মুখ্যপৃষ্ঠা » খবৰ

» কেৰিয়াৰ

»CRPF Head Constable Recruitment 2021: CRPFত নিয়োগ প্ৰক্ৰিয়া আৰম্ভ, যোগ্যতা দশম শ্ৰেণী উত্তীৰ্ণ

CRPF Head Constable Recruitment 2021: CRPFত নিয়োগ প্ৰক্ৰিয়া আৰম্ভ, যোগ্যতা দশম শ্ৰেণী উত্তীৰ্ণ

News18 Assam | News18-Assam
Updated:September 28, 2021, 4:17 PM IST
CRPF Head Constable Recruitment 2021: CRPFত নিয়োগ প্ৰক্ৰিয়া আৰম্ভ, যোগ্যতা দশম শ্ৰেণী উত্তীৰ্ণ
এই বিষয়ে অধিক জানিবলৈ চিআৰপিএফৰ অফিচিয়েল ৱেবছাইট crpf.gov.in লৈ গৈ চাব পাৰিব।

এই বিষয়ে অধিক জানিবলৈ চিআৰপিএফৰ অফিচিয়েল ৱেবছাইট crpf.gov.in লৈ গৈ চাব পাৰিব।

  • News18 Assam
  • Last Updated: September 28, 2021, 4:17 PM IST
  • Share this:
চেন্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ’ৰ্চ (Central Reserve Police Force)ৰ ফালৰ পৰা সম্প্ৰতি এক বিজ্ঞপ্তি জাৰি কৰি হেড কনিষ্টবল (মিনিষ্ট্ৰিয়েল) পদত নিয়োগৰ বাবে আবেদন পত্ৰ গ্ৰহণৰ কাম আৰম্ভ হৈছে। ইচ্ছুক প্ৰাৰ্থী তথা যোগ্য প্ৰাৰ্থীসকলে শীঘ্ৰে এই পদৰ বাবে আবেদনপত্ৰ প্ৰেৰণ কৰিব পাৰে। এই বিষয়ে অধিক জানিবলৈ চিআৰপিএফৰ অফিচিয়েল ৱেবছাইট crpf.gov.in লৈ গৈ চাব পাৰিব।
CRPF Head Constable Recruitment 2021: আবেদনৰ তাৰিখ আবেদন প্ৰক্ৰিয়া চলি আছে। প্ৰাৰ্থীসকলে আগন্তুক ১৫ অক্টোবৰ ২০২১লৈ আবেদনপত্ৰ জমা দিব পাৰিব। চিআৰপিএফৰ অফিচিয়েল ৱেবছাইট crpf.gov.inত প্ৰাৰ্থীসকলে আবেদনপত্ৰ লাভ কৰিব পাৰিব।
খালী পদৰ সংখ্যা কৰ্তৃপক্ষৰ ফালৰ পৰা মুঠ ৩৮টা খালী পদত আছে বুলি জনোৱা হৈছে।
শিক্ষাগত অৰ্হতা প্ৰাৰ্থীসকল ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰৰ স্বীকৃত কোনো ব’ৰ্ডৰ পৰা দশম শ্ৰেণী বা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব। ইয়াৰ উপৰি প্ৰাৰ্থী কাৰিকৰী শিক্ষাত ২ বা ৩ বছৰৰ ডিপ্ল’মা থকাটো বাঞ্চনীয়। ডিপ্ল’মা চাৰ্টিফিকেটক কোনোভাৱে দশম শ্ৰেণীৰ সমান যোগ্যতা দিয়া নহ’ব।
বয়সৰ সময়সীমা প্ৰাৰ্থীৰ বয়স ১৮ৰ পৰা ২৫ বছৰৰ ভিতৰত হ’ব লাগিব।
নিৰ্বাচন পদ্ধতি প্ৰাৰ্থী বাচনিৰ বাবে লিখিত পৰীক্ষা লোৱা হ’ব। লিখিত পৰীক্ষাত এখনেই প্ৰশ্নকাকত থাকিব। মুঠ নম্বৰ হ’ব ২২৫, প্ৰশ্নকাকতৰ দুটা অংশ থাকিব পাৰ্ট–১ আৰু পাৰ্ট–২। পাৰ্ট–১ৰ নম্বৰ হ’ব ২০০ আৰু পাৰ্ট–২ৰ নম্বৰ থাকিব ২৫ নম্বৰ।
সম্পূৰ্ণ তথ্য
সংস্থা : চেন্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ’ৰ্চ।

পদৰ নাম : হেড কনিষ্টবল।

পদৰ সংখ্যা : ৩৮টা

কৰ্মৰ স্থান : জনোৱা হোৱা নাই

কামৰ ধৰণ : চৰকাৰী কাম

নিৰ্বাচন পদ্ধতি : লিখিত পৰীক্ষা

আবেদন প্ৰক্ৰিয়াৰ তাৰিখ : বৰ্তমান চলি আছে

যোগ্যতা : দশম শ্ৰেণী উত্তীৰ্ণ, টেকনিকেল এডুকেচনত ৩ বছৰৰ ডিপ্ল’মা

বেতন : জনোৱা হোৱা নাই

আবেদন পদ্ধতি : জনোৱা হোৱা নাই

আবেদনৰ শেষ তাৰিখ : ১৫–১০–২০২১
গুৰুত্বপূৰ্ণ তথ্য পৰীক্ষাৰ সময়ত প্ৰতিজন প্ৰাৰ্থীয়ে নথি–পত্ৰৰ অৰিজিনেল কপি আৰু ফটোকপিৰ লগতে ৩ কপি পাছপ’ৰ্ট ছাইজৰ ফটো আনিব লাগিব।
Published by: Sanjay Kumar Das
First published: September 28, 2021, 4:17 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি