সম্প্ৰতি ইণ্ডিয়ান অইল কৰ্প’ৰেচন লিমিটেডৰ তৰফৰ পৰা বিজ্ঞপ্তি জাৰি কৰি গ্ৰেজুৱেট এপ্ৰেণ্টিছ ইঞ্জিনিয়াৰ পদত নিয়োগৰ বাবে আবেদন পত্ৰ গ্ৰহণৰ কাম আৰম্ভ কৰিছে। আগ্ৰহী আৰু যোগ়্ প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰে। অধিক জানিবলৈ অইল ইণ্ডিয়া কৰ্প’ৰেচন লিমিটেডৰ ৱেবছাইটলৈ গৈ চাব পাৰিব।
প্ৰকাশিত বিজ্ঞপ্তিৰ তথ্য অনুসৰি, আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। আবেদনৰ শেষ দিন ২২ মে’ ২০২২। অনলাইনত আবেদন পত্ৰ জমা দিব লাগিব। অফিচিয়েল ৱেবছাইটত উপলব্ধ হ’ব আবেদন পত্ৰ।
প্ৰাৰ্থীসকল কেমিকেল ইঞ্জিনিয়াৰিং, চিভিল ইঞ্জিনিয়াৰিং, কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং, ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং, ইন্সট্ৰুমেণ্টেচন ইঞ্জিনিয়াৰিং, ইন্সষ্ট্ৰুমেণ্টেচন ইঞ্জিনিয়াৰিং, মেটালাৰ্জিকেল ইঞ্জিনিয়াৰিং আদি ট্ৰেডত নিয়োগ কৰা হ’ব।
আবেদনৰ যোগ্যতাপ্ৰাৰ্থীসকল চৰকাৰী স্বীকৃতিপ্ৰাপ্ত যিকোনো প্ৰতিষ্ঠান, কলেজ, বিশ্ববিদ্যালয়ৰ পৰা পূৰ্ণকালীন ক’ৰ্চ হিচাপে ৬০ শতাংশ নম্বৰসহ B.Tech./BE ডিগ্ৰী সম্পন্ন কৰা হ’ব লাগিব। গেট–২০২২ উত্তীৰ্ণসকলো আবেদনৰ বাবে যোগ্য।
বেতনইঞ্জিনিয়াৰ, অফিচাৰ পদত নিৰ্বাচনত প্ৰাৰ্থীসকলে বেছিক বেতনক্ৰম হিচাপে প্ৰতিমাহে ৫০,০০০ টকা পাব।
বয়সৰ সীমাজেনেৰেল আৰু ইডব্লিউএছ প্ৰাৰ্থীসকলৰ বয়সৰ সীমা ২৬ বছৰৰ ভিতৰত হ’ব লাগিব।
নিৰ্বাচন পদ্ধতিপ্ৰাৰ্থীসকলক গ্ৰুপ ডিচকাচন, গ্ৰু টাস্ক আৰু ব্যক্তিগত সাক্ষাৎকাৰৰ মাধ্যেমেৰে নিয়োগ কৰা হ’ব। আবেদনৰ বাবে আইঅ’চিএলৰ ৱেবছাইটলৈ যাব লাগিব। অনলাইন প’ৰ্টেলত নাম ৰেজিষ্টাৰ কৰিব লাগিব। অনলাইন আবেদনৰ লিংকত ক্লিক কৰি সমস্ত প্ৰয়োজনীয় নথি আৰু প্ৰমাণপত্ৰসহ আবেদন পত্ৰ পূৰ্ণ কৰিব লাগিব। প্ৰাৰ্থীয়ে ভৱিষ্যতৰ সুবিধাৰ্থে ফৰ্মৰ এটা কপি প্ৰিণ্ট কৰি ৰাখিব পাৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|