শেহতীয়াকৈ, ভাৰতীয় কৃষি গৱেষণা পৰিষদ (আইচিএআৰ) আৰু ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান (আইএআৰআই)য়ে সহায়কৰ খালী পদ পূৰণৰ বাবে বিজ্ঞাপন জাৰি কৰিছে। সবিশেষ জানিবলৈ প্ৰাৰ্থীসকলে iari.res.in আইচিএআৰ আইএআৰআই ৱেবছাইট ভিজিট কৰিব পাৰে।
প্ৰকাশিত তথ্য অনুসৰি, আবেদন প্ৰক্ৰিয়া ৭ মে'ৰ পৰা আৰম্ভ হৈছে। আবেদন কৰাৰ অন্তিম দিন হৈছে ১ জুন, ২০২২। আপুনি অনলাইন আবেদন কৰিব লাগিব। এই ক্ষেত্ৰত, প্ৰাৰ্থীসকলে সংস্থাৰ অফিচিয়েল ৱেবছাইটত আবেদন পত্ৰ লাভ কৰিব।
- মুখ পদৰ সংখ্যাঃ ৪৬২
- পোষ্টৰ নামঃ এচিচটেণ্ট হেডকোৱাৰ্টাৰঃ ৭১টা পদ।
- এচিচটেণ্ট ইনষ্টিটিউটঃ ৩৯১টা।
আবেদনৰ বাবে যোগ্যতাঃ
- দুয়োটা ক্ষেত্ৰতে, প্ৰাৰ্থীজন যিকোনো স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক হ'ব লাগিব।
- প্ৰাৰ্থীৰ বয়স ১ জুন, ২০২২-ৰ ভিতৰত ২০ৰ পৰা ৩০ বছৰৰ ভিতৰত হ'ব লাগিব।
- চৰকাৰী নিয়ম অনুসৰি উৰ্ধতম বয়সৰ সীমাত শিথিলতা আছে।
- খালী পদসমূহৰ জাতিগতসংৰক্ষণৰ বিষয়ে বিতং তথ্য প্ৰতিষ্ঠানটোৰ নিজা ৱেবছাইট iari.res.in উপলব্ধ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|