সম্প্ৰতি নৰ্থ চেন্ট্ৰেল ৰে’লৱেৰ (North Central Railway) ফালৰ পৰা এক বিজ্ঞপ্তি জাৰি কৰি এপ্ৰেণ্টিচ (Apprentice) পদত নিয়োগৰ বাবে আবেদন পত্ৰ গ্ৰহণৰ কাম আৰম্ভ কৰিছে। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে শীঘ্ৰে আবেদন কৰিব পাৰে। এই সম্পৰ্কে অধিক জানিবলৈ প্ৰাৰ্থীসকলে RRCৰ অফিচিয়েল ৱেবছাইট rrcpryj.org চাব বাৰে।
NCR Recruitment 2021 : আবেদনৰ তাৰিখ
প্ৰকাশিত বিজ্ঞপ্তিৰ তথ্য অনুসৰি, বৰ্তমান আবেদন প্ৰক্ৰিয়া চলি আছে। প্ৰাৰ্থীসকলে ১ ডিচেম্বৰ ২০২১ তাৰিখৰ ভিতৰত আবেদন পত্ৰ জমা দিব পাৰিব। আবেদন কৰিব লাগিব অনলাইনত। এইক্ষেত্ৰত প্ৰাৰ্থীসকলে প্ৰতিষ্ঠানৰ অফিচিয়েল ৱেবছাইটত আবেদন পত্ৰ লাভ কৰিব পাৰিব। এই সংক্ৰান্তীয় কোনো সালসলনি থাকিলে প্ৰাৰ্থীসকলক নিৰ্দিষ্ট জাননীযোগে অৱগত কৰোৱা হ’ব।
খালী পদৰ সংখ্যা :
প্ৰতিষ্ঠানৰ ফালৰ পৰা মুঠ ১৪৬৪টা খালী পদ আছে বুলি জনোৱা হৈছে।
বিশেষ ঘোষণা :
সম্পূৰ্ণ নিয়োগ প্ৰক্ৰিয়া নৰ্থ চেন্ট্ৰেল ৰে’লৱেৰ অধীনস্থ ৰে’লৱে ৰিক্ৰুইটমেণ্ট চেলৰ দ্বাৰা হ’ব।
সম্পূৰ্ণ তথ্য :
সংস্থা : নৰ্থ চেন্ট্ৰেল ৰে’লৱে (NCR)
পদৰ নাম : এপ্ৰেণ্টিচ
খালী পদৰ সংখ্যা : ১৪৬৪
কামৰ স্থান : জনোৱা হোৱা নাই
কামৰ ধৰণৰ : ট্ৰেইনিং সংক্ৰান্তীয়
নিৰ্বাচন পদ্ধতি : জনোৱা হোৱা নাই
আবেদন প্ৰক্ৰিয়া আৰম্ভ : বৰ্তমান চলি আছে
শিক্ষাগত অৰ্হতা : দশম শ্ৰেণী উত্তীৰ্ণ আৰু আইটিআই ডিগ্ৰী
আবেদন পদ্ধতি : অনলাইন
আবেদনৰ শেষ দিন : ০১.১২.২০২১
আবেদনৰ বাবে যোগ্যতা :
উল্লেখিত পদত আবেদনৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ড বা প্ৰতিষ্ঠানৰ পৰা এছএছচি/ মেট্ৰিকুলেচন, দশম শ্ৰেণী অথবা সম যোগ্যতাসম্পন্ন পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব। প্ৰাৰ্থীসকলৰ অন্তত ৫০ শতাংশ নম্বৰ থকা প্ৰয়োজন। ইয়াৰ উপৰি প্ৰাৰ্থীসকলে ভাৰত চৰকাৰৰ অধীনস্থ NCVT/SCVTৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা নিৰ্দিষ্ট ট্ৰেডত আইটিআই ডিগ্ৰী থাকিব লাগিব।
বয়সৰ সীমা:
প্ৰাৰ্থীৰ বয়স সৰ্বোচ্চ ২৪ বছৰ আৰু সৰ্বনিম্ন ১৫ বছৰ হ’ব লাগিব।
আবেদন মাচুল :
প্ৰাৰ্থীসকলে ১০০ টকাকৈ আবেদন মাচুল জমা দিব লাগিব। অৱশ্যে এছটি, এছচি, মহিলা প্ৰাৰ্থী আৰু শাৰীৰিকভাৱে প্ৰতিবন্ধীসকলে এই মাচুল দিব নালাগে।
উল্লেখিত পদৰ বাবে আবেদন কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীসকলে আবেদনৰ সবিশেষ জানিবলৈ https://www.rrcpryj.org/Downloads/Notification-Act-Apprentices-02-2021.pdf ব্যৱহাৰ কৰিব পাৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|