• Home
  • »
  • News
  • »
  • career
  • »
  • IREL Recruitment 2022: দৰমহা ২ লাখ ৮০ হাজাৰ, কেন্দ্ৰীয় চৰকাৰৰ অধীনত চাকৰিৰ সুযোগ

IREL Recruitment 2022: দৰমহা ২ লাখ ৮০ হাজাৰ, কেন্দ্ৰীয় চৰকাৰৰ অধীনত চাকৰিৰ সুযোগ

বৰ্তমান আবেদন প্ৰক্ৰিয়া চলি আছে। ইচ্ছুক প্ৰাৰ্থীসকলে  ১৬ ফেব্ৰুৱাৰী ২০২২ তাৰিখৰ ভিতৰত আবেদন পত্ৰ জমা দিব লাগিব।

বৰ্তমান আবেদন প্ৰক্ৰিয়া চলি আছে। ইচ্ছুক প্ৰাৰ্থীসকলে  ১৬ ফেব্ৰুৱাৰী ২০২২ তাৰিখৰ ভিতৰত আবেদন পত্ৰ জমা দিব লাগিব।

বৰ্তমান আবেদন প্ৰক্ৰিয়া চলি আছে। ইচ্ছুক প্ৰাৰ্থীসকলে  ১৬ ফেব্ৰুৱাৰী ২০২২ তাৰিখৰ ভিতৰত আবেদন পত্ৰ জমা দিব লাগিব।

  • Share this:
সম্প্ৰতি ইণ্ডিয়ান ৰেয়াৰ আৰ্থ লিমিটেডৰ (IREL) ফালৰ পৰা এক বিজ্ঞপ্তি জাৰি কৰি চীফ জেনেৰেল মেনেজাৰ, চীফ মেনেজাৰ, মেনেজাৰ পদত নিয়োগৰ বাবে আবেদনপত্ৰ গ্ৰহণৰ কাম আৰম্ভ কৰিছে। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে শীঘ্ৰে আ‍বেদন কৰিব পাৰিব। এই বিষয়ে অধিক বিশদভাৱে জানিবলৈ প্ৰাৰ্থীসকলে ইণ্ডিয়ান ৰেয়াৰ আৰ্থ লিমিটেডৰ অফিচিয়েল ৱেবছাইটলৈ গৈ চাব পাৰে।

প্ৰকাশিত বিজ্ঞপ্তিৰ তথ্য অনুসৰি, বৰ্তমান আবেদন প্ৰক্ৰিয়া চলি আছে। ইচ্ছুক প্ৰাৰ্থীসকলে  ১৬ ফেব্ৰুৱাৰী ২০২২ তাৰিখৰ ভিতৰত আবেদন পত্ৰ জমা দিব লাগিব। আবেদন কৰিব লাগিব অনলাইনত। সেইক্ষেত্ৰত প্ৰাৰ্থীসকলে প্ৰতিষ্ঠানৰ অফিচিয়েল ৱেবছাইটত আবেদন পত্ৰ লাভ কৰিব। এই সংক্ৰান্তীয় সময়সীমাৰ কোনো সালসলনি থাকিলে জাননীযোগে প্ৰাৰ্থীসকলক অৱগত কৰা হ’ব।

নিয়োগ সম্পৰ্কীয় সম্পূৰ্ণ তথ্য :
প্ৰতিষ্ঠান ইণ্ডিয়ান ৰেয়াৰ আৰ্থ লিমিটেড (IREL)
পদৰ নাম চীফ জেনেৰেল মেনেজাৰ, চীফ মেনেজাৰ, মেনেজাৰ
খালী পদৰ সংখ্যা জনোৱা হোৱা নাই
কামৰ স্থান জনোৱা হোৱা নাই
কামৰ ধৰণ জনোৱা হোৱা নাই
নিৰ্বাচন পদ্ধতি জনোৱা হোৱা নাই
আবেদন প্ৰক্ৰিয়া আৰম্ভ চলি আছে
বেতন চীফ জেনেৰেল মেনেজাৰ – মাহিলি ১২০০০০–২৮০০০০ টকা, চীফ মেনেজাৰ – মাহিলি ৮০০০০–২২০০০০ টকা, ছিনিয়ৰ মেনেজাৰ – মাহিলি ৭০০০০–২০০০০০ টকা, মেনেজাৰ ছিকিউৰিটী – মাহিলি ৬০০০০–১৮০০০০ টকা
আবেদন পদ্ধতি অনলাইন
আবেদনৰ শেষ দিন ১৬.০২.২০২২

IREL Recruitment 2022: আবেদনৰ যোগ্যতা

চীফ জেনেৰেল মেনেজাৰ (এইচআৰএম) – পিজি/পিজি ডিপ্ল’মা/এমবিএ/এমএ/এমএছডব্লিউ/হিউমেন ৰিছ’ৰ্চ মেনেজমেণ্টত স্পেচিয়েলাইজেচনসহ ডিগ্ৰীপ্ৰাপ্ত। এইআৰএমত ন্যূনতম ২৪ বছৰীয়া প্ৰাৰ্থীসকলৰ যাৰ কামৰ অভিজ্ঞতা আছে তেওঁলোক আবেদনৰ বাবে যোগ্য।

চীফ মেনেজাৰ/ছিনিয়ৰ মেনেজাৰ প্ৰজেক্ট :

ইঞ্জিনিয়াৰিঙৰ স্নাতক। মেকানিকেল, ইলেকট্ৰনিক, চিভিল, ইন্সটলেচন, টেষ্টিং কনষ্ট্ৰাকচনৰ ব্যৱস্থাপনা ক্ষেত্ৰত কামৰ অভিজ্ঞতাসহ ন্যূনতম ২০ বছৰ বয়সীয়াসকল আবেদনৰ যোগ্য।

মেনেজাৰ ছিকিউৰিটী : 

স্নাতক ডিগ্ৰীসহ কেপ্টেইন পদমৰ্যাদাৰ সৈতে সেনা বাহিনীত যিসকলৰ অভিজ্ঞতা আছে তেওঁলোক আ‍বেদনৰ বাবে যোগ্য।

যিসকল প্ৰাৰ্থীয়ে এই পদসমূহৰ বাবে আ‍বেদন কৰিব বিচাৰে তেওঁলোকে শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, বেতনক্ৰম আৰু আন বিষয় ইয়াত উপলব্ধ বিজ্ঞপ্তিৰ মাধ্যমেৰে www.irel.co.in জানিব পাৰিব।

IREL Recruitment 2022:

চীফ জেনেৰেল মেনেজাৰ – মাহিলি ১২০০০০–২৮০০০০ টকা, চীফ মেনেজাৰ – মাহিলি ৮০০০০–২২০০০০ টকা, ছিনিয়ৰ মেনেজাৰ – মাহিলি ৭০০০০–২০০০০০ টকা, মেনেজাৰ ছিকিউৰিটী – মাহিলি ৬০০০০–১৮০০০০ টকা

IREL Recruitment 2022: বিশেষ ঘোষণা

REL–এ পাৰমাণৱিক শক্তি বিভাগৰ অধীনত কাম কৰে। ইয়াৰ কৰ্প’ৰেট অফিচ মুম্বাইত অৱস্থিত। এয়া এটমিক মিনাৰেল মাইনিং আৰু মিনাৰেল প্ৰছেছিং প্লাণ্টৰ পৰিচালনকাৰী বিভাগ।
Published by:Sanjay Kumar Das
First published: