সম্প্ৰতি ইণ্ডিয়ান আৰ্মীৰ ফালৰ পৰা এক বিজ্ঞপ্তি জাৰি কৰি বিভিন্ন গ্ৰুপ চি পদত নিয়োগৰ বাবে আবেদন পত্ৰ বিচৰা হৈছে। আগ্ৰহী প্ৰাৰ্থীসকলে শীঘ্ৰে আবেদন কৰিব পাৰে। এই বিষয়ে বিষদভাৱে জানিবলৈ প্ৰাৰ্থীসকলে ইণ্ডিয়ান আৰ্মীৰ অফিচিয়েল ৱেবছাইটলৈ গৈ চাব পাৰে।
ইণ্ডিয়ান আৰ্মীৰ গ্ৰুপ চি ৰিক্ৰুইটমেণ্ট ২০২৩ : আবেদনৰ তাৰিখ
প্ৰকাশিত বিজ্ঞপ্তি অনুসৰি, বৰ্তমান আবেদন প্ৰক্ৰিয়া চলি আছে। প্ৰাৰ্থীসকলে আগন্তুক ১১ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখৰ ভিতৰত আবেদন কৰিব লাগিব।
প্ৰাৰ্থীসকলে অফলাইনত আবেদন পত্ৰ জমা দিব লাগিব। অফিচিয়েল ৱেবছাইটত উপলব্ধ আবেদন পত্ৰ। এই সংক্ৰান্তত সময়সীমাৰ কোনো সালসলনি হ’লে সেয়া জাননীযোগে প্ৰাৰ্থীসকলক জনোৱা হ’ব।
নিয়োগ সংক্ৰান্তীয় সম্পূৰ্ণ তথ্য
সংস্থা |
ইণ্ডিয়ান আৰ্মী |
পদৰ নাম |
গ্ৰুপ চি |
খালী পদৰ সংখ্যা |
বিশদ চাওক |
কামৰ স্থান |
ভাৰত |
নিৰ্বাচন পদ্ধতি |
বিশদ চাওক |
আবেদন প্ৰক্ৰিয়া |
আৰম্ভ চলি আছে |
শিক্ষাগত অৰ্হতা |
বিশদ চাওক |
বেতন |
বিশদ চাওক |
আবেদন পদ্ধতি |
অফলাইন |
আবেদনৰ শেষ তাৰিখ |
১১.০২.২০২৩ |
ইণ্ডিয়ান আৰ্মী গ্ৰুপ চি ৰিক্ৰুইটমেণ্ট ২০২৩ : শিক্ষাগত যোগ্যতা
কুক – দশম শ্ৰেণী উত্তীৰ্ণ বা সমপৰ্যায়ৰ যোগ্যতা থাকিব লাগিব। ভাৰতীয় ৰন্ধন শৈলীৰ জ্ঞান থাকিব লাগিব আৰু ট্ৰেডিঙত বিশেষ জ্ঞান থকাটো প্ৰয়োজন।
নাপিত – দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব।
টেইলৰ – দশম শ্ৰেণী উত্তীৰ্ণ বা সমপৰ্যায়ৰ যোগ্যতা থাকিব লাগিব। কোনো স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানত টেইলৰ হিচাপে ৩ বছৰৰ কামৰ অভিজ্ঞতা থাকিব লাগিব।
মেছেঞ্জাৰ, ড্ৰাফটি, চাফাইৱালা – দশম শ্ৰেণী উত্তীৰ্ণ বা সমপৰ্যায়ৰ যোগ্যতা থাকিব লাগিব।
ইণ্ডিয়ান আৰ্মী গ্ৰুপ চি ৰিক্ৰুইটমেণ্ট ২০২৩ : বয়সৰ সীমা
১৮ৰ পৰা ২৫ বছৰৰ বয়সৰ সীমা নিৰ্ধাৰণ কৰা হৈছে।
ইণ্ডিয়ান আৰ্মী গ্ৰুপ চি ৰিক্ৰুইটমেণ্ট ২০২৩ : বেতন
১৯,৯০০–৬৩,২০০ টকা
নাপিত, টেইলৰ – ১৮,০০০–৫৬,৯০০ টকা
মেছেঞ্জাৰ, ড্ৰাফ্টমেন, চাফাইৱালা – ১৮,০০০–৫৬,৯০০ টকা
ইণ্ডিয়ান আৰ্মী গ্ৰুপ চি ৰিক্ৰুইটমেণ্ট ২০২৩ : আবেদন পদ্ধতি
আবেদন পত্ৰ ৱেবছাইটত দিয়া নিয়ম অনুসৰি যথাযথভাৱে পূৰণ কৰি তাৰ সৈতে সমস্ত প্ৰয়োজনীয় নথি আৰু চাৰ্টিফিকেটৰ জেৰক্স কপি আৰু শেহতীয়া ফটো প্ৰেৰণ কৰিব লাগিব। আেদন পত্ৰ প্ৰেৰণ কৰিব লাগিব এই ঠিকনাত – "SELECTION BOARD GP 'C' POST JAK RIF REGIMENTAL CENTRE JABALPUR CANTT PIN 482001"।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : January 20, 2023, 11:57 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।