உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • career
    • »
    • জানুৱাৰীটো এক বিশেষ মাহ- কিয়নো অধিক শিহৰণ আৰু উত্তেজনাৰ সৈতে উভতি আহিছে BYJUSYoungGenius2

    জানুৱাৰীটো এক বিশেষ মাহ- কিয়নো অধিক শিহৰণ আৰু উত্তেজনাৰ সৈতে উভতি আহিছে BYJUSYoungGenius2

    এই অনুষ্ঠানটো এই চমৎকাৰী কিশোৰসকলৰ বাবে তেওঁলোকৰ অনন্য দক্ষতা প্ৰদৰ্শন কৰাৰ বাবে এক উৎকৃষ্ট মঞ্চ।

    এই অনুষ্ঠানটো এই চমৎকাৰী কিশোৰসকলৰ বাবে তেওঁলোকৰ অনন্য দক্ষতা প্ৰদৰ্শন কৰাৰ বাবে এক উৎকৃষ্ট মঞ্চ।

    এই অনুষ্ঠানটো এই চমৎকাৰী কিশোৰসকলৰ বাবে তেওঁলোকৰ অনন্য দক্ষতা প্ৰদৰ্শন কৰাৰ বাবে এক উৎকৃষ্ট মঞ্চ।

    • Share this:
    প্ৰথম ছীজনত এক আশ্চৰ্যকৰ সফলতা আৰু অনেক প্ৰশংসা লাভ কৰাৰ পাছত,  News 18 উভতি আহিছে BYJU'S Young Genius season2-ৰ সৈতে, য’ত আপুনি আগতে কেতিয়াও নেদেখা বিস্ময়কৰ শিশুসকলক দেখিবলৈ পাব।

    আপুনি যেতিয়া মঞ্চলৈ উৎসাহ, উত্তেজনা, সফলতা আৰু অনেক শক্তি আনি গোট খুৱায়, তেতিয়া কি হয়? হয়, শুদ্ধ উত্তৰটো হৈছে- শিশু; আৰু এখোজ আগুৱাই যদি অনুমান কৰে, তেন্তে উত্তৰটো হৈছে- ইয়ং জিনিয়াছ। এছিয়াৰ শ্ৰেষ্ঠ শিশু কাৰ্যসূচীৰ প্ৰথম ছিজন, BYJU'S Young Genius-ত ভাৰতৰ যুৱ প্ৰজন্মৰ দক্ষতাৰ প্ৰমাণ দৰ্শকে কেতিয়াও নেদেখা অৱতাৰত দেখিবলৈ পাইছিল।

    15 বছৰীয়া কিশোৰ চিৰাগ ৰাঠীৰ কথা মনত আছে নে, যাৰ ছেকেণ্ডৰ ভিতৰতে বয়স বা জটিল সংখ্যা গণনা কৰাৰ সামৰ্থ্যৰ বাবে গণিতৰ কিংবদন্তি শকুন্তলা দেৱীৰ সৈতে তুলনা কৰা হয়? ঋষি শিৱ প্ৰসন্নক মাত্ৰ ছয় বছৰ বয়সতে 180 IQ স্ক’ৰৰ সৈতে Mensa ক্লাবৰ আটাইতকৈ কম বয়সীয়া ভাৰতীয় সদস্য কৰা হৈছিল। ঋষি শিৱ প্ৰসন্নই এখন কিতাপ লিখিছে, আৰু লগতে তেওঁৰ নিজা ইউটিউব চেনেলো আছে! শিশুসকলৰ এই অদ্ভূত প্ৰতিভাবোৰ কেৱল BYJU'S Young Genius-এ পোহৰলৈ আনিছিল।

    BYJU'S Young Genius-ৰ বিষয়ে জানিবলগীয়া-

    BYJU'S Young Genius-ত এনে বিস্ময়কৰ শিশুৰ প্ৰতিভা প্ৰদৰ্শন কৰা হয়, যিসকলে অনায়াসে কোনো এক নিৰ্দিষ্ট দক্ষতা আয়ত্ত কৰিছে। এই প্ৰতিভাধৰ কিশোৰে তেওঁলোকৰ অদ্ভূত, অনন্য সফলতাৰ বিষয়ে জনাবলৈ এক মঞ্চ লাভ কৰে- BYJU'S Young Genius, যাৰ যোগেদি চেলিব্ৰিটি অতিথি আৰু দৰ্শকসকল এই বিস্ময়কৰ শিশুৰ কাৰ্যকলাপত আচৰিত হৈ পৰে।

    এইটো কোনো অতিশয়োক্তি নহ’ব যে এই অনুষ্ঠানটোৱে বহুতো শিশুক তেওঁলোকৰ বাছনি কৰা ক্ষেত্ৰত উৎকৃষ্টতা আৰু গৌৰৱ লাভ কৰিবলৈ চেষ্টা কৰি তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিবলৈ অনুপ্ৰাণিত কৰিছে। এই অনুষ্ঠানটো এই চমৎকাৰী কিশোৰসকলৰ বাবে তেওঁলোকৰ অনন্য দক্ষতা প্ৰদৰ্শন কৰাৰ বাবে এক উৎকৃষ্ট মঞ্চ।

    ছীজন 2ক লৈ আমি কিয় উত্‍সাহিত -

    এফালে যদিও ছীজন 1-ৰ বিস্ময়কাৰ শিশুসকল যুৱ অনুৰাগীসকলৰ বাবে এক চিনাকি নাম আৰু অনুপ্ৰেৰণাদায়ক ব্যক্তি হৈ পৰিছে, আমাৰ দেশৰ অসাধাৰণ প্ৰতিভাক আৱিষ্কাৰ কৰি মঞ্চ প্ৰদান কৰাৰ এই যাত্ৰা News18 Networkৰ উদ্যোগ BYJU'S Young Geniusৰ ছীজন 2-ৰ সৈতে অব্যাহত থাকিব।

    অলিম্পিক চেম্পিয়ন, প্ৰখ্যাত অভিনেতা আৰু প্ৰাক্তন ক্ৰীড়াৰ প্ৰতিভাকে সাঙুৰি অতিথি চেলিব্ৰিটিসকলৰ সৈতে ছীজন 2 ৰ পৰিসৰ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। BYJU'S Young Genius-এ এইটো ছীজনত প্ৰতিভাশালী হোৱাৰ অৰ্থ কি, কিশোৰ আৱিষ্কাৰকৰ্তাৰ পৰা অলিম্পিয়াড চেম্পিয়ন আৰু পৰিৱেশৰ বাবে যুঁজা যোদ্ধালৈকে, আৰু অনেক কিবাকিবি সাঙুৰি ল’ব।

    আগতকৈ ডাঙৰ আৰু উন্নত সংস্কৰণৰ সৈতে, BYJU'S Young Geniusৰ ছীজন 2 সমগ্ৰ দেশৰ পৰা নিৰ্বাচিত অতি দক্ষ বিস্ময়কৰ শিশুৰ কঠোৰ দক্ষতা আৰু আশ্চৰ্যজনক কাৰ্য্যকলাপৰ গুণাগুণ প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে।

    অধিক জানিবৰ বাবে ইয়াত লগ ইন কৰক- BYJUS Young Genius .
    Published by:Gautam Barman
    First published: