মুখ্যপৃষ্ঠা » খবৰ

» কেৰিয়াৰ

»Sam Mattis : বিখ্যাত কোম্পানীৰ লোভনীয় চাকৰি প্ৰত্যাখ্যানৰ পৰা অলিম্পিকলৈ, আমেৰিকাৰ ছেম মেটিছৰ অনুকৰণীয় জীৱন সংগ্ৰাম!

Sam Mattis : বিখ্যাত কোম্পানীৰ লোভনীয় চাকৰি প্ৰত্যাখ্যানৰ পৰা অলিম্পিকলৈ, আমেৰিকাৰ ছেম মেটিছৰ অনুকৰণীয় জীৱন সংগ্ৰাম!

News18 Assam | News18-Assam
Updated:July 31, 2021, 9:42 PM IST
Sam Mattis : বিখ্যাত কোম্পানীৰ লোভনীয় চাকৰি প্ৰত্যাখ্যানৰ পৰা অলিম্পিকলৈ, আমেৰিকাৰ ছেম মেটিছৰ অনুকৰণীয় জীৱন সংগ্ৰাম!
Sam Mattis, USA

মেটিছে কয়, "যি কোনো এথলীটৰ কাৰণে খেলটোৱেই ফুল টাইম চাকৰি। টেকনিক শিকা, তাক প্ৰয়োগ কৰা আকৌ ব্যৰ্থতাৰ পৰা নিজক ওপৰলৈ তুলি নিয়া এইবোৰেই এথলীটৰ ফুল টাইম চাকৰি।"

  • Share this:
২০১৬ চনত আমেৰিকাৰ পেনছিলভিনীয়া বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত ডিগ্ৰী লৈ ওলাইছিল এজন মেধাৱী যুৱক। লগে লগে বিশ্বৰ এটা আগশাৰীৰ কোম্পানীয়ে অফাৰ দিছিল লোভনীয় দৰমহাৰ চাকৰিৰ। কিন্তু সেই যুৱকজন সাধাৰণ যুৱক নাছিল আৰু সেয়ে তেওঁ আজি টকিঅ' অলিম্পিকছত খেলিছে নিজ দেশৰ হৈ।

সেই ব্যতিক্ৰমী যুৱকজনৰ নাম হৈছে ছেম মেটিছ (Sam Mattis)। পেনছিলভিনীয়া বিশ্ববিদ্যালয়ৰ অধীনৰ হোৱাৰ্টন স্কুলৰ পৰা অৰ্থনীতিৰ ডিগ্ৰীধাৰী ছেমে প্ৰত্যাখ্যান কৰিছিল জেপি মৰ্গান (JPMorgan)ৰ দৰে বিখ্যাত কোম্পানীৰ লোভনীয় চাকৰি।

ছেম মেটিছ আছিল NCAA ডিছকাছ থ্ৰো চেম্পিয়ন আৰু সেয়ে ৱাল ষ্ট্ৰীটৰ আকৰ্ষণীয় চাকৰি এৰি মনোনিবেশ কৰিছিল খেলত। কিন্তু ২০১৫ চনত NCAAৰ চেম্পিয়ন নোহোৱালৈ এই কথা মনলৈ অহাই নাছিল ছেম মেটিছৰ। জয়ৰ পিছতহে চিন্তা কৰিছিল সচাকৈ খেলুৱৈ হোৱাৰ।

২৭ বছৰীয়া মেটিছৰ এতিয়া বিশ্ব ৰেংকিং হৈছে ১৬। এইবাৰ দেশৰ বাবে পদক জয়ৰ সপোন লৈ আহিছিল মেটিছ। কিন্তু মেটিছৰ এই যাত্ৰা ইমান মসৃণো নাছিল। NJ.comক জনোৱা মতে জেপি মৰ্গানৰ চাকৰি প্ৰত্যাখ্যান কৰি ডিছকাছ দলিয়াবলৈ বিভিন্ন কষ্টৰ সন্মুখীন হ'ব লগা হৈছিল। খৰচৰ জোৰা মাৰিবলৈ মেটিছে ফাৰ্মাছীৰ মাৰ্কেটিং আৰু লণ্ড্ৰী কোম্পানীৰ হৈও কাম কৰিছিল। ইমানেই নহয় কোৰোণা মহামাৰীৰ সময়ত নিবনুৱা ভাট্টা লৈ জীয়াই আছিল ছেম মেটিছ। এই সময়ত মেটিছক সকাহ দিছিল ১২ হাজাৰ ডলাৰৰ আমেৰিকাৰ ট্ৰেক এণ্ড ফিল্ডৰ এক ষ্টাইপেনে যিটো সকলোৱে লাভ কৰাটো সহজ নাছিল। কিন্তু ইমানৰ পিছতো ৱাল ষ্ট্ৰীটৰ দামী কোম্পানীসমূহৰ দুৱাৰমুখলৈ উভতি যোৱা নাছিল মেটিছ, কাৰণ মেটিছৰ লক্ষ্য আছিল টকিঅ' অলিম্পিকছ।

মেটিছে কয়, "মাত্ৰ এবাৰেই আপুনি এনে ধৰণৰ এটা কাম কৰিব লগা হয়, লাগিলে তাৰ পৰিণতি যিয়েই নহওক; মই সুখী যে মই মোৰ পছন্দ মতে এটা সিদ্ধান্ত লৈছিলোঁ আৰু ধনীবোৰকেই ধনী বনোৱাতকৈ কিছু হ'লেও সেই আশা পুৰণ কৰিব পাৰিছোঁ।"

সৰুৰে পৰাই আৰ্থিক টনা-টনিৰ মাজেৰে ডাঙৰ হোৱা মেটিছে ২০১৬ৰ পৰা ২০২১লৈ এই ৫ বছৰত যেতিয়াই যি সুবিধা পায় তাকেই কৰিছিল, অতিৰিক্ত টকাৰ কাৰণে। মাৰ্কেটিঙৰ উপৰি কেতিয়াবা টিউচন কৰিছিল মেটিছে। আনকি খৰচ কমাবলৈ থাকিছিল সাধাৰণ ঘৰত, ছুপাৰমাৰ্কেটত বস্তু নিকিনি চিধাই খেতিপথাৰৰ পৰা পাচলি কিনিছিল, সৰু দোকানৰ পৰা গেলামাল কিনিছিল। এই সময়ত মেটিছৰ বছৰেকীয়া আয় ভাৰতীয় টকাৰ হিচাপত ডেৰ লাখৰ বেছি নাছিল। অলিম্পিকৰ বাবে সাজু হোৱা এজন খেলুৱৈৰ বাবে এই পৰিমণ তেনেই নগণ্য।

মেটিছে এটা অতি গুৰুত্বপূৰ্ণ কথা কয় CNBCৰ সৈতে হোৱা এক সাক্ষাৎকাৰত। তেওঁ কয়, "আমেৰিকাত তেওঁৰ দৰে এনে বহুত খেলুৱৈ আছে যি সকলে প্ৰশিক্ষণৰ লগতে ফুল টাইম চাকৰিও কৰি আছে। কিন্তু পাৰ্ট টাইম কৰা আৰু ফুল টাইম কৰাটোৱে খেলত বহুত পাৰ্থক্য আনি দিয়ে।" "আৰ্থিক বোজাটো মিলাই চলিব পাৰেলে ভাল" বুলি কয় মেটিছে।

মেটিছে কয়, "যি কোনো এথলীটৰ কাৰণে খেলটোৱেই ফুল টাইম চাকৰি। টেকনিক শিকা, তাক প্ৰয়োগ কৰা আকৌ ব্যৰ্থতাৰ পৰা নিজক ওপৰলৈ তুলি নিয়া এইবোৰেই এথলীটৰ ফুল টাইম চাকৰি। ইমানখিনি কৰাৰ পিছত আৰু এটা ৮-৯ ঘণ্টাৰ চাকৰি কৰাটো অসম্ভৱ।"

মেটিছে এইবাৰ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰি আৰ্জিছে ১০ হাজাৰ ডলাৰ, ভাৰতীয় টকাৰ হিচাপত প্ৰায় ৭ লাখ ৪৩ হাজাৰ টকা। তদুপৰি আমেৰিকাৰ অলিম্পিক ট্ৰায়েলত তৃতীয় স্থান দখল কৰি মেটিছে পাইছিল ৬ হাজাৰ ডলাৰ মানে প্ৰায় ৪ লাখ ৪৬ হাজাৰ টকা। মেটিছে কয় যে এই টকাখিনি টকিঅ' অলিম্পিকৰ পিছত ২০২৪ৰ অলিম্পিকৰ বাবে প্ৰশিক্ষণত ব্যৱহাৰ কৰিব পাৰিব।

মেটিছে শেষত আৰু কয় যে তেওঁ যদি অলিম্পিকৰ বাবে বাছনিও নহ'লহেঁতেন তেতিয়াও তেওঁৰ কোনো আক্ষেপ নাথাকিলহেঁতেন আৰু চাকৰি নকৰি যি দৰে আৰ্থিক সংগ্ৰামৰ মাজেৰে তেওঁ সময় পাৰ কৰিলে সেইবোৰ সদায় অমূল্য হৈয়েই থাকিব।

উল্লেখ্য যে শনিবাৰে অলিম্পিকৰ ফাইনেলত অষ্টম স্থানতে ক্ষান্ত থকিল ছেম মেটিছ। ছেম মেটিছলৈ ২০২৪ৰ অলিম্পিকৰ বাবে থাকিল শুভকামনা।
Published by: Manjumoni Borah
First published: July 31, 2021, 9:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি