শিৱসাগৰলৈ আন এক ভাল খবৰ । হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC)ৰ বহী পুনৰীক্ষণত ৰাজ্যৰ ভিতৰতে ষষ্ঠ স্থান লাভ কৰিছে শিৱসাগৰ (Sivasagar)ৰ প্ৰাৰ্থনা দত্তই । স্থান লাভ কৰা প্ৰাৰ্থনা দত্ত শলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী।
যোৱা ৭ জুনত SEBAই ঘোষণা কৰা ফলাফল অনুসৰি সাধাৰণ বিজ্ঞানত মাত্ৰ ৬৭ নম্বৰ লাভ কৰিছিল মেধাৱী ছাত্ৰীগৰাকীয়ে । কিন্তু সাধাৰণ বিজ্ঞানত ৯০ৰো অধিক নম্বৰ লাভ কৰিব বুলি দৃঢ় বিশ্বাস আছিল ছাত্ৰী গৰাকীৰ। সেয়ে বহী পুনৰীক্ষণৰ বাবে আবেদন জনাইছিল প্ৰাৰ্থনাই। অৱশেষত সাধাৰণ বিজ্ঞানত ৯৯ নম্বৰ লাভ কৰাৰ পাছতেই ৰাজ্যৰ ভিতৰতে ষষ্ঠ স্থান লাভ কৰা বুলি ঘোষণা কৰিছে ছেবাই ।
মেধাবী ছাত্ৰী প্ৰাৰ্থনা দত্ত শলগুৰি অঞ্চলৰ প্ৰয়াত তিলক দত্ত আৰু জুৰি শইকীয়া দত্তৰ একমাত্ৰ কন্যা । মাত্ৰ তিনিবছৰ বয়সতে পিতৃক হেৰুওৱা ছাত্ৰীগৰাকীৰ পৰিয়াল তথা অধ্যয়ন কৰা বিদ্যালয়খনত এতিয়া আনন্দৰ জোৱাৰ ।
একে সময়তে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দৰে এক গুৰুত্বপূৰ্ণ পৰীক্ষাত এনে ধৰণৰ দায়িত্বজ্ঞানহীন কাণ্ডৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে পৰিয়ালৰ লগতে স্থানীয় ৰাইজে।উল্লেখযোগ্য যে একেখন বিদ্যালয়ৰে পৰা উচ্চতৰ মাধ্যমিকত দশম স্থান লাভ কৰিছিল দেবীস্তুতি হাজৰিকা নামৰ ছাত্ৰীগৰাকীয়ে ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|