உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • career
    • »
    • DRDO Recruitment 2021: ডিফেন্স ৰিছাৰ্চ এণ্ড ডেভেল’পমেণ্ট অৰ্গেনাইজেশ্যনত চাকৰিৰ সুযোগ, অৰ্হতা স্নাতক!

    DRDO Recruitment 2021: ডিফেন্স ৰিছাৰ্চ এণ্ড ডেভেল’পমেণ্ট অৰ্গেনাইজেশ্যনত চাকৰিৰ সুযোগ, অৰ্হতা স্নাতক!

    এই বিষয়ে আৰু অধিক জানিবলৈ প্ৰাৰ্থীসকলে DRDOৰ অফিচিয়েল ৱেবছাইট চাব পাৰে।

    এই বিষয়ে আৰু অধিক জানিবলৈ প্ৰাৰ্থীসকলে DRDOৰ অফিচিয়েল ৱেবছাইট চাব পাৰে।

    এই বিষয়ে আৰু অধিক জানিবলৈ প্ৰাৰ্থীসকলে DRDOৰ অফিচিয়েল ৱেবছাইট চাব পাৰে।

    • Share this:
    সম্প্ৰতি ডিফেন্স ৰিছাৰ্চ এণ্ড ডেভেল’পমেণ্ট অৰ্গেনাইজেশ্যন Defence Research and Development Organisation)ৰ ফালৰ পৰা এক বিজ্ঞপ্তি জাৰি কৰি বালাছোৰ, ওড়িশা আৰু চাঁদিপুৰত ইণ্টিগ্ৰেটেড টেষ্ট ৰেঞ্জত এপ্ৰেণ্টিছ পদত নিয়োগৰ বাবে আবেদনপত্ৰ গ্ৰহণৰ কাম আৰম্ভ হৈছে। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে শীঘ্ৰে আবেদন কৰিব পাৰে।

    এই বিষয়ে আৰু অধিক জানিবলৈ প্ৰাৰ্থীসকলে DRDOৰ অফিচিয়েল ৱেবছাইট চাব পাৰে।
    DRDO Recruitment 2021: আবেদনৰ তাৰিখ
    বিজ্ঞাপনত প্ৰকাশ কৰা অনুসৰি, আবেদন প্ৰক্ৰিয়া আৰম্ভ হ’ব ১ নৱেম্বৰৰ পৰা। প্ৰাৰ্থীসকলে ১৫ নৱেম্বৰ ২০২১লৈ আবেদনপত্ৰ জমা দিব পাৰিব। আবেদন পত্ৰ জমা দিব লাগিব অনলাইনত। DRDOৰ অফিচিয়েল ৱেবচাইটত আবেদনপত্ৰ পোৱা যাব।

    DRDO Recruitment 2021: খালী পদৰ সংখ্যা
    প্ৰতিষ্ঠানৰ ফালৰ পৰা এতিয়ালৈ মুঠ ১১৬টা খালী পদ আছে বুলি জনোৱা হৈছে।

    DRDO Recruitment 2021: খালী পদৰ বিস্তাৰিত বিৱৰণ
    গ্ৰেজুৱেট এপ্ৰেণ্টিছ : ৫০টা পদ, ট্ৰেড এপ্ৰেণ্টিছ : ২৬টা পদ, টেকনিচিয়ান (ডিপ্ল’মা) এপ্ৰেণ্টিছ : ৪০টা পদ।

    নিয়োগ সংক্ৰান্তীয় সম্পূৰ্ণ তথ্য
    সংস্থা : ডিফেন্স ৰিছাৰ্চ এণ্ড ডেভেল’পমেণ্ট অৰ্গেনাইজেশ্যন (DRDO)।

    পদৰ নাম : এপ্ৰেণ্টিছ (গ্ৰেজুৱেট এপ্ৰেণ্টিছ, ট্ৰেড, টেকনিচিয়ান (ডিপ্ল’মা)।

    খালী পদৰ সংখ্যা : ১১৬টা।

    স্থান : বালাছোৰ, ওড়িশা, চাঁদিপুৰ।

    কামৰ ধৰণ : ট্ৰেইনিং সংক্ৰান্তীয়।

    নিৰ্বাচন পদ্ধতি : সাক্ষাৎকাৰ।

    আবেদন প্ৰক্ৰিয়া আৰম্ভ : ০১.১১.২০২১।

    শিক্ষাগত অৰ্হতা : ২০১৯, ২০২০, ২০২১ শিক্ষাবৰ্ষত বি.ই, বি.টেক, ডিপ্ল’মা, বিবিএ, বি.কম, আইটিআই ডিগ্ৰীধাৰী।

    বেতন : জনোৱা হোৱা নাই।

    আবেদনৰ শেষ দিন : ১৫.১১.২০২১।

    DRDO Recruitment 2021: আবেদনৰ যোগ্যতা
    যিসকল প্ৰাৰ্থীয়ে ২০১৯, ২০২০, ২০২১ শিক্ষাবৰ্ষত বি.ই/ বি.টেক/ ডিপ্ল’মা/ বিবিএ/ বি.কম/ আইটিআই ডিগ্ৰী লাভ কৰিছে তেওঁলোক আবেদনৰ বাবে যোগ্য। ইয়াৰ পূৰ্বৰ শিক্ষাবৰ্ষৰ প্ৰাৰ্থীসকলে আবেদন কৰিব নোৱাৰিব।

    DRDO Recruitment 2021: নিৰ্বাচন পদ্ধতি
    প্ৰাৰ্থীসকলে মূলতঃ আবেদন পত্ৰত উল্লেখিত নম্বৰ অনুসৰি ছৰ্টলিষ্টেড কৰা হ’ব। অথবা বিভিন্ন ট্ৰেডৰ প্ৰয়োজন অনুসৰি সাক্ষাৎকাৰৰ জৰিয়তে নিৰ্বাচন কৰা হ’ব। মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি অনলাইন সাক্ষাৎকাৰো হ’ব পাৰে।

    DRDO Recruitment 2021: বিশেষ ঘোষণা নিয়োগ সম্পৰ্কীয় আৰু অধিক তথ্য জানিবলৈ প্ৰাৰ্থীসকলে 06782-272144 নম্বৰত ফোন বা mail hrd@itr.drdo.inত মেইল কৰি জানিব পাৰিব।
    Published by:Sanjay Kumar Das
    First published: