ICMR-NIMR Recruitment 2021: খালী পদৰ সংখ্যা | প্ৰতিষ্ঠানৰ ফালৰ পৰা জনোৱা হৈছে যে এতিয়ালৈ মুঠ ২২টা খালী পদ আছে। |
ICMR-NIMR Recruitment 2021: খালী পদৰ বিৱৰণ | ছায়েণ্টিষ্ট ‘বি’ (নন–মেডিকেল) : এটা পদ, ৰিছাৰ্চ এছিষ্টেণ্ট : এটা পদ, লেব টেকনিচিয়ান : দুটা পদ, মাল্টি টাস্কিং ষ্টাফ : এটা পদ, ডেটা এন্ট্ৰি অপাৰেটৰ : এটা পদ, কনছালটেণ্ট – ছায়েণ্টিফিক (মেডিকেল–নন মেডিকেল) বায়’ ষ্টেটিষ্টিয়ান : এটা পদ, ছায়েণ্টিষ্ট ‘ডি’ (নন মেডিকেল) : েটা পদ, ৰিছাৰ্চ এছিষ্টেণ্ট : এটা পদ, প্ৰজেক্ট টেকনিচিয়ান–১ : ৫টা পদ, ছিনিয়ৰ প্ৰজেক্ট ৰিছাৰ্চ ফেলো : এটা পদ, ৰিছাৰ্চ এছিষ্টেণ্ট : এটা পদ, প্ৰজেক্ট টেকনিচিয়ান–১ : তিনিটা পদ, ছিনিয়ৰ প্ৰজেক্ট ৰিছাৰ্চ ফেলো : তিনিটা পদ, ৰিছাৰ্চ এছিষ্টেণ্ট : এটা পদ, প্ৰজেক্ট টেকনিচিয়ান–১ : দুটা পদ। |
এক নজৰত নিয়োগ সম্পৰ্কীয় সকলো তথ্য |
সংস্থা : আইচিএমআৰ – নেচনেল ইনষ্টিটিউট অব মেলেৰিয়া ৰিছাৰ্চ (ICMR-NIMR)। পদৰ নাম : ছায়েণ্টিষ্ট, ৰিছাৰ্চ এছিষ্টেণ্ট, লেব টেকনিচিয়ান, মাল্টি টাস্কিং ষ্টাফ, ডাটা এন্ট্ৰি অপাৰেটৰ ইত্যাদি। খালী পদৰ সংখ্যা : ২২টা। কামৰ স্থান : জনোৱা হোৱা নাই। কামৰ ধৰণ : চুক্তিভিত্তিক নিৰ্বাচন পদ্ধতি : মূলতঃ সাক্ষাৎকাৰ। আবেদন প্ৰক্ৰিয়া আৰম্ভ : জনোৱা হোৱা নাই। শিক্ষাগত অৰ্হতা : জনোৱা হোৱা নাই। বেতন : জনোৱা হোৱা নাই। |
ICMR-NIMR Recruitment 2021: সাক্ষাৎকাৰৰ তাৰিখ | বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি, প্ৰাৰ্থীসকলে উল্লেখিত পদত নিয়োগৰ বাবে সাক্ষাৎকাৰত বহিব লাগিব। এইক্ষেত্ৰত আগন্তুক ১৯ অক্টোবৰৰ পৰা ২৫ অক্টোবৰ, ২০২১ তাৰিখৰ ভিতৰত সাক্ষাৎকাৰ লোৱা হ’ব। প্ৰতিষ্ঠানৰ ফালৰ পৰা কোৱা হৈছে, প্ৰাৰ্থীসকলৰ এই ঠিকনাত সাক্ষাৎকাৰ লোৱা হ’ব, ‘ICMR-National Institute of Malaria Research, Sector-8, Dwarka, New Delhi -110077’। |
ICMR-NIMR Recruitment 2021: বিশেষ ঘোষণা | উল্লেখিত পদসমূহৰ ভিতৰত যদি কোনো পদত ৩০ জনৰ অধিক প্ৰাৰ্থীয়ে আবেদন কৰে, সেইক্ষেত্ৰত প্ৰাৰ্থী নিৰ্বাচনৰ বাবে লিখিত পৰীক্ষা লোৱা হ’ব। পৰৱৰ্তী সময়ত লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলক সাক্ষাৎকাৰৰ বাবে মতা হ’ব। |
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|