ইনষ্টিটিউট অৱ বেংকিং পাৰ্চনেল চিলেকচনে ঘোষণা কৰিছে IBPS RRB PO 2022 ৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল। Group “A” - Officers (Scale-I) প্ৰাৰম্ভিক পৰীক্ষাৰ নিযুক্তিৰ বাবে RRBs (CRP-RRBs-XI) ৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে অফিচিয়েল ৱেবচাইটৰ জৰিয়তে ফলাফল চাব পাৰিব ibps.in ত।
ফলাফলৰ লিংক ২০ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰ, ২০২২ লৈ উপলব্ধ হ’ব। তলত দিয়া এই সহজ পদ্ধতিৰ জৰিয়তে প্ৰাৰ্থীসকলে ফলাফল চাব পাৰিব।
IBPS RRB PO Prelims 2022 পৰীক্ষাৰ ফলাফল চাবলৈ ইয়াত ক্লিক কৰকIBPS RRB PO Prelims Result 2022: কেনেকৈ চাব আপোনাৰ ফলাফল?
- IBPS ৰ অফিচিয়েল চাইট ibps.in চাওক।
- হোম পেজত উপলব্ধ IBPS RRB PO Prelims Result 2022 লিংকত ক্লিক কৰক।
- লগ-ইনৰ সবিশেষ লিখি submit ত ক্লিক কৰক।
- আপোনাৰ ফলাফল পৰ্দাত প্ৰদৰ্শিত হ’ব।
- ফলাফল চাওক আৰু পেজটো ডাউনলোড কৰক।
- অধিক প্ৰয়োজনৰ বাবে একেখিনিৰ হাৰ্ড কপি চেভ কৰি ৰাখক।
অহা ১ অক্টোবৰ, ২০২২ ৰ পৰা মূল পৰীক্ষা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। প্ৰাৰম্ভিক পৰীক্ষাত যোগ্যত অৰ্জন কৰা প্ৰাৰ্থীসকলে মূল পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ যোগ্যতা অৰ্জন কৰিব। অধিক সম্পৰ্কীয় বিৱৰণ প্ৰাৰ্থীসকলে আইবিপিএছৰ অফিচিয়েল চাইটত চাব পাৰিব।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|