সাধাৰণ পাঠদানেই নহয় লেপটপ (Laptop)ৰ পৰা অণুবীক্ষণ (Microscope) যন্ত্ৰলৈকে লৈ আধুনিক শিক্ষা দি আছে পথৰৰ ওপৰৰ এইখন বিদ্যালয়ত। নাৰ্ছাৰী ৰাইমছৰ পৰা মাস্ক (Mask) পৰিধান আৰু হাত ধোৱাৰ মহত্বলৈ সকলো শিকায় নায়কে। গাঁওখনৰ ৬০ গৰাকী শিক্ষাৰ্থীক এনেদৰেই শিক্ষাদান কৰি আছে নায়কে। ভিডিঅ' চালেই গমা পোৱা যায় শিক্ষক নায়কৰ উদ্ভাৱনী শিক্ষা পদ্ধতিৰ কথা। এতিয়া নায়ক বিখ্যাত হৈ পৰিছে "বাট-পথৰ শিক্ষক" (Teacher of the Street) ৰূপে।
In a small tribal village on the eastern tip of India, an enterprising teacher has turned walls into blackboards and roads into classrooms https://t.co/e3gHHqpSr4 pic.twitter.com/MRIvpj1JUk
— Reuters India (@ReutersIndia) September 17, 2021
নায়কে কয় যে এই শিক্ষাৰ্থীসকলৰ অধিকাংশই প্ৰথম প্ৰজন্মৰ শিকাৰু আৰু তেওঁলোকৰ পিতৃ-মাতৃ দিন হাজিৰা কৰা শ্ৰমিক। সেয়ে বিদ্যালয় বন্ধৰ থকাৰ ফলত তেওঁলোকে চিৰদিনৰ বাবে সিক্ষা ব্যৱস্থাটোৰ পৰাই আঁতৰি যাব বুলি শংকা কৰি এই অভিনৱ শিক্ষাদান আৰম্ভ কৰিছিল নায়কে। এই সুন্দৰ আৰু প্ৰৰণাদায়ক বাতৰিটো প্ৰকাশ পাইছে ৰয়টাৰছ (Reuters India)ত ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|