মুখ্যপৃষ্ঠা » খবৰ

» কেৰিয়াৰ

»Central Government Job | সুখবৰ! কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ আকৰ্ষণীয় চাকৰি! আজিয়েই আবেদন কৰক

Central Government Job | সুখবৰ! কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ আকৰ্ষণীয় চাকৰি! আজিয়েই আবেদন কৰক

News18 Assam | News18-Assam
Updated:September 28, 2021, 2:45 PM IST
Central Government Job | সুখবৰ! কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ আকৰ্ষণীয় চাকৰি! আজিয়েই আবেদন কৰক
বৰ্তমান আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু প্ৰাৰ্থীসকলে ৫ অক্টোবৰ ২০২১লৈ আবেদনপত্ৰ জমা দিব পাৰিব।

বৰ্তমান আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু প্ৰাৰ্থীসকলে ৫ অক্টোবৰ ২০২১লৈ আবেদনপত্ৰ জমা দিব পাৰিব।

  • News18 Assam
  • Last Updated: September 28, 2021, 2:45 PM IST
  • Share this:
কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ সংস্থা ইণ্ডিয়ান ৰেয়াৰ আৰ্থছ লিমিটেড (Indian Rare Earths Limited)–এ সম্প্ৰতি এক বিজ্ঞপ্তি জাৰি কৰি ট্ৰেইনী আৰু অন্যান্য পদত নিয়োগৰ বাবে আবেদনপত্ৰ গ্ৰহণৰ কাম আৰম্ভ কৰিছে। ইচ্ছুক তথা যোগ্য প্ৰাৰ্থীসকলে অধিক বিশদভাৱে জানিবলৈ IRELৰ অফিচিয়েল ৱেবছাইটত irel.co.in ত গৈ চাব পাৰে।

আবেদনৰ তাৰিখ :

বিজ্ঞপ্তিৰ পৰা জানিব পৰা মতে, বৰ্তমান আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু প্ৰাৰ্থীসকলে ৫ অক্টোবৰ ২০২১লৈ আবেদনপত্ৰ জমা দিব পাৰিব।

খালী পদৰ সংখ্যা :

প্ৰতিষ্ঠানৰ ফালৰ পৰা মুঠ ৫৪টা পদ খালী আছে বুলি জনোৱা হৈছে।

খালী পদৰ বিস্তাৰিত বিৱৰণ :







গ্ৰেজুৱেট ট্ৰেইনী (ফাইনেন্স)
গ্ৰেজুৱেট ট্ৰেইনী (এইচআৰ)
ডিপ্ল’মা ট্ৰেইনী (টেকনিকেল) ১৮
জুনিয়ৰ ছুপাৰভাইজাৰ (ৰাজভাষা)
পাৰ্ছনেল ছিকিউৰিটী
ট্ৰেডছমেন ট্ৰেইনী (আইটিআই) ২০

শিক্ষাগত অৰ্হতা :

যিসকল প্ৰাৰ্থীয়ে উল্লিখিত পদত আবেদন কৰিবলৈ ইচ্ছুক আৰু পদ সংক্ৰান্তীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমাসহ আন বিষয়ে বিশদভাৱে জানিব বিচাৰে, তেওঁলোকে এই লিংকত গৈ জানিব পাৰিব – https://irel.co.in/documents/20126/167125/Detailed+Advt_COHRM072021.pdf/6d6f7e13-8bae-d761-1778-c9c93b0cda30?t=1631982123634

সংস্থা ইণ্ডিয়ান ৰেয়াৰ আৰ্থছ লিমিটেড (IREL)
পদৰ নাম গ্ৰেজুৱেট ট্ৰেইনী, ডিপ্ল’মা ট্ৰেইনী, জুনিয়ৰ ছুপাৰভাইজাৰ, পাৰ্ছনেল ছিকিউৰিটী
খালী পদৰ সংখ্যা ৫৪
কৰ্মৰ স্থান মহাৰাষ্ট্ৰ
কামৰ ধৰণ চৰকাৰী কাম
নিৰ্বাচন পদ্ধতি লিখিত পৰীক্ষা
আবেদন প্ৰক্ৰিয়াৰ সময় বৰ্তমান চলি আছে
শিক্ষাগত অৰ্হতা জনোৱা হোৱা নাই
দৰমহা জনোৱা হোৱানাই
আবেদন পদ্ধতি অনলাইন
আবেদনৰ শেষ দিন ০৫–১০–২০২১

নিৰ্বাচন পদ্ধতি:

প্ৰাৰ্থীসকল মূলতঃ লিখিত পৰীক্ষাৰ মাধ্যমেৰে নিৰ্বাচিত কৰা হ’ব। সেইক্ষেত্ৰত লিখিত পৰীক্ষা দুটা পৰ্যায়ৰ মাধ্যমত সম্পন্ন হ’ব। প্ৰথম পৰ্যায়ত স্কীল টেষ্ট, ট্ৰেড টেষ্ট, কম্পিউটাৰৰ দক্ষতা পৰীক্ষা, ছাইকোমেট্ৰিক টেষ্ট থাকিব। আনহাতে, দ্বিতীয় পৰ্যায়ত এক বা একাধিক প্ৰথম পৰ্যায়ৰ পৰীক্ষা বা কৰ্তৃপক্ষৰ মতামত অনুযায়ী প্ৰাৰ্থীসকলক ভেৰিভাই কৰা হ’ব।



আবেদন মাচুল :

প্ৰাৰ্থীসকলে আবেদন মাচুলৰ বাবদ ৪০০ টকা দিব লাগিব। প্ৰাৰ্থীসকলে তেওঁলোকৰ সুবিধা মতে ইণ্টাৰনেট বেংকিং বা ডেবিট কাৰ্ড/ক্ৰেডিট কাৰ্ডৰ জৰিয়তে আবেদন মাচুল জমা দিব পাৰিব। এছিচ আৰু এছটি, শাৰীৰিকভাৱে প্ৰতিবন্ধী, ESM প্ৰাৰ্থী, মহিলা প্ৰাৰ্থী আৰু অন্তৰ্ৱৰ্তী প্ৰাৰ্থীসকলে আবেদন মাচুল দিব নালাগে।
Published by: Sanjay Kumar Das
First published: September 28, 2021, 2:31 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি