প্ৰকাশিত বিজ্ঞপ্তিৰ তথ্য অনুসৰি, বৰ্তমান আবেদন প্ৰক্ৰিয়া চলি আছে। প্ৰাৰ্থীসকলে ৬ ডিচেম্বৰ ২০২১ পৰ্যন্ত আবেদন পত্ৰ জমা দিব পাৰিব।
প্ৰকাশিত বিজ্ঞপ্তিৰ তথ্য অনুসৰি, বৰ্তমান আবেদন প্ৰক্ৰিয়া চলি আছে। প্ৰাৰ্থীসকলে ৬ ডিচেম্বৰ ২০২১ পৰ্যন্ত আবেদন পত্ৰ জমা দিব পাৰিব।
সম্প্ৰতি ভাৰতীয় ডাক বিভাগ (India Post)ৰ ফালৰ পৰা এক বিজ্ঞপ্তি জাৰি কৰি ৰাজস্থান পোষ্টেল চাৰ্কলত জয়পুৰৰ অধীনত বিভিন্ন পদত নিয়োগৰ বাবে আবেদন গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীয়ে শীঘ্ৰে আবেদন কৰিব পাৰে।
এই বিষয়ে আৰু বিশদভাৱে জানিবলৈ প্ৰাৰ্থীসকলে ভাৰতীয় ডাক বিভাগৰ অফিচিয়েল ৱেবছাইটলৈ গৈ চাব পাৰে।
India Post Recruitment 2021: আবেদনৰ শেষ তাৰিখ
প্ৰকাশিত বিজ্ঞপ্তিৰ তথ্য অনুসৰি, বৰ্তমান আবেদন প্ৰক্ৰিয়া চলি আছে। প্ৰাৰ্থীসকলে ৬ ডিচেম্বৰ ২০২১ পৰ্যন্ত আবেদন পত্ৰ জমা দিব পাৰিব। যিকোনো কম্পিউটাৰ চালিত পোষ্ট অফিচলৈ গৈ আবেদন মাচুল জমা দিয়াৰ শেষ তাৰিখ ২৭ নৱেম্বৰ। আবেদন পত্ৰ জমা দিব লাগিব প্ৰেস্ক্ৰাইব ফৰমেটত। প্ৰতিষ্ঠানৰ অফিচিয়েল ৱেবছাইটত উপলব্ধ হ’ব আবেদন পত্ৰ।
India Post Recruitment 2021: খালী পদৰ সংখ্যা
প্ৰতিষ্ঠানৰ ফালৰ পৰা এতিয়ালৈ ২২টা খালীপদ আছে বুলি জনোৱা হৈছে।
India Post Recruitment 2021: খালী পদৰ বিস্তাৰিত বিৱৰণ
পোষ্টেল এছিষ্টেণ্ট : ৯টা
পোষ্টমেন : ৮টা
এমটিএছ : ৫টা
নিয়োগ সংক্ৰান্তীয় সম্পূৰ্ণ তথ্য :
সংস্থা : ভাৰতীয় ডাক বিভাগ
পদৰ নাম : পোষ্টেল এছিষ্টেণ্ট, পোষ্টমেন, এমটিএছ
খালী পদৰ সংখ্যা : ২২
কামৰ স্থান : ৰাজস্থান, জয়পুৰ
কামৰ ধৰণ : চৰকাৰী
নিৰ্বাচন পদ্ধতি : জনোৱা হোৱা নাই
আবেদন প্ৰক্ৰিয়া আৰম্ভ : চলি আছে
শিক্ষাগত অৰ্হতা : জনোৱা হোৱা নাই
আবেদনৰ পদ্ধতি : অনলাইন আৰু অফলাইন
আবেদনৰ শেষ দিন : ০৬.১২.২০২১
বয়সৰ সীমা
পোষ্টেল এছিষ্টেণ্ট, ছৰ্টিং এছিষ্টেণ্ট আৰু পোষ্টমেন পদৰ বাবে সৰ্বোচ্চ ২৭ বছৰ আৰু সৰ্বনিম্ন ১৮ বছৰ নিৰ্ধাৰণ কৰা হৈছে।
আবেদন পদ্ধতি
প্ৰাৰ্থীসকলে প্ৰথমে প্ৰতিষ্ঠানৰ অফিচিয়েল ৱেবচাইটৰ পৰা আবেদন পত্ৰ ডাউনলোড কৰি পূৰণ কৰিব লাগিব। য়াৰ পিছত পূৰণ কৰা আবেদন পত্ৰসহ আন প্ৰয়োজনী নথি আৰু চাৰ্টিফিকেটৰ ফটোকপি ডাক বিভাগৰ অফিচিয়েল ঠিকনালৈ পঠিয়াব লাগিব। আবেদন পত্ৰ প্ৰেৰণৰ ঠিকনা “The Assistant Director (Rectt), O/o the chief Postmaster General Rajasthan Circle, Sardar Patel Marg, C- Scheme, Jaipur- 302007”।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|