মুখ্যপৃষ্ঠা » খবৰ

» কেৰিয়াৰ

»Meghalaya HSSLC Result : মেঘালয়ত টেক্সী চালকৰ পুত্ৰই দখল কৰিলে শীৰ্ষ স্থান, এটা কোঠাৰ ভাৰাঘৰত থাকে পৰিয়াল।

Meghalaya HSSLC Result : মেঘালয়ত টেক্সী চালকৰ পুত্ৰই দখল কৰিলে শীৰ্ষ স্থান, এটা কোঠাৰ ভাৰাঘৰত থাকে পৰিয়াল।

News18 Assam | News18-Assam
Updated:July 31, 2021, 1:38 AM IST
Meghalaya HSSLC Result : মেঘালয়ত টেক্সী চালকৰ পুত্ৰই দখল কৰিলে শীৰ্ষ স্থান, এটা কোঠাৰ ভাৰাঘৰত থাকে পৰিয়াল।
দেৱৰাজে মুঠ ৪৭৪ নম্বৰ লাভ কৰি বাণিজ্য বিভাগত মেঘালয়ৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছে।

দেৱৰাজে মুঠ ৪৭৪ নম্বৰ লাভ কৰি বাণিজ্য বিভাগত মেঘালয়ৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছে।

  • Share this:
দাৰিদ্ৰতা সফলতাৰ অন্তৰায় হ'ব নোৱাৰে সেই কথা পুনৰ প্ৰমাণ কৰিলে ছিলঙৰ এজন ছাত্ৰই। সদ্য ঘোষিত মেঘালয় উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা (HSSLC)ৰ ফলাফলত বাণিজ্য বিভাগত শীৰ্ষস্থান দখল কৰি এজন টেক্সী চালকৰ পুত্ৰই এই কথাকেই পুনৰ প্ৰতিয়মান কৰিলে। ছাত্ৰজন হৈছে টেক্সী চালক দেবুলাল নাগৰ পুত্ৰ দেৱৰাজ নাগে।

এটা কোঠালিৰ ভাৰাঘৰত পঢ়ি দেৱৰাজ নাগে অৰ্জন কৰিছে এই সাফল্য। লাবান বেংগলী বয়জ স্কুলত পঢ়া দেৱৰাজে যথেষ্ট আৰ্তিক অনাটনৰ মাজতো পঢ়াকেই শেষ লক্ষ্যৰূপে বান্ধি লৈছিল। দেৱৰাজে মুঠ ৪৭৪ নম্বৰ লাভ কৰি বাণিজ্য বিভাগত মেঘালয়ৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছে।

এই ফলাফলৰ বাবে দেৱৰাজে প্ৰথমেই পিতৃ-মাতৃক আৰু শিক্ষাগুৰুসকলক দিছে কৃতিত্ব।

উল্লেখ্য় যে ২২ বছৰ পূৰ্বে দেৱৰাজৰ পিতৃ দেবুলালে ছেলাৰ পৰা ছিলঙলৈ আহি জীৱীকাৰ বাবে টেক্সী চলাবলৈ আৰম্ভ কৰিছিল। আজিও টেক্সী চলাই পৰিয়ালটো পোহপাল দি আছে দেৱুলালে। কিন্তু কোৰোণাৰ বাবে যোৱা বছৰৰ পৰাই উপাৰ্জন একেবাৰে ভাল নহয়। দেবুলালে বিগত কেইবামাহো সপ্তাহত মাত্ৰ এদিনহে টেক্সী ভাৰা মাৰিব পাৰিছে। এদিনত ৮০০ বা ৯০০ টকাৰ উপাৰ্জনেৰে পৰিয়াল এটা চলে কেনেকৈ। তাৰ উপৰি মাহেকত ৫০০০ টকা দিব লাগে ঘৰৰ ভাৰা। এই সময়তে জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষাও আছিল দেৱৰাজৰ। তাৰ মাজতে সকলো বাধা বিঘিনি নেওচি শীৰ্ষত আৰোহণ কৰিলে দেৱৰাজে।

এতিয়া এনে ভাল ফলাফলৰ পিছত দেৱৰাজে প্তৃ-মাতৃৰ বোজা কমাবলৈ অচিৰেই কিবা উপায় কৰাৰ মন বান্ধিছে। ভৱিষ্যতে এগৰাকী ভাল চাৰ্টাৰ্ড একাউণ্টেণ্ট হোৱাৰ লক্ষ্য দেৱৰাজৰ। কিন্তু দেৱৰাজৰ পিতৃ-মাতৃ এতিয়াও শংকিত কেনেকৈ হ'ব দেৱৰাজৰ কলেজীয়া শিক্ষা।
Published by: Manjumoni Borah
First published: July 31, 2021, 1:38 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি