• Home
  • »
  • News
  • »
  • career
  • »
  • Pariksha Pe Charcha: কি এই 'পৰীক্ষা পে চৰ্চা'? ১ এপ্ৰিলত প্ৰধানমন্ত্ৰীৰ বহু প্ৰত্যাশিত অনুষ্ঠান

Pariksha Pe Charcha: কি এই 'পৰীক্ষা পে চৰ্চা'? ১ এপ্ৰিলত প্ৰধানমন্ত্ৰীৰ বহু প্ৰত্যাশিত অনুষ্ঠান

Pariksha Pe Charcha: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Prime MInister Narendra Modi)য়ে বিগত ৫ বছৰে অনুষ্ঠিত কৰি আহিছে “পৰীক্ষাৰ পে চৰ্চা” (Pariksha Pe Charcha) শীৰ্ষক এক অনুষ্ঠানৰ ৷

  • Share this:
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Prime Minister Narendra Modi)য়ে বিগত ৫ বছৰে অনুষ্ঠিত কৰি আহিছে “পৰীক্ষাৰ পে চৰ্চা” (Pariksha Pe Charcha) শীৰ্ষক এক অনুষ্ঠানৰ ৷ ২০১৮ বৰ্ষত আৰম্ভ কৰা এই অনুষ্ঠানৰ এইবেলি পঞ্চম বৰ্ষ ৷ চলিত বৰ্ষৰ ১ এপ্ৰিলত অনুষ্ঠিত হব “পৰীক্ষা পে চৰ্চা” শীৰ্ষক এই অনুষ্ঠান ৷ য’ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বোধন কৰিব পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া ছাত্ৰ-ছাত্ৰীসকলক ৷

ছাত্ৰ-ছাত্ৰীৰ বহু প্ৰশ্নৰ উত্তৰ দিয়াৰ লগতে শিক্ষাৰ্থীৰে মত বিনিময় (Interaction With Students) কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ বিশেষকৈ পৰীক্ষাত কিদৰে সফল হব পাৰি তাৰ ওপৰত শিক্ষাৰ্থী সকলক প্ৰেৰণা যোগাব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷

উক্ত অনুষ্ঠানত অংশ ল’ব দেশৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে ৷ প্ৰধানমন্ত্ৰীৰ এই অনুষ্ঠান সকলো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক দেখুওৱাৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে (Dharmendra Pradhan) আহ্বান জনাইছে ৷

শিক্ষামন্ত্ৰীগৰাকীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই জাগীৰোডস্থিত কেন্দ্ৰীয় বিদ্যালয়তো প্ৰধানমন্ত্ৰীৰ এই বিশেষ অনুষ্ঠান লাইভ সম্প্ৰচাৰ দেখুওৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ যাৰ জৰিয়তে উপকৃত হব বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল ৷
Published by:Manjumoni Borah
First published: