্ৰদেশ পোষ্টেল চাৰ্কোলৰ বাবে পোষ্টমেন, পোষ্টেল এচিচটেণ্ট, মাল্টিটাস্কিং ষ্টাফৰ পদ খালী হৈছে। আবেদন কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীসকলে www.indiapost.gov.in ৱেবচাইটত ভিজিট কৰিব লাগিব।
দিল্লীতো চৰকাৰী চাকৰিৰ সন্ধানত থকা সকলৰ বাবে আকৰ্ষণীয় সুযোগ। ভাৰতীয় ডাক বিভাগত বিভিন্ন খালী পদত আবেদনৰ বাবে জাৰি কৰা হৈছে বিজ্ঞাপন। এই পদসমূহত স্পৰ্টচ কোটাৰ অধীনত পোষ্টেল এচিচটেণ্ট, চাটিং এচিচটেণ্ট, পোষ্টমেন আৰু MTS পোষ্ট আছে।
ভাৰতীয় ডাক বিভাগত সৰ্বমুঠ ২২১ পদৰ বিজ্ঞাপন প্ৰকাশ কৰা হৈছে। প্ৰাৰ্থীসকলে অফলাইন আবেদন কৰিব লাগিব।
Delhi Postal Circle Recruitment 2021:
পোষ্টেল এচিচটেণ্ট- ৭২
পোষ্টমেন- ৯০
এমটিএছ- ৫৯
শিক্ষাগত অৰ্হতাঃ
- পোষ্টেল এচিচটেণ্টঃ প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ'ব লাগিব।
- পোষ্টমেনঃ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ, স্থানীয় ভাষা আৰু হিন্দী ভাষা জানিব লাগিব। দশম শ্ৰেণী পৰ্যন্ত হিন্দী পঢ়া হ'ব লাগিব।
- MTS: দশম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব।
দৰমহা-
- পোষ্টেল এচিচটেণ্টঃ ২৫,৫০০ৰ পৰা ৮১,০০০ টকা পৰ্যন্ত।
- চেটিংগ এচিচটেণ্টঃ ২১,৭০০ৰ পৰা ৫৯,১০০ টকা পৰ্যন্ত।
- মাল্টি টাস্কিং ষ্টাফঃ ১৮,০০০ টকাৰ পৰা ৫৬,৯০০ টকা।
কিদৰে হ'ব চিলেকশ্যনঃ
শিক্ষাগত অৰ্হতা অনুসৰি নিৰ্বাচিত কৰা হ'ব।
কিদৰে কৰিব লাগিব আবেদনঃ
অফলাইন আবেদন প্ৰক্ৰিয়া। www.indiaposi.gov.in ৰ পৰা ফৰ্ম ডাউনলোড কৰি নিৰ্দিষ্ট ডকুমেণ্টৰ সৈতে জমা দিব লাগিব।
ঠিকনাঃ The AD (Recrtt.), O/o CPMG, Delhi Circle, Meghadoot Bhawan, New Delhi – 110001
আবেদন পত্ৰ সমূহ ১২ নৱেম্বৰৰ ভিতৰত অফিচ পাব লাগিব।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|