শেহতীয়াকৈ ইণ্ডিয়া পোষ্টে পোষ্টমেন (Postman), মেইল গাৰ্ড (Mail Guard) আৰু অন্যান্য পদৰ চাকৰিৰ বাবে আবেদন বিচাৰি জাননী জাৰি কৰিছে। ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। অধিক জানিবলৈ প্ৰাৰ্থীসকলে ভাৰতীয় ডাক (India Post) বিভাগৰ ৱেবছাইট চাব পাৰে।
India Post Recruitment 2022: খালী পদৰ সংখ্যা আৰু বিৱৰণIndia Postত এতিয়া মুঠ ৯৮ হাজাৰ ৮৩টা পদ খালী আছে আৰু এই খালী পদৰ বিপৰীতে নিযুক্তিৰ বিজ্ঞাপন জাৰি কৰা হৈছে। উল্লেখযোগ্য যে এই নিযুক্তিৰ জৰিয়তে দেশজুৰি মুঠ ২৩টা চক্ৰ বা চাৰ্কলৰ ডাকঘৰত খালী হোৱা পদ পূৰণ কৰা হ’ব।
এক দৃষ্টিত সম্পূৰ্ণ নিযুক্তিৰ তথ্য : নিযোগকাৰী সংস্থা: ইণ্ডিয়া পোষ্ট
পোষ্টৰ নাম
: পোষ্টমেন, মেইল গাৰ্ড আৰু অন্যান্য
খালী পদৰ সংখ্যা হৈছে ৯৮,০৮৩টা
পোষ্টমেনৰ খালী পদ- ৫৯,০৯৯টা
মেইল গাৰ্ডৰ খালী পদ- ১৪,৪৫টা
মাল্টি-টাস্কিং (MTS) পদ - ৩৭,৫৩৯টা
India Post Recruitment 2022: আবেদনৰ যোগ্যতা (Eligibility):আবেদনকাৰী দশম আৰু দ্বাদশ উত্তীৰ্ণ হ’ব লাগিব আৰু কম্পিউটাৰৰ দক্ষতা (Computer Skill) থাকিব লাগিব। প্ৰতিটো পদৰ বাবে যোগ্যতাৰ মাপকাঠী বেলেগ বেলেগ।
India Post Recruitment 2022: ৱয়সৰ সীমা (Age Limit)আবেদনকাৰীৰ বয়স ১৮ৰ পৰা ৩২ বছৰৰ ভিতৰত হ’ব লাগিব।
India Post Recruitment 2022: আবেদন পদ্ধতিপ্ৰতিটো পদৰ বাবে আবেদন প্ৰক্ৰিয়া অনলাইন (Online Apply) পদ্ধতিৰে হ'ব।
ইতিমধ্যে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু সেয়ে আপুনি পলম নকৰিব।
India Post Recruitment 2022: কেনেকৈ আবেদন কৰিব: India Postৰ অফিচিয়েল ৱেবছাইট indiapost.gov.inলৈ যাওক।
হোমপেজত গৈ নিযুক্তি লিংকত ক্লিক কৰক, পদটো বাছি লওক আৰু একাউণ্টত ছাইন আপ কৰক ।
ফৰ্মখন পূৰণ কৰক, ফৰ্ম জমা দিয়ক আৰু মাচুল জমা দিয়ক।
আবেদন পত্ৰ ডাউনলোড কৰিবলৈ ফৰ্মৰ পৰা এটা প্ৰিণ্ট আউট লওক ভৱিষ্যতে ব্যৱহাৰৰ বাবে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|