ইউজিচি–ডিএই কনছৰ্টিয়াম ফৰ ছায়েণ্টিফিক ৰিছাৰ্চ (UGC-DAE Consortium for Scientific Research)ৰ ফালৰ পৰা এক বিজ্ঞপ্তি জাৰি কৰি বিভিন্ন পদত নিয়োগৰ বাবে আবেদন পত্ৰ গ্ৰহণৰ কাম আৰম্ভ কৰিছে। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে শীঘ্ৰে আবেদন কৰিব পাৰে। এই বিষয়ে সবিশেষ জানিবলৈ প্ৰাৰ্থীসকলে প্ৰতিষ্ঠানৰ অফিচিয়েল ৱেবছাইট চাব পাৰে।
প্ৰকাশিত বিজ্ঞপ্তিৰ তথ্য অনুসৰি, বৰ্তমান আবেদন প্ৰক্ৰিয়া চলি আছে। প্ৰাৰ্থীসকলে আগন্তুক ৩০ অক্টোবৰ ২০২১ৰ ভিতৰত আবেদন পত্ৰ জমা দিব পাৰিব। আবেদন পত্ৰ পূৰণৰ পিছত সেয়া প্ৰেৰণ কৰিব লাগিব প্ৰতিষ্ঠানৰ ঠিকনালৈ। আবেদন পত্ৰ প্ৰেৰণৰ শেষ দিন ৮ নৱেম্বৰ ২০২১। প্ৰতিষ্ঠানৰ অফিচিয়েল ৱেবছাইটত আবেদন পত্ৰ উপলব্ধ হ’ব। তাৰিখৰ কোনো সালসলনি হ’লে সেয়া জাননীযোগে জনোৱা হ’ব।
খালী পদৰ সংখ্যা :
প্ৰতিষ্ঠানৰ ফালৰ পৰা মুঠ ৬টা খালী পদত আছে বুলি জনোৱা হৈছে।
খালী বদৰ বিস্তাৰিত বিৱৰণ :
জুনিয়ৰ ইঞ্জিনিয়াৰ |
১ |
পাৰ্ছনেল এছিষ্টেণ্ট |
৩ |
ষ্টেনো–টাইপিষ্ট |
১ |
এছিষ্টেণ্ট |
১ |
আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন ফিজ, বয়সৰ সীমা, শিক্ষাগত অৰ্হতা, বেতনক্ৰম আৰু আন বিষয়ে অধিক জানিব বিচাৰিলে এই লিংকত ক্লিক কৰক –
https://csr.res.in/news/advt-05-2021.pdf
সম্পূৰ্ণ তথ্য
প্ৰতিষ্ঠান |
ইউজিচি–ডিএই কনছৰ্টিয়াম ফৰ ছায়েণ্টিফিক ৰিছাৰ্চ (UGC-DAE CSR) |
পদৰ নাম |
জুনিয়ৰ ইঞ্জিনিয়াৰ, পাৰ্ছনেল এছিষ্টেণ্ট, ষ্টেনো–টাইপিষ্ট, এছিষ্টেণ্ট |
খালী পদৰ সংখ্যা |
৬ |
কামৰ স্থান |
জনোৱা হোৱা নাই |
কামৰ ধৰণ |
জনোৱা হোৱা নাই |
নিৰ্বাচন পদ্ধতি |
জনোৱা হোৱা নাই |
আবেদন প্ৰক্ৰিয়া |
চলি আছে |
শিক্ষাগত অৰ্হতা |
জনোৱা হোৱা নাই |
বেতন |
জনোৱা হোৱা নাই |
আবেদন পদ্ধতি |
অনলাইন |
আবেদনৰ শেষ তাৰিখ |
৩০–১০–২০২১/আবেদন প্ৰেৰণৰ শেষ দিন – ০৮–১১–২০২১ |
আবেদন মাচুল :
প্ৰাৰ্থীসকলে আবেদন পত্ৰৰ সৈতে ৫০০ টকা আবেদন মাচুল জমা দিব লাগিব। এছটি, এছচি আৰু বিশেষভাৱে সক্ষমসকলে আবেদন মাচুল দিব নালাগে।
এই পদত আবেদন কৰিব বিচৰা প্ৰাৰ্থীসকলে পোনে পোনে
https://recruit.csruserportal.com/ এই লিংক ব্যৱহাৰ কৰিব পাৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|