মুখ্যপৃষ্ঠা »খবৰ »কেৰিয়াৰ »Reliance Foundation Scholarships: ৰিলায়েন্স ফাউণ্ডেচন স্ক'লাৰশ্বিপছৰ ২০২২-২৩ বৰ্ষৰ বাবে নিৰ্বাচিত ৫০০০ আণ্ডাৰগ্ৰেজুৱেট শিক্ষাৰ্থী

Reliance Foundation Scholarships: ৰিলায়েন্স ফাউণ্ডেচন স্ক'লাৰশ্বিপছৰ ২০২২-২৩ বৰ্ষৰ বাবে নিৰ্বাচিত ৫০০০ আণ্ডাৰগ্ৰেজুৱেট শিক্ষাৰ্থী

প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ নীতা আম্বানীৰ নেতৃত্বত ৰিলায়েন্স ফাউণ্ডেশ্যন হৈছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ দানশীল শাখা।

প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ নীতা আম্বানীৰ নেতৃত্বত ৰিলায়েন্স ফাউণ্ডেশ্যন হৈছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ দানশীল শাখা।

২০২২-২৩ বৰ্ষৰ বাবে ৫,০০০ গৰাকী শিক্ষাৰ্থী, যাৰ ভিতৰত ৫১% ছাত্ৰী, ৪,৯৮৪ খনতকৈও অধিক শিক্ষানুষ্ঠানত অধ্যয়ন কৰা প্ৰায় ৪০,০০০ আবেদনকাৰীৰ পৰা কঠোৰ বাছনি প্ৰক্ৰিয়াৰ জৰিয়তে নিৰ্বাচিত কৰা হৈছিল, য’ত যোগ্যতা পৰীক্ষা, দ্বাদশ শ্ৰেণীৰ নম্বৰ আৰু অন্যান্য যোগ্যতাৰ মাপকাঠী জড়িত আছিল।

  • Share this:
দেশৰ ২৭ খন ৰাজ্য আৰু ৪ খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫,০০০ গৰাকী প্ৰথম বৰ্ষৰ স্নাতক শিক্ষাৰ্থীক ২০২২-২৩ বৰ্ষৰ বাবে ৰিলায়েন্স ফাউণ্ডেচনৰ স্নাতক বৃত্তি প্ৰদান কৰা হ’ব, নিৰ্বাচিত শিক্ষাৰ্থীসকলে ২ লাখ টকা পৰ্যন্ত অনুদান লাভ কৰিব।

ৰিলায়েন্স ফাউণ্ডেচনৰ স্নাতক বৃত্তি যিকোনো অধ্যয়নৰ শাখাত থকা শিক্ষাৰ্থীক মেৰিট-কম-মিনছ ভিত্তিত প্ৰদান কৰা হয়। এই বছৰৰ বাবে নিৰ্বাচিত শিক্ষাৰ্থীসকল হৈছে অভিযান্ত্ৰিক/প্ৰযুক্তি, বিজ্ঞান, চিকিৎসা, বাণিজ্য, কলা, ব্যৱসায়/পৰিচালনা, কম্পিউটাৰ প্ৰয়োগ, আইন, শিক্ষা, আতিথ্য, স্থাপত্য আৰু অন্যান্য পেছাদাৰী ডিগ্ৰীৰ।

২০২২-২৩ বৰ্ষৰ বাবে ৫,০০০ গৰাকী শিক্ষাৰ্থী, যাৰ ভিতৰত ৫১% ছাত্ৰী, ৪,৯৮৪ খনতকৈও অধিক শিক্ষানুষ্ঠানত অধ্যয়ন কৰা প্ৰায় ৪০,০০০ আবেদনকাৰীৰ পৰা কঠোৰ বাছনি প্ৰক্ৰিয়াৰ জৰিয়তে নিৰ্বাচিত কৰা হৈছিল, য’ত যোগ্যতা পৰীক্ষা, দ্বাদশ শ্ৰেণীৰ নম্বৰ আৰু অন্যান্য যোগ্যতাৰ মাপকাঠী জড়িত আছিল।

কাৰ্যসূচীৰ অন্তৰ্নিহিত বৈচিত্ৰ্যক আৰু অধিক প্ৰতিফলিত কৰি এই ৰাউণ্ডত বৃত্তি প্ৰদানৰ বাবে ৯৯ জন বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীক নিৰ্বাচন কৰা হয়।

“শিক্ষাৰ সুবিধা সক্ষম কৰি ৰিলায়েন্স ফাউণ্ডেচন বৃত্তিয়ে যুৱক-যুৱতীসকলৰ সপোন পূৰণ কৰাৰ আশা কৰিছে। এইটো এটা বৈচিত্ৰময় শিক্ষাৰ্থী গোট কাৰণ তেওঁলোক বিভিন্ন অধ্যয়ন শাখাৰ, ভাৰতৰ প্ৰায় সকলো ৰাজ্যৰ পৰা আৰু ছাত্ৰী আৰু ছাত্ৰৰ সমান প্ৰতিনিধিত্ব আছে। আমি প্ৰতিজন নিৰ্বাচিত শিক্ষাৰ্থীক অভিনন্দন জনাইছো আৰু আমি নিশ্চিত যে তেওঁলোকে ভাৰতৰ অগ্ৰগতিত অৰিহণা যোগোৱাৰ লগতে নিজৰ বাবে এক শক্তিশালী ভৱিষ্যত গঢ়ি তুলিব।’- বুলি কয় ৰিলায়েন্স ফাউণ্ডেচনৰ মুখ্য কাৰ্যবাহী বিষয়া জগন্নাথ কুমাৰে।

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ দানশীল শাখা ৰিলায়েন্স ফাউণ্ডেচনে ডিচেম্বৰ মাহত ঘোষণা কৰিছিল যে তেওঁলোকে অহা ১০ বছৰত ৫০ হাজাৰ বৃত্তি প্ৰদান কৰিব। ১৯৯৬ চনৰ পৰা ধীৰুভাই আম্বানী বৃত্তি প্ৰায় ১৩,০০০ গৰাকী স্নাতক শিক্ষাৰ্থীক মেধা-কম-মিন্স ভিত্তিত প্ৰদান কৰা হৈছে, ইয়াৰে ২,৭২০ গৰাকী শিক্ষাৰ্থী আছিল বিশেষভাৱে সক্ষম লোক।

২০২২-২৩ বৰ্ষৰ বাবে নিৰ্বাচিত ৰিলায়েন্স ফাউণ্ডেচন স্নাতকোত্তৰ শিক্ষাৰ্থীৰ ঘোষণা জুলাই মাহত হোৱাৰ সম্ভাৱনা আছে। ৰিলায়েন্স ফাউণ্ডেচৰ পৰৱৰ্তী ৰাউণ্ডৰ স্নাতক বৃত্তি (২০২৩-২৪)ৰ বাবে আবেদনৰ আহ্বান অনাগত মাহত কৰা হ’ব বুলি এক প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে।

শেহতীয়া বাতৰি