IOCL Recruitment 2022: ইণ্ডিয়ান অইল কৰ্প’ৰেচন লিমিটেডত প্ৰায় ৬২৬টা খালী পদৰ বাবে আবেদন পত্ৰ বিচৰা হৈছে। আৱেদনৰ অন্তিম দিন ৩১ জানুৱাৰী ২০২২। ইচ্ছুক যোগ্য প্ৰাৰ্থীসকলে ৩১ জানুৱাৰীৰ ভিতৰত আবেদন কৰিব পাৰে। পৰীক্ষাৰ আয়োজন ৬ ফেব্ৰুৱাৰী ২০২২ত কৰা হ’ব। ইয়াৰ বাবে এডমিট কাৰ্ড ২ ফেব্ৰুৱাৰীত জাৰি কৰা হ’ব।
ইণ্ডিয়ান অইল কৰ্প’ৰেটন লিমিটেডত এই পদ মাৰ্কেটিং ডিভিজনৰ জৰিয়তে ট্ৰেড এপ্ৰেণ্টিচ আৰু টেকনিচিয়ান এপ্ৰেণ্টিচৰ খালী পদ পূৰণ কৰিবলৈ আয়োজন কৰা হৈছে। এই পদৰ বাবে অনলাইন আবেদনৰ প্ৰক্ৰিয়া ১৭ জানুৱাৰীৰ পৰা চলি আছে। IOCL Recruitment 2022ৰ বাবে বয়সৰ সীমা ২৪ বছৰৰ অধিক হ’ব নালাগিব। ন্যূনতম বয়স ১৮ বছৰ নিৰ্ধাৰিত কৰা হৈছে। আবেদনৰ বাবে ইচ্ছুকসকলে তলত দিয়া সহজ পদ্ধতি অনুসৰণ কৰি অনলাইন আবেদন কৰিব পাৰে।
IOCL Recruitment 2022 : অধিক জানিবলৈ ইয়াত ক্লিক কৰক অফিচিয়েল নটিফিকেচন চাবৰ বাবে ইয়াত ক্লিক কৰক
অনলাইন আবেদনৰ বাবে ইয়াত ক্লিক কৰকIOCL Recruitment 2022 : যোগ্যতাট্ৰেড এপ্ৰেণ্টিচ – এনচিভিটি/এছচিভিটিৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ITI হ’ব লাগিব।
টেকনিচিয়ান এপ্ৰেণ্টিচ – স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠান বা বিশ্ববিদ্যালয়ৰ পৰা ন্যূনতম ৫০ শতাংশ নম্বৰৰ সৈতে ৩ বছৰৰ ডিপ্ল’মা (এছচি/এছটি প্ৰাৰ্থীৰ ক্ষেত্ৰত ৪৫ শতাংশ) থাকিব লাগিব।
ট্ৰেড এপ্ৰেণ্টিচ – একাউণ্টেণ্ট : ন্যূনতম ৫০ শতাংশ নম্বৰৰ সৈতে যিকোনো বিষয়ত স্নাতক (এছচি/এছটি/পিডব্লিউবিডি প্ৰাৰ্থীৰ বাবে ৪৫ শতাংশ) হ’ব লাগিব।
ট্ৰেড এপ্ৰেণ্টিচ – ডাটা এন্ট্ৰী অপাৰেটৰ (স্কিল্ড চাৰ্টিফিকেট হ’ল্ডাৰ) : দ্বাদশ শ্ৰেণী উত্তীৰ্ণ বা ইয়াৰ সমপৰ্যায়ৰ ‘ড’মেষ্টিক ডাটা এন্ট্রী অপাৰেটৰ’ত স্কিল চাৰ্টিফিকেট থাকিব লাগিব।
ট্ৰেড এপ্ৰেণ্টিচ – ৰিটেইল ছেলছ এছ’চিয়েট (স্কিল্ড চাৰ্টিফিকেট হ’ল্ডাৰ) – দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : January 30, 2022, 13:01 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।