• Home
  • »
  • News
  • »
  • career
  • »
  • Indian Army Recruitment 2021: ভাৰতীয় সেনা বাহিনীত গুৰুত্বপূৰ্ণ পদত নিয়োগ, যোগ্যতা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ

Indian Army Recruitment 2021: ভাৰতীয় সেনা বাহিনীত গুৰুত্বপূৰ্ণ পদত নিয়োগ, যোগ্যতা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ

আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে শীঘ্ৰে আবেদন কৰিব পাৰিব।

আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে শীঘ্ৰে আবেদন কৰিব পাৰিব।

আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে শীঘ্ৰে আবেদন কৰিব পাৰিব।

  • Share this:
ভাৰতীয় সেনা বাহিনীৰ ফালৰ পৰা এক বিজ্ঞপ্তি জাৰি কৰি টেকনিকেল এন্ট্ৰি স্কীমত নিয়োগৰ বাবে আবেদন পত্ৰ গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে শীঘ্ৰে আবেদন কৰিব পাৰিব। এই বিষয়ে অধিক বিশদভাৱে জানিবলৈ প্ৰাৰ্থীসকলে ভাৰতীয় সেনা বাহিনীৰ অফিচিয়েল ৱেবছাইট joinindianarmy.nic.in ত গৈ চাব পাৰিব।
Indian Army Recruitment 2021: আবেদনৰ তাৰিখ প্ৰকাশিত বিজ্ঞপ্তিৰ তথ্য অনুযায়ী, বৰ্তমান আবেদন প্ৰক্ৰিয়া চলি আছে। প্ৰাৰ্থীসকলে ৮ নৱেম্বৰ ২০২১ তাৰিখ পৰ্যন্ত আবেদন পত্ৰ জমা দিব পাৰিব। আবেদন পত্ৰ জমা দিব লাগিব অনলাইনত। ৱেবছাইটত আবেদন পত্ৰ উপলব্ধ হ’ব।
Indian Army Recruitment 2021: খালী পদৰ সংখ্যা ৯০টা
নিয়োগ সংক্ৰান্তীয় তথ্য সংস্থা : ভাৰতীয় সেনা বাহিনী, পদৰ নাম : টেকনিকেল এন্ট্ৰি স্কীম, খালী পদৰ সংখ্যা : ৯০টা, কৰ্মৰ স্থান : ভাৰত, কৰ্মৰ ধৰণ : চৰকাৰী নিৰ্বাচন, পদ্ধতি : সাক্ষাৎকাৰ আৰু অন্যান্য, আবেদন প্ৰক্ৰিয়া আৰম্ভ : বৰ্তমান চলি আছে, শিক্ষাগত অৰ্হতা : বিজ্ঞান শাখাত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ, বেতন : জনোৱা হোৱা নাই, আবেদনৰ পদ্ধতি : অনলাইন, আবেদনৰ শেষ তাৰিখ : ০৮.১১.২০২১
Indian Army Recruitment 2021: শিক্ষাগত অৰ্হতা যিসকল প্ৰাৰ্থীয়ে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ডৰ পৰা দ্বাদশ শ্ৰেণীত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গণিত বিষয় লৈ উত্তীৰ্ণ হৈছে আৰু জেইই (মেইনছ) পৰীক্ষাত অংশগ্ৰহণ কৰিছে তেওঁলোক আবেদনৰ বাবে যোগ্য। দ্বাদশ শ্ৰেণীৰ উপৰি যিসকলে সমপৰ্যায়ৰ পৰীক্ষাত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গণিত বিষয় লৈ উত্তীৰ্ণ হৈছে তেওঁলোকে আবেদন কৰিব পাৰিব।
Indian Army Recruitment 2021: বয়সৰ সীমা প্ৰাৰ্থীৰ বয়স ১৬১/২ বছৰৰ পৰা ১৯১/২ বছৰৰ ভিতৰত হ’ব লাগিব।
Indian Army Recruitment 2021: নিৰ্বাচন পদ্ধতি প্ৰাৰ্থীৰ আবেদন পত্ৰৰ ভিত্তিত সকলোৰে প্ৰথমে শ্বৰ্টলিষ্টেড কৰা হ’ব। ইয়াৰ পিছত এছএছবিৰ চেণ্টাৰত প্ৰাৰ্থীসকলক সাক্ষাৎকাৰৰ বাবে মতা হ’ব। প্ৰথম পৰ্যায়ত উত্তীৰ্ণসকলক দ্বিতীয় পৰ্যায়ৰ বাবে আমন্ত্ৰণ জনোৱা হ’ব। মুঠ পাঁচ দিনৰ পৰ্বত এছএছবিৰ সাক্ষাৎকাৰ অনুষ্ঠিত হ’ব। নিয়োগ সংক্ৰান্তীয় বিষয়ে আৰু অধিক জানিব বিচাৰি প্ৰাৰ্থীসকলে এই লিংকত গৈ চাব পাৰিব –  https://joinindianarmy.nic.in/writereaddata/Portal/NotificationPDF/TES-46__Notification.pdf
Published by:Sanjay Kumar Das
First published: