শিক্ষাৰ ক্ষেত্ৰত ৰিলায়েন্স জিঅ’ কোম্পানীয়ে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। দেশৰ ছাত্ৰ-ছাত্ৰীৰ লগতে দেশৰ বাহিৰৰ পৰা অহা ছাত্ৰ-ছাত্ৰীসকলক উন্নত শিক্ষা প্ৰদানৰ বাবে জিঅ’ই ‘জিঅ’ ইনষ্টিটিউট’ স্থাপন কৰিছে। এই প্ৰতিষ্ঠানৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক স্নাতকোত্তৰ পাঠ্যক্ৰম প্ৰদান কৰা হ’ব। জিঅ’ ইনষ্টিটিউটে (Jio Institute) আজি প্ৰথমটো বৰ্ষৰ ছাত্ৰ-ছাত্ৰীক আদৰণি জনায়।
কৃত্ৰিম বুদ্ধিমত্তা বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ডাটা ছায়েন্স, ডিজিটেল মিডিয়া আৰু মাৰ্কেটিং কমিউনিকেশনত দুটা উদ্বোধনী স্নাতকোত্তৰ কাৰ্যসূচীৰে জিঅ’ ইনষ্টিটিউটৰ শৈক্ষিক বৰ্ষ আৰম্ভ কৰে। ছাত্ৰ-ছাত্ৰী, তেওঁলোকৰ অভিভাৱক, জিঅ’ ইনষ্টিটিউটৰ নেতৃত্ব আৰু কৰ্মচাৰী, অধ্যাপক, ৰিলায়েন্সৰ পৰিয়ালৰ সদস্য আৰু উদ্যোগ আৰু শিক্ষানুষ্ঠানৰ সদস্যসকলে উদ্বোধনী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ২১ জুলাইৰ পৰা আৰম্ভ হ’ব এই শ্ৰেণীসমূহ (Jio Institute welcomes students to its founding batch )।
জিঅ’ ইনষ্টিটিউটৰ প্ৰথমটো স্নাতকোত্তৰ কাৰ্যসূচীত বৈচিত্ৰ্যৰ সুস্থ মিশ্ৰণ আছে। এই বেচত ভাৰতৰ ১৯ খন ৰাজ্য আৰু ভাৰতৰ বাহিৰৰ ৪খন দেশ দক্ষিণ আফ্ৰিকা, ভূটান, নেপাল আৰু ঘানাৰ ছাত্ৰ-ছাত্ৰী অন্তৰ্ভুক্ত কৰা হৈছে। লগতে, বেচটোত অভিযান্ত্ৰিক, বিজ্ঞান, কলা, বাণিজ্য, গণমাধ্যম আৰু পৰিচালনা অধ্যয়ন/ব্যৱসায় প্ৰশাসনৰ দৰে শৈক্ষিকভাৱে বৈচিত্ৰ্যময় শাখাৰ ছাত্ৰ-ছাত্ৰীও অন্তৰ্ভুক্ত কৰা হৈছে। বিজ্ঞাপন, অটোমোটিভ, বেংকিং, নিৰ্মাণ, ডিজিটেল মিডিয়া, এডটেক, ফিনটেক, হেল্থকেয়াৰ, ইনফৰ্মেচন টেকন’লজি, লজিষ্টিকছ, মাইক্ৰ’ ফাইনেন্স, অইল এণ্ড গেছ, ফাৰ্মা, টেলিকম আদি বিভিন্ন খণ্ডত এই বেচৰ শিক্ষাৰ্থীৰ গড়ে প্ৰায় ৪ বছৰৰ কৰ্ম অভিজ্ঞতা আছে।
এবছৰীয়া স্নাতকোত্তৰ পাঠ্যক্ৰম দুটাত বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠান আৰু উদ্যোগৰ প্ৰখ্যাত অধ্যাপকসকলে পাঠদান কৰিব। দুয়োটা বিষয়তে জিঅ’ ইনষ্টিটিউটে ফাউণ্ডেশ্যন, কোৰ আৰু ইলেক্টিভ পাঠ্যক্ৰমৰ লগতে সামগ্ৰিক শিক্ষণ মডিউলৰ জৰিয়তে অত্যাৱশ্যকীয় জীৱন দক্ষতা গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰে।
শৈক্ষিক বৰ্ষৰ আৰম্ভণিতে ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰি নীতা আম্বানিয়ে (Nita Ambani) কয়– আজি এক নতুন আৰম্ভণি। জিঅ’ৰ বাবে আৰু আপোনালোক সকলোৰে বাবে এয়া এক মাইলৰ খুঁটি। এটা শিক্ষানুষ্ঠানৰ প্ৰতিটো বেচ বিশেষ কাৰণ ই এই প্ৰতিষ্ঠানসমূহৰ বৃদ্ধি আৰু সাংস্কৃতিক গাঁথনিত অৰিহণা যোগায়। কিন্তু প্ৰথম বেচটো সদায় অতিৰিক্তভাৱে বিশেষ।’
তদুপৰি নীতা আম্বানিয়ে কয়– ''জিঅ’ ইনষ্টিটিউটৰ জন্ম হৈছিল মোৰ স্বামী মুকেশৰ সৈতে ভাগ কৰা এটা সপোনৰ পৰা, ভাৰতত উচ্চ শিক্ষাক পুনৰ সংজ্ঞায়িত কৰাৰ বাবে আৰু আমাৰ প্ৰতিষ্ঠাপক, মোৰ শহুৰ ধীৰুভাই আম্বানিৰ উত্তৰাধিকাৰক আগুৱাই নিবলৈ। মুকেশ এজন প্ৰকৃত দেশপ্ৰেমিক। আৰু মানৱ জাতিৰ বাবে এক বহনক্ষম আৰু উন্নত ভৱিষ্যতৰ সমাধান বিকশিত কৰিবলৈ ভাৰতীয় যুৱক-যুৱতীসকলক, আৰু সমগ্ৰ বিশ্বৰ যুৱক-যুৱতীসকলক শক্তিশালী কৰি তোলাটো তেওঁৰ দৃষ্টিভংগী। এনে এক প্ৰতিষ্ঠান যিয়ে পৰৱৰ্তী প্ৰজন্মৰ বিশ্ব নেতাসকলক প্ৰস্তুত কৰিব, যিসকলে ভাৰত আৰু বিশ্বৰ উন্নতিত যথেষ্ট অৰিহণা যোগাব।''
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|