আই আই টি বম্বেয়ে আজি ১১ ছেপ্টেম্বৰত দেশৰ আটাইতকৈ কঠিন প্ৰৱেশ পৰীক্ষাসমূহৰ ভিতৰত এটা JEE Advanced পৰীক্ষাৰ ফলাফল ঘোষণা কৰে। যিয়ে প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হ'ব তেওঁলোকেই কাউন্সেলিং প্ৰক্ৰিয়াৰ পিছত নামভৰ্তিৰ বাবে যোগ্য হ'ব।
JEE Advanced ৰ বাবে মুঠ ১৫৫৫৩৮ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হয় যাৰ ভিতৰত মাত্ৰ ৪০৭১২ গৰাকী প্ৰাৰ্থীয়েহে যোগ্যতা অৰ্জন কৰিছে। আই আই টিৰ প্ৰৱেশ পৰীক্ষাত শিশিৰে ৩৬০ নম্বৰৰ ভিতৰত ৩১৪ নম্বৰ লাভ কৰিছে। মহিলাৰ ভিতৰত তানিস্কা কাব্ৰাই ষষ্ঠদশ লাভ কৰি শীৰ্ষস্থান দখল কৰিছে।
JEE Mains ত ভাল প্ৰদৰ্শন কৰা কমেও ২,৫০,০০০ ছাত্ৰ-ছাত্ৰীয়ে JEE Advanced ৰ বাবে উপস্থিত হোৱাৰ সুযোগ পায়। কিন্তু এইবাৰ ২০২১ চনৰ বাকী থকা ছাত্ৰ-ছাত্ৰীসকলকো সেই তালিকাত সংযোজন কৰা হৈছে যদিও পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা হ্ৰাস পাইছে। আবেদন কৰিবলৈ যোগ্য ২.৫ লাখ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত মাত্ৰ ১.৬ লাখ পৰীক্ষাৰ্থীয়েহে আই আই টিত নামভৰ্তিৰ বাবে আবেদন কৰিছিল।
এইবাৰ JEE Advanced 2022 ত 50 গৰাকী বিদেশী শিক্ষাৰ্থীকে ধৰি মুঠ ১.৬ লাখ ছাত্ৰ-ছাত্ৰীয়ে পঞ্জীয়ন কৰে। যোৱা ২৮ আগষ্টত দুটা শ্বিফটত অনুষ্ঠিত হৈছিল এই পৰীক্ষা। তেওঁ ৩৬০ নম্বৰৰ ভিতৰত ৩৪৮ নম্বৰ লাভ কৰি JEE Advanced 2021 কমন ৰেংক লিষ্ট (CRL)ত শীৰ্ষস্থান দখল কৰে।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|