২০১৯ৰ মাৰ্চ মাহতেই ৰে'লৱেৰ ১ লাখ ৩ হাজাৰ গ্ৰুপ ডিৰ পদত নিযুক্তিৰ বাবে বিজ্ঞাপন দিয়া হৈছিল।
২০১৯ৰ মাৰ্চ মাহতেই ৰে'লৱেৰ ১ লাখ ৩ হাজাৰ গ্ৰুপ ডিৰ পদত নিযুক্তিৰ বাবে বিজ্ঞাপন দিয়া হৈছিল।
ৰে'লৱে নিযুক্তি বোৰ্ড (RRB)ৰ গ্ৰুপ ডি (Group D)ৰ পৰীক্ষাৰ জাননী অচিৰেই প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। ২০১৯ৰ অক্টোবৰতেই অনুষ্ঠিত হ'ব লগা পৰীক্ষাটো সময়মতে অনুষ্ঠিত নহ'ল। পিছত কোৰোণাৰ কাৰণে এই পৰ্যন্ত স্থবিৰ হৈ আছে ৰে'লৱেৰ গ্ৰুপ ডিৰ পৰীক্ষা। RRB NTPC পৰীক্ষা সমাপ্ত হোৱাৰ পিছত গ্ৰুপ ডিৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।
২০১৯ৰ মাৰ্চ মাহতেই ৰে'লৱেৰ ১ লাখ ৩ হাজাৰ গ্ৰুপ ডিৰ পদত নিযুক্তিৰ বাবে বিজ্ঞাপন দিয়া হৈছিল। কিন্তু এতিয়ালৈ এই নিযুক্তিৰ বাবে পৰীক্ষাৰ দিন ঘোষণা কৰা হোৱা নাই। RRB NTPCৰ সপ্তম পৰ্যায়ৰ পৰীক্ষা ৩১ জুলাইত সমাপ্ত হ'ল। এনে পৰিপ্ৰেক্ষিতত বিভিন্ন বাতৰিত প্ৰকাশ পোৱা মতে অতি শীঘ্ৰে গ্ৰুপ ডিৰ পৰীক্ষাৰ তাৰিখ ঘোষণাৰ সম্ভাৱনা আছে। অৱশ্যে এই পৰ্যন্ত ৰে'লৱে ৰিক্ৰুইটমেণ্ট বোৰ্ডৰ তৰফৰ পৰা কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা নাই।
উল্লেখ্য যে তিনিটা পৰ্যায়ত হ'ব এই নিযুক্তি প্ৰক্ৰিয়া। প্ৰথমে লিখিত পৰীক্ষাৰ জৰিয়তে প্ৰাৰ্থীৰ বাছনি কৰা হ'ব। দ্বিতীয়তে শাৰীৰিক দক্ষতা পৰীক্ষা হ'ব আৰু তৃতীয়তে হ'ব মেডিকেল পৰীক্ষা আৰু নথি-পত্ৰৰ পৰীক্ষণ। এই সকলো স্তৰত উত্তীৰ্ণসকলেহে চুড়ান্ত বাছনিৰ জৰিয়তে নিযুক্তি লাভ কৰিব।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|