জেইই মেইন ২০২১ ৰ তৃতীয় আৰু চতুৰ্থ ছেচনৰ পৰীক্ষাৰ মাজত চাৰি সপ্তাহৰ ব্যৱধান আছে। প্ৰাৰ্থীসকলৰ দাবী বিবেচনা কৰি শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এই ঘোষণা কৰিছে। এতিয়া জেইই মেইন পৰীক্ষাৰ চতুৰ্থ ছেচন ২৬,২৭ আৰু ৩১ আগষ্ট, ১ আৰু ২ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব।
জেইই মেইন ২০২১ ৰ চতুৰ্থ আৰু চূড়ান্ত পৰীক্ষা আগতে ২৭ জুলাইৰ পৰা ২ আগষ্টলৈ অনুষ্ঠিত হ'ব বুলি নিৰ্ধাৰণ কৰা হৈছিল। জেইই মেইন পৰীক্ষাৰ তৃতীয় পৰ্যায়২০ ৰ পৰা ২৫ জুলাইৰ ভিতৰত আৰু চতুৰ্থ পৰ্যায়ত ২৭ জুলাইৰ পৰা ২ আগষ্টলৈ অনুষ্ঠিত হোৱাৰ কথা আছিল। দুয়োটাৰ মাজত মাত্ৰ এটা দিনৰ ব্যৱধান ৰখা হৈছিল। বহুতো প্ৰাৰ্থী একেটা বিষয়ত আপত্তি কৰিছিল। প্ৰাৰ্থীসকলে কৈছিল যে দুয়োটা পৰ্যায়ৰ মাজৰ ব্যৱধান বহল কৰিব লাগে। যাতে তেওঁলোকে প্ৰস্তুতি কৰাৰ সুযোগ পায়। প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাত ১৫ দিনৰ ব্যৱধান আছিল। এতিয়া এই নতুন ঘোষণাৰ সৈতে, প্ৰাৰ্থীৰ দাবী গ্ৰহণ কৰা হৈছে।
Published by: Kokil Sarma
FIRST PUBLISHED : July 15, 2021, 20:10 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|