মুখ্যপৃষ্ঠা » খবৰ

» কেৰিয়াৰ

»New Education Policy: ৪বছৰীয়া হোৱাৰ দিশে সকলো স্নাতক পাঠ্যক্ৰম ! দিল্লী বিশ্ববিদ্যালয়ে আৰম্ভ কৰিব পৰৱৰ্তী শিক্ষাবৰ্ষত...

New Education Policy: ৪বছৰীয়া হোৱাৰ দিশে সকলো স্নাতক পাঠ্যক্ৰম ! দিল্লী বিশ্ববিদ্যালয়ে আৰম্ভ কৰিব পৰৱৰ্তী শিক্ষাবৰ্ষত...

News18 Assam | News18-Assam
Updated:August 26, 2021, 11:13 AM IST
New Education Policy: ৪বছৰীয়া হোৱাৰ দিশে সকলো স্নাতক পাঠ্যক্ৰম ! দিল্লী বিশ্ববিদ্যালয়ে আৰম্ভ কৰিব পৰৱৰ্তী শিক্ষাবৰ্ষত...
New Education Policy: ২০২২-২৩ শিক্ষাবৰ্ষৰ পৰা দিল্লী বিশ্ববিদ্যালয়ৰ দ্বাৰা পৰিচালিত সকলো স্নাতক পাঠ্যক্ৰম চাৰি বছৰীয়া হ’ব আৰু স্নাতকোত্তৰ পৰ্যায়ত এম ফিলৰ পাঠ্যক্ৰম নাথাকিব । ইতিমধ্যে বিশ্ববিদ্যালয়ৰখনৰ একাডেমীক কাউঞ্চিলে (Academic Council) নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিত (National Education Policy) অনুমোদন প্ৰদান কৰিছে ।

New Education Policy: ২০২২-২৩ শিক্ষাবৰ্ষৰ পৰা দিল্লী বিশ্ববিদ্যালয়ৰ দ্বাৰা পৰিচালিত সকলো স্নাতক পাঠ্যক্ৰম চাৰি বছৰীয়া হ’ব আৰু স্নাতকোত্তৰ পৰ্যায়ত এম ফিলৰ পাঠ্যক্ৰম নাথাকিব । ইতিমধ্যে বিশ্ববিদ্যালয়ৰখনৰ একাডেমীক কাউঞ্চিলে (Academic Council) নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিত (National Education Policy) অনুমোদন প্ৰদান কৰিছে ।

  • Share this:
New Education Policy: ২০২২-২৩ শিক্ষাবৰ্ষৰ পৰা দিল্লী বিশ্ববিদ্যালয়ৰ দ্বাৰা পৰিচালিত সকলো স্নাতক পাঠ্যক্ৰম চাৰি বছৰীয়া হ’ব আৰু স্নাতকোত্তৰ পৰ্যায়ত এম ফিলৰ পাঠ্যক্ৰম নাথাকিব । ইতিমধ্যে বিশ্ববিদ্যালয়ৰখনৰ একাডেমীক কাউঞ্চিলে (Academic Council) নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিত (National Education Policy) অনুমোদন প্ৰদান কৰিছে । কাৰ্যকৰী উপাচাৰ্য পি চি যোশীয়ে সংবাদ মাধ্যমত জনোৱা মতে ৰাষ্ট্ৰীয় শিক্ষা  নীতিত অনুমোদন প্ৰদান কৰা হৈছে আৰু পৰৱৰ্তী শিক্ষা বৰ্ষৰ পৰা ইয়াক বিশ্ববিদ্যালয়ৰ সকলো পাঠ্যক্ৰমত প্ৰযোজ্য কৰা হ’ব । মতদানৰ যোগেদি গৃহীত হোৱা নতুন শিক্ষা নীতিৰ ১৬গৰাকীয়ে বিৰুদ্ধাচৰণ কৰা বুলিও মন্তব্য কৰে কাৰ্যকৰী উপাচাৰ্যগৰাকীয়ে । একাংশ সদস্যই ইয়াৰ এবছৰৰ ভিতৰতে কাৰ্য্যকৰীকৰণৰ বিৰোধিতা কৰিছিল ।

এই নতুন পদ্ধতিত শিক্ষাৰ্থীয়ে চাৰি বছৰীয়া পাঠ্যক্ৰমত ভিন্ন সময়ত প্ৰৱেশ কৰিব পাৰিব তথা ভিন্ন সময়ত ওলাই আহিবও পাৰিব । অৰ্থাৎ প্ৰথম বৰ্ষতে নামভৰ্তি কৰাটো বাধ্যতামূলক নহয় তথা চতুৰ্থ বৰ্ষলৈকে অধ্যয়ন কৰাটোও বাধ্যতামূলক নহয় । ইয়াৰ লগতে Academic Bank Credit ব্যৱস্থা থাকিব । এই ব্যৱস্থাৰ যোগেদি শিক্ষাৰ্থীয়ে যদি পাঠ্যক্ৰমৰ সময়ছোৱাত অন্য শিক্ষা অনুষ্ঠানৰ পৰা কিবা বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰিছে তেতিয়া তেওঁক অতিৰিক্ত পইণ্ট দিয়া হ’ব ।

এই পদ্ধতিৰ যোগেদি শিক্ষাৰ্থী সকলে মূল বিষয়টো নামভৰ্ত্তি হোৱা বিশ্ববিদ্যালয়খনত অধ্যয়ন কৰি পৰিপূৰক বিষয়সমূহ আন বিশ্ববিদ্যালয়ত পঢ়াৰ সুযোগ পাব । সমান্তৰালকৈ ব্যৱহাৰিক বিষয়সমূহৰ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ বাট মুকলি হ’ব ।

উল্লেখযোগ্য যে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ে প্ৰণয়ন কৰা নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি সমগ্ৰ দেশতে সকলো শিক্ষা প্ৰতিষ্ঠানত প্ৰযোজ্য হ’ব । নতুন শিক্ষা নীতি শিক্ষা ব্যৱস্থাৰ আমূল পৰিবৰ্তন অনাৰ উদ্দেশ্য আগত ৰাখি প্ৰস্তুত কৰা হৈছে । লগতে ভাৰতীয় পৰম্পৰা, বুৰঞ্জী আৰু প্ৰমূল্যবোধৰ এক আভাস দিয়াৰ প্ৰয়াস কৰা হ’ব নতুন নীতিৰ যোগেদি । শিক্ষাৰ্থীক ব্যৱহাৰিক দিশত শক্তিশালী কৰি নিয়োগ যোগ্য কৰাৰো কথা কোৱা হৈছে নতুন শিক্ষা নীতিত ।
Published by: Kokil Sarma
First published: August 26, 2021, 11:13 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি