New Education Policyৰ ভিতৰত ৩ হাজাৰ হাইস্কুলক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুললৈ উন্নীত কৰা হ'ব। ২০২২ চনৰ ভিতৰত এই পদক্ষেপ লোৱা হ'ব বুলি ঘোষণা কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Assam CM Himanta Biswa Sarma)। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত বিশ্ববিদ্যালয়ৰ সংখ্যাও বৃদ্ধি হ'ব বুলি প্ৰকাশ কৰে।
যোৰহাটৰ কলিয়াপানীত আইন মহাবিদ্যালয় স্থাপনক লৈ অনুষ্ঠিত হোৱা এক বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে এই কথা। ৰাজ্যত আৰু ৯ খন আইন মহাবিদ্যালয় হ'ব বুলিও কয় হিমন্ত বিশ্ব শৰ্মাই।
Under #NEP2020 3K High Schools will be upgraded to Sr Sec Schools by 2022. We'll also increase number of Universities in Assam.