মুখ্যপৃষ্ঠা » খবৰ

» কেৰিয়াৰ

»Assam Rifles Recruitment 2021: আছাম ৰাইফলছত চাকৰি ওলাইছে, দশম শ্ৰেণী উত্তীৰ্ণৰ পৰা কৰিব পাৰিব আৱেদন

Assam Rifles Recruitment 2021: আছাম ৰাইফলছত চাকৰি ওলাইছে, দশম শ্ৰেণী উত্তীৰ্ণৰ পৰা কৰিব পাৰিব আৱেদন

News18 Assam | News18-Assam
Updated:September 13, 2021, 2:38 PM IST
Assam Rifles Recruitment 2021: আছাম ৰাইফলছত চাকৰি ওলাইছে, দশম শ্ৰেণী উত্তীৰ্ণৰ পৰা কৰিব পাৰিব আৱেদন
এই পদসমূহৰ বাবে প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ডৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব। দ্বাদশ আৰু স্নাতক ডিগ্ৰীধাৰীসকলেও কৰিব পাৰে আবেদন।

এই পদসমূহৰ বাবে প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ডৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব। দ্বাদশ আৰু স্নাতক ডিগ্ৰীধাৰীসকলেও কৰিব পাৰে আবেদন।

  • News18 Assam
  • Last Updated: September 13, 2021, 2:38 PM IST
  • Share this:
Assam Rifles Recruitment 2021 : আছাম ৰাইফলছে টেকনিকেল আৰু ট্ৰেডমেনৰ পদ পূৰণৰ বাবে নটিফিকেচন জাৰি কৰিছে (Assam Rifles Recruitment 2021)। এই পদসমূহৰ বাবে ১১ ছেপ্টেম্বৰ ২০২১ৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। প্ৰাৰ্থীসকলে অফিচিয়েল ৱেবছাইট assamrifles.gov.inৰ জৰিয়তে আবেদন কৰিব পাৰে। আবেদনৰ অন্তিম তাৰিখ ২৫ অক্টোবৰ ২০২১। মুঠ ১২৩০টা পদ পূৰণৰ বাবে বিচৰা হৈছে আবেদন। অধিক তথ্যৰ বাবে প্ৰাৰ্থীসকলে অফিচিয়েল ৱেবছাইট চাব পাৰে।

শিক্ষাগত অৰ্হতা

এই পদসমূহৰ বাবে প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ডৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব। দ্বাদশ আৰু স্নাতক ডিগ্ৰীধাৰীসকলেও কৰিব পাৰে আবেদন।

বয়সৰ সীমা

এই পদসমূহৰ আবেদনৰ বাবে প্ৰাৰ্থীৰ ন্যূনতম বয়স ১৮ বছৰ আৰু ঊৰ্ধ্বতম বয়সৰ সীমা ২৩ বছৰ হ’ব লাগিব। প্ৰাৰ্থীৰ জন্ম ১ আগষ্ট ২০০৩ৰ পিছত আৰু ১ আগষ্ট ১৯৯৮ৰ আগত হ’ব নালাগিব।

বাছনি প্ৰক্ৰিয়া

এই পদসমূহৰ বাবে প্ৰাৰ্থীসকলে লিখিত পৰীক্ষা আৰু শাৰীৰিক পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। এই দুয়োটা পৰীক্ষাত সফল হ’লে প্ৰাৰ্থীক মেডিকেল টেষ্টৰ বাবে মতা হ’ব। তিনিওটা প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছত নথি–পত্ৰ পৰীক্ষণ হ’ব।

গুৰুত্বপূৰ্ণ তাৰিখ

আবেদন আৰম্ভ হোৱাৰ দিন – ১১ ছেপ্টেম্বৰ ২০২১

আবেদনৰ অন্তিম দিন – ২৫ অক্টোবৰ ২০২১

লিখিত পৰীক্ষা আৰু শাৰীৰিক পৰীক্ষা – ১ ডিচেম্বৰ ২০২১

অফিচিয়েল ৱেবছাইট – assamrifles.gov.in।
Published by: Sanjay Kumar Das
First published: September 13, 2021, 2:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি