ইণ্ডিয়ান অইল কৰ্প’ৰেচন লিমিটেডৰ (Indian Oil Corporation Limited) ফালৰ পৰা এখ বিজ্ঞপ্তি জাৰি কৰি এপ্ৰেণ্টিচ (Apprentice) পদত নিয়োগৰ বাবে আবেদন পত্ৰ গ্ৰহণৰ কাম আৰম্ভ কৰিছে। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে শীঘ্ৰে আবেদন কৰিব পাৰে। এই বিষয়ে অধিক জানিবলৈ প্ৰাৰ্থীসকলে ইণ্ডিয়ান অইল কৰ্প’ৰেচন লিমিটেডৰ অফিচিয়েল ৱেবছাইট চাব পাৰে।
প্ৰকাশিত বিজ্ঞপ্তিৰ তথ্য অনুসৰি, বৰ্তমানে আবেদন প্ৰক্ৰিয়া বৰ্তমান চলি আছে। প্ৰাৰ্থীসকলে ২৭ ডিচেম্বৰ ২০২১ তাৰিখৰ ভিতৰত ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া সম্পন্ন কৰিব লাগিব। অনলাইনত আবেদন কৰিব লাগিব। প্ৰতিষ্ঠানৰ অফিচিয়েল ৱেবছাইটত পাব আবেদন পত্ৰ। এই সংক্ৰান্তীয় কোনো সালসলনি থাকিলে জাননীযোগে অৱগত কৰিব কৰ্তৃপক্ষই।
IOCL Apprentice Recruitment 2021: খালী পদৰ সংখ্যাপ্ৰতিষ্ঠানৰ ফালৰ পৰা এতিয়ালৈ মুঠ ৩০০টা খালী পদ আছে বুলি জনোৱা হৈছে।
আবেদনৰ যোগ্যতা উল্লেখিত পদৰ বাবে শিক্ষাগত অৰ্হতা, বেতনক্ৰম, বয়সৰ সীমা আৰু আন কথা জানিব বিচাৰিলে প্ৰাৰ্থীয়ে এই লিংক ব্যৱহাৰ কৰিব পাৰে।
https://iocl.com/admin/img/Apprenticeships/Files/5e2a63d05ddd4450b45e90e4c7d31c65.pdfIOCL Apprentice Recruitment 2021: গুৰুত্বপূৰ্ণ তাৰিখআবেদন আৰম্ভৰ দিন – ১০.১২.২০২১
আবেদন পত্ৰ জমা দিয়াৰ শেষ দিন – ২৭.১২.২০২১
লিখিত পৰীক্ষা – ০৯–০১–২০২২
প্ৰভিচনেল লিষ্ট – ১৭–০১–২০২২
বয়সৰ সীমাপ্ৰাৰ্থীৰ বয়স ১৮ৰ পৰা ২৫ বছৰৰ ভিতৰত হ’ব লাগিব।
নিয়োগ সম্পৰ্কীয় সম্পূৰ্ণ তথ্য :প্ৰতিষ্ঠান ইণ্ডিয়ান অইল কৰ্প’ৰেচন লিমিটেড (Indian Oil Corporation Limited)
পদৰ নাম : এপ্ৰেণ্টিচ
খালী পদৰ সংখ্যা : ৩০০টা
কামৰ স্থান : জনোৱা হোৱা নাই
কামৰ ধৰণ : ট্ৰেইনিং সংক্ৰান্তীয় কাম
নিৰ্বাচন পদ্ধতি : লিখিত পৰীক্ষা আৰু অন্যান্য
আবেদন প্ৰক্ৰিয়া আৰম্ভ : চলি আছে
শিক্ষাগত অৰ্হতা : জনোৱা হোৱা নাই
আবেদন পদ্ধতি : অনলাইন
আবেদনৰ শেষ দিন : ২৭–১২–২০২১
IOCL Apprentice Recruitment 2021: নিৰ্বাচন পদ্ধতিপ্ৰাৰ্থীসকলক লিখিত পৰীক্ষাত প্ৰাপ্ত নম্বৰৰ ভিত্তিত আৰু যোগ্যতাৰ মান পূৰণৰ ভিত্তিত নিৰ্বাচন কৰা হ’ব। প্ৰাৰ্থীসকলে আবেদন কৰাৰ পূৰ্বে আবেদন পত্ৰ ভালকৈ পঢ়ি ল’বলৈ কোৱা হৈছে। আবেদন প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছত প্ৰাৰ্থীয়ে আবেদন পত্ৰৰ এটা কপি প্ৰিণ্ট কৰি ৰাখিব পাৰে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assamese Published by: Sanjay Kumar Das
FIRST PUBLISHED : December 16, 2021, 15:30 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।