ভাৰতীয় বায়ুসেনাৰ অগ্নিবীৰ নিযুক্তিৰ বাবে অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়া আগন্তুক ১৭ মাৰ্চৰ পৰা আৰম্ভ হ'ব আৰু আবেদন পত্ৰ দাখিলৰ অন্তিম তাৰিখ হৈছে ৩১ মাৰ্চ। অনলাইন পৰীক্ষা ২০ মে'ৰ পৰা অনুষ্ঠিত হ'ব। অগ্নিবীৰ পদৰ বাবে কাম কৰিব বিচৰা প্ৰাৰ্থীসকলে অগ্নিবীৰ বায়ু সেনাৰ অফিচিয়েল ৱেবছাইট agnipathvayu.cdac.in দৰ্শন কৰি আবেদন কৰিব পাৰে। এই পদসমূহৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকল (Agniveer Air Force Recruitment 2023) অবিবাহিত ভাৰতীয় পুৰুষ আৰু মহিলা হ'ব লাগিব।
বায়ুসেনাৰ অগ্নিবীৰৰ আবেদনৰ বয়সৰ সীমা (Agniveer Air Force Age Limit)-অগ্নিবীৰৰ পদৰ বাবে আবেদন কৰিব বিচৰা প্ৰাৰ্থীসকলৰ জন্ম ২০০২ চনৰ ২৬ ডিচেম্বৰৰ পৰা ২৬ জুন ২০০৬ ৰ ভিতৰত হ'ব লাগিব।
বায়ুসেনাৰ অগ্নিবীৰৰ আৱেদনৰ শৈক্ষিক অৰ্হতা-প্ৰাৰ্থীসকলে নিম্নতম ৫০% নম্বৰৰ সৈতে গণিত, পদাৰ্থ বিজ্ঞান আৰু ইংৰাজীৰ সৈতে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব আৰু ইংৰাজীত ৫০% নম্বৰ থাকিব লাগিব। নাইবা
প্ৰাৰ্থীসকলে চৰকাৰী স্বীকৃত পলিটেকনিক প্ৰতিষ্ঠানৰ পৰা ৫০% নম্বৰৰ সৈতে অভিযান্ত্ৰিক (যান্ত্ৰিক/বৈদ্যুতিক/ ইলেক্ট্ৰনিক্স/ অটোমোবাইল/ কম্পিউটাৰ বিজ্ঞান/ ইনষ্ট্ৰুমেণ্টেচন প্ৰযুক্তি/ শিক্ষাগত অৰ্হতা: তথ্য প্ৰযুক্তি)ৰ তিনি বছৰীয়া ডিপ্ল'মা। নাইবা
বিজ্ঞানৰ বাহিৰে আন বিষয়ৰ প্ৰাৰ্থী যিসকলে কমেও ৫০% নম্বৰৰ সৈতে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হৈছে আৰু ইংৰাজীত ৫০% নম্বৰ লাভ কৰিছে বা যিসকলে ৫০% নম্বৰৰ সৈতে দুবছৰীয়া বৃত্তিমূলক পাঠ্যক্ৰমত উত্তীৰ্ণ হৈছে আৰু ৫০% নম্বৰৰ সৈতে ইংৰাজীত উত্তীৰ্ণ হৈছে। বৃত্তিমূলক পাঠ্যক্ৰম বা মধ্যৱৰ্তী / মেট্ৰিকও প্ৰযোজ্য হ'ব পাৰে যদি বৃত্তিমূলক পাঠ্যক্ৰমত কোনো ইংৰাজী বিষয় নাথাকে।
আৱেদন মাচুল-অনলাইন পৰীক্ষাৰ বাবে পঞ্জীয়ন কৰোঁতে, প্ৰাৰ্থীসকলে আবেদন মাচুল হিচাপে ২৫০ টকা পৰিশোধ কৰিব লাগিব। ডেবিট কাৰ্ড/ক্ৰেডিট কাৰ্ড/ইণ্টাৰনেট বেঙ্কিং ব্যৱহাৰ কৰি পেমেণ্ট গেটৱেৰ জৰিয়তে আবেদন মাচুল পৰিশোধ কৰিব পাৰিব।
আৱেদন কৰিবলৈ এই অফিচিয়েল অধিসূচনা আৰু লিংক চাওক-https://agnipathvayu.cdac.in/AV/img/upcoming/AGNIVEER_VAYU_02-2023.pdf
https://agnipathvayu.cdac.in/AV/
Published by: Sehnaz Begum
FIRST PUBLISHED : March 06, 2023, 10:04 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।