• Home
  • »
  • News
  • »
  • career
  • »
  • India Post Recruitment 2021: ভাৰতীয় ডাক বিভাগত চৰকাৰী চাকৰিৰ সুযোগ, আবেদন কৰক

India Post Recruitment 2021: ভাৰতীয় ডাক বিভাগত চৰকাৰী চাকৰিৰ সুযোগ, আবেদন কৰক

আবেদন কৰাৰ শেষ তাৰিখ বিভিন্ন ৰাজ্যৰ বাবে পৃথক পৃথক।

আবেদন কৰাৰ শেষ তাৰিখ বিভিন্ন ৰাজ্যৰ বাবে পৃথক পৃথক।

আবেদন কৰাৰ শেষ তাৰিখ বিভিন্ন ৰাজ্যৰ বাবে পৃথক পৃথক।

  • Share this:
সম্প্ৰতি ইণ্ডিয়া পোষ্ট (India Post)–এ সমগ্ৰ দেশত ২৬২টা খালী পদ পূৰণৰ বাবে এক বিজ্ঞপ্তি জাৰি কৰিছে। ক্ৰীড়া কোটাৰ অধীনত মেধাৱী ক্ৰীড়াবিদসকলৰ চৰকাৰী নিয়োগৰ বাবে ভাৰতীয় নাগৰিকসকলৰ পৰা আবেদন পত্ৰ বিচৰা হৈছে। এই বিষয়ে অধিক জানিবলৈ প্ৰাৰ্থীসকলে অফিচিয়েল ৱেবছাইট www.indiapost.gov.in লৈ গৈ চাব পাৰে।

বিজ্ঞপ্তিত প্ৰকাশ পোৱা অনুসৰি, আবেদন কৰাৰ শেষ তাৰিখ বিভিন্ন ৰাজ্যৰ বাবে পৃথক পৃথক। ইণ্ডিয়া পোষ্ট গুজৰাট, মধ্য প্ৰদেশ, ছত্তীশগড়, ওড়িশা, ঝাৰখণ্ড আৰু হিমাচল প্ৰদেশ চাৰ্কলৰ বাবে এছিষ্টেণ্ট, পোষ্টমেন, মেইল গাৰ্ড আৰু মাল্টি ষ্টাফ পদৰ বাবে আবেদন পত্ৰ বিচৰা হৈছে।

India Post Recruitment 2021: খালী পদৰ সংখ্যা আৰু বিৱৰণ

বিজ্ঞপ্তি অনুসৰি, পোষ্টেল এছিষ্টেণ্ট পদৰ বাবে ৭১জন, পোষ্টমেন বা মেইল গাৰ্ডৰ বাবে ৫৬জন আৰু এমটিএছ পদৰ বাবে ৬১জন প্ৰাৰ্থী নিয়োগ কৰা হ’ব।

মধ্য প্ৰদেশত, ইণ্ডিয়া পোষ্টত ৭১জন ডাক সহকাৰী, ৫৬জন পোষ্টমেন আৰু ৬১জন এমটিএথ নিয়োগ কৰা হ’ব।

ছত্তীশগড়ত ডাক সেৱা, ডাক সহকাৰী ৫টা, পোষ্টমেন ৪টা আৰু এমটিএছৰ ৩টা পদ পূৰণৰ বাবে আবেদন পত্ৰ আহ্বান কৰা হৈছে।

ইণ্ডিয়া পোষ্ট হিমাচল প্ৰদেশত ১৩জন ডাক সহকাৰী, ২জন পোষ্টমেন আৰু ৩জন এমটিএছ নিয়োগ কৰিব। বিজ্ঞপ্তিত আৰু কোৱা হৈছে যে ইণ্ডিয়া পোষ্ট ঝাৰখণ্ডত ৬টা ডাক সহকাৰী, ৫টা পোষ্টমেন আৰু ৮টা এমটিএছৰ খালী পদ পূৰণ কৰা হ’ব।

বয়সৰ সীমা

ডাক সহকাৰী পদৰ বাবে আবেদনকাৰীৰ বয়স হ’ব লাগিব ১৮ৰ পৰা ২৭ বছৰৰ ভিতৰত। পোষ্টমেনৰ বাবে বয়সৰ সীমা ১৮ বছৰৰ পৰা ২৭ বছৰ। এমটিএছ পদৰ বাবে আবেদনকাৰীৰ বয়স ২৫ বছৰৰ ভিতৰত হ’ব লাগিব।

নিয়োগ সম্পৰ্কীয় সম্পূৰ্ণ তথ্য :

প্ৰতিষ্ঠান : ইণ্ডিয়ান পোষ্ট

পদৰ নাম : ডাক সেৱা, ডাক সহকাৰী, পোষ্টমেন, এমটিএছ আৰু অন্যান্য

খালী পদৰ সংখ্যা : ২৬২

কামৰ স্থান : গুজৰাট, মধ্য প্ৰদেশ, ছত্তীশগড়, ওড়িশা, ঝাৰখণ্ড আৰু হিমাচল প্ৰদেশ

কামৰ ধৰণ : চৰকাৰী

নিৰ্বাচন পদ্ধতি : জনোৱা হোৱা নাই

আবেদন প্ৰক্ৰিয়া আৰম্ভ : চলি আছে

শিক্ষাগত অৰ্হতা : জনোৱা হোৱা নাই

বেতন : জনোৱা হোৱা নাই

আবেদন পদ্ধতি : অনলাইন

আবেদনৰ শেষ দিন

গুজৰাট চাৰ্কল : ২৫ নৱেম্বৰ ২০২১

মধ্য প্ৰদেশ চাৰ্কল : ৩ ডিচেম্বৰ ২০২১

ছত্তীশগড় চাৰ্কল : ৩ ়িচেম্বৰ ২০২১

হিমাচল প্ৰদেশ চাৰ্কল : ১৫ ডিচেম্বৰ ২০২১

ওড়িশা চাৰ্কল : ৩ ডিচেম্বৰ ২০২১

ঝাৰখণ্ড চাৰ্কল : ২৫ নৱেম্বৰ ২০২১

অনলাইন আবেদন পত্ৰ জমা দিয়া তাৰিখ

গুজৰাট চাৰ্কল : ২৫ নৱেম্বৰ ২০২১

মধ্য প্ৰদেশ চাৰ্কল : ৩ ডিচেম্বৰ ২০২১

ছত্তীশগড় চাৰ্কল : ৩ ডিচেম্বৰ ২০২১

হিমাচল প্ৰদেশ চাৰ্কল : ১৫ ডিচেম্বৰ ২০২১

ওড়িশা চাৰ্কল : ৩ ডিচেম্বৰ ২০২১

ঝাৰখণ্ড চাৰ্কল ২৫ নৱেম্বৰ ২০২১

Assam News Today | News in Assamese | Latest News in Assamese
Published by:Sanjay Kumar Das
First published: