உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • career
    • »
    • SSB Recruitment 2021: ভাৰতীয় সেনাৰ হৈ কাম কৰাৰ একাধিক সুযোগ! কিদৰে কৰিব আবেদন, জানি লওক

    SSB Recruitment 2021: ভাৰতীয় সেনাৰ হৈ কাম কৰাৰ একাধিক সুযোগ! কিদৰে কৰিব আবেদন, জানি লওক

    আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে শীঘ্ৰে আবেদন কৰিব পাৰিব।

    আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে শীঘ্ৰে আবেদন কৰিব পাৰিব।

    আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে শীঘ্ৰে আবেদন কৰিব পাৰিব।

    • Share this:


    ভাৰতীয় সেনা (Indian Army)ৰ হৈ কাম কৰাৰ সুযোগ! সম্প্ৰতি জেনেৰেল ডিউটি মেডিকেল অফিচাৰ আৰু স্পেচিয়েলিষ্ট চিকিৎসকৰ নিয়োগ সম্পৰ্কীয় এক বিজ্ঞপ্তি জাৰি কৰিছে ভাৰতৰ সশস্ত্ৰ সীমা বল (Sashastra Seema Bal)–এ। সেইমৰ্মে প্ৰাৰ্থীসকলৰ সাক্ষাৎকাৰৰ তাৰিখ ঘোষণা কৰিছে SSB কৰ্তৃপক্ষই। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে শীঘ্ৰে আবেদন কৰিব পাৰিব। এই বিষয়ে বিশদভাৱে জানিবলৈ প্ৰাৰ্থীসকলে এছএছবিৰ অফিচিয়েল ৰিক্ৰুইটমেণ্ট প’ৰ্টেলত গৈ চাব পাৰিব।

    SSB Recruitment 2021: সাক্ষাৎকাৰৰ তাৰিখ

    প্ৰকাশিত বিজ্ঞপ্তিৰ তথ্য অনুসৰি, প্ৰাৰ্থীসকলৰ সাক্ষাত্‍কাৰ ২১ অক্টোবৰৰ পৰা ২৬ অক্টোবৰলৈ অনুষ্ঠিত হ’ব। সেই সম্পৰ্কি অফিচিয়েল ৱেবছাইটত বিস্তাৰিতভাৱে জানিব পাৰিব প্ৰাৰ্থীসকলে।

    নিৰ্বাচিত প্ৰাৰ্থীসকলৰ মূলতঃ চুক্তিৰ ভিত্তিত নিয়োগ কৰা হ’ব। এছএছবি কৰ্তৃপক্ষই জনাইছে, নিয়োগৰ ক্ষেত্ৰত প্ৰয়োজন অনুসৰি প্ৰাৰ্থীসকলক দেশৰ যিকোনো স্থানলৈ প্ৰেৰণ কৰা হ’ব পাৰে।

    উল্লেখিত পদত সাক্ষাৎকাৰ সংক্ৰান্তীয় তথ্য, আ‍েদনৰ যোগ্যতা, বয়সৰ সময়সীমা, বেতন, কৰ্মস্থলীৰ বিষয়ে অধিক জানিবলৈ প্ৰাৰ্থীসকলে এই লিংকত গৈ চাব পাৰে – http://www.ssbrectt.gov.in/docs/GDMO.pdf

    নিয়োগ সম্পৰ্কীয় সম্পূৰ্ণ তথ্য : 
    সংস্থা সশস্ত্ৰ সীমা বল
    পদৰ নাম জেনেৰেল ডিউটি মেডিকেল অফিচাৰ আৰু স্পেচিয়েলিষ্ট চিকিৎসক
    খালী পদৰ সংখ্যা জনোৱা হোৱা নাই
    কৰ্মৰ স্থান ভাৰত
    কামৰ ধৰণ চুক্তিভিত্তিক
    নিৰ্বাচন পদ্ধতি সাক্ষাৎকাৰ
    আবেদন প্ৰক্ৰিয়াৰ আৰম্ভণি জনোৱা হোৱা নাই
    বেতন জনোৱা হোৱা নাই
    আবেদনৰ পদ্ধতি জনোৱা হোৱা নাই
    আবেদনৰ শেষ দিন জনোৱা হোৱা নাই

    SSB Recruitment 2021: নিয়োগ সম্পৰ্কীয় ঘোষণা

    নিৰ্বাচিত প্ৰাৰ্থীসকলক ৩ বছৰৰ বাবে চুক্তিবদ্ধ কৰা হ’ব। পৰৱৰ্তী সময়ত কামৰ দক্ষতা আৰু প্ৰয়োজন অনুসৰি আৰু দুবছৰ বৃদ্ধি কৰা হ’ব পাৰে।

    বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি, খালী পদ সাপেক্ষে প্ৰাৰ্থীসকলে যিকোনো ৰাজ্যত নিয়োগৰ বাবে যিকোনো স্থানত সাক্ষাৎকাৰত উপস্থিত থাকিব পাৰিব। যদি নিৰ্দিষ্ট স্থানত পৰ্যাপ্ত খালীপদ নাথাকে, তেন্তে প্ৰাৰ্থীসকলে য’ত খালী পদ আছে তাত নিয়োগ কৰা হ’ব।

    Published by:Sanjay Kumar Das
    First published: