ভাৰতীয় ৰে'ল বিভাগত চাকৰি বিচাৰি থকা প্ৰাৰ্থীসকলৰ বাবে আছে এটা ভাল খবৰ। ভাৰতীয় ৰে'লৱেই বিভিন্ন খালী পদত (job in Indian Railways) নিযুক্তিৰ বিজ্ঞাপন জাৰি কৰিছে। ইয়াৰ বাবে (Indian Railway Recruitment 2021) ৰে'লৱে নিযুক্তি কোষ, নৰ্ডান ৰে'লৱেই আগ্ৰহী আৰু সক্ষম প্ৰাৰ্থীৰ পৰা আবেদন আমন্ত্ৰণ কৰিছে। নৰ্ডান ৰে'লৱেই শিক্ষানবিশ (Apprenticeship) পদৰ বাবে আবেদন আহ্বান কৰিছে। প্ৰাৰ্থীসকলে অধিসূচনা অনুসৰি ভাৰতীয় ৰে'লৱেৰ অফিচিয়েল ৱেবছাইট rrcnr.org ত যাব লাগিব।
Indian Railway Recruitment 2021
এই পদসমূহৰ বাবে আবেদনৰ তাৰিখ
আবেদনৰ তাৰিখঃ 20 ছেপ্টেম্বৰ।
আবেদনৰ অন্তিম তাৰিখঃ 20 অক্টোবৰ।
পদৰ বিৱৰণ
মুঠ পদৰ সংখ্যা – 3093
যোগ্যতা
যিকোনো স্বীকৃত প্ৰতিষ্ঠানৰ পৰা দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰে। দশম শ্ৰেণীৰ উপৰি আইটিআই পাঠ্যক্ৰমৰ প্ৰাৰ্থীয়েও আবেদন কৰিব পাৰিব।
বয়সৰ সীমা
১৫ৰ পৰা ২৪ বছৰ বয়সৰ প্ৰাৰ্থীসকলে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|