সদ্য সমাপ্ত হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC)ৰ ফলাফল ঘোষণা কৰা হ'ব মে' মাহত। আজি এই কথা ঘোষণা কৰিলে অসম মাধ্যমিক শিক্ষা পৰিষদ বা SEBAৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই। গহপুৰত আজি এই কথা ঘোষণা কৰে SEBAৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই। উল্লেখ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে হাই মাদ্ৰাছা (AHM) পৰীক্ষাৰো ফলাফল একেদিনাই ঘোষণা কৰা হ'ব। যোৱা ১৫ মাৰ্চৰ পৰা আৰম্ভ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে হাই মাদ্ৰাছা পৰীক্ষা।হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ ৪,১৯,৮৮৭ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ লগতে হাই মাদ্ৰাছাত অৱতীৰ্ণ হৈছে মুঠ ১১,২৪৫ গৰাকী শিক্ষাৰ্থী।