৪০ শতাংশ পাঠ্যক্ৰম হ্ৰাস কৰি HSLC পৰীক্ষা আয়জনক লৈ চলা বিভ্ৰান্তি দূৰ কৰিলে শিক্ষামন্ত্ৰীয়ে।
৪০ শতাংশ পাঠ্যক্ৰম হ্ৰাস কৰি HSLC পৰীক্ষা আয়জনক লৈ চলা বিভ্ৰান্তি দূৰ কৰিলে শিক্ষামন্ত্ৰীয়ে।
২০২১ বৰ্ষত ছপা কৰা প্ৰশ্নকাকত আৰু উত্তৰ বহীৰে অনুষ্ঠিত হ’ব আগন্তুক মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষা। আগন্তুক ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম হাই মাদ্ৰাছা পৰীক্ষা ২০২১ বৰ্ষত ছপা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ প্ৰশ্নকাকত আৰু উত্তৰ বহীৰে অনুষ্ঠিত হ’ব। ছেবাৰ তৰফৰ পৰা এক জাননী যোগে এই কথা প্ৰকাশ কৰিছে।
২০২১ বৰ্ষত ক’ভিড সংক্ৰমণৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল যাৰ বাবে পৰীক্ষাৰ প্ৰশ্নকাকত আৰু উত্তৰ বহীসমূহ ব্যাৱহাৰ নোহোৱাকৈয়ে থাকি যায়। প্ৰাকৃতিক সম্পদৰ অপব্যাৱহাৰ ৰোধ কৰাৰ বাবেই ছেবাই ২০২১ বৰ্ষৰ ব্যাৱহাৰ নোহোৱাকৈ থাকি যোৱা প্ৰশ্নকাকত আৰু উত্তৰ বহীৰে ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
ছেবাৰ তৰফৰ পৰা প্ৰকাশ কৰা জননীত ২০২২ বৰ্ষৰ নিৰ্দিষ্ট পাঠ্যক্ৰম অনুসৰিয়ে ২০২১ বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্নকাকত প্ৰস্তুত কৰি উলিওৱা হৈছিল বুলিও উল্লেখ কৰে। উল্লেখযোগ্য যে, বিগত বৰ্ষত ক’ভিড সংক্ৰমণৰ বাবে ছেবাই পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰাৰ পাছত এইবেলি ছাত্ৰ-ছাত্ৰী সকলক ক’ভিড ভেকচিন প্ৰদান কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
ইফালে এই প্ৰশ্ন কাকত সন্দৰ্ভত পৰীক্ষাৰ্থীয়ে ভয় কৰাৰ কোনো কাৰণ নাই বুলি নিশ্চিতি দিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। মন্ত্ৰী গৰাকীয়ে কয় যে এইবাৰ ৪০ শতাংশ পাঠ্যক্ৰম কৰ্তনেৰে কেৱল ৬০ শতাংশ পাঠ্যক্ৰমেৰেই অনুষ্ঠিত হ'ব এইবাৰৰ পৰীক্ষা। বিগত বৰ্ষতো সেই একেই ৬০ শতাংশ পাঠ্যক্ৰমৰ ওপৰতেই প্ৰশ্ন কাকত প্ৰস্তুত কৰা আছিল।
২০২১ বৰ্ষত আৰম্ভণিতে ৩০ শতাংশ পাঠ্যক্ৰম হ্ৰাস কৰা হৈছিল যদিও পাছলৈ কোৰণাৰ বাবে পুনৰ ১০ শতাংশ পাঠ্যক্ৰম হ্ৰাস কৰি মুঠ ৪০ শতাংশ পাঠ্যক্ৰম হ্ৰাস কৰি প্ৰশ্ন কাকত ছপা কৰা হয়। কিন্তু কোৰণাৰ বাবে ২০২১ বৰ্ষত অৱশেষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল যাৰবাবে পৰীক্ষাৰ প্ৰশ্নকাকত আৰু উত্তৰ বহী সমূহ ব্যাৱহাৰ নোহোৱাকৈয়ে থাকি যায়।
ছেবাই সংবাদমেল সম্বোধন কৰি কয় যে প্ৰশ্ন কাকত ছেবা কাৰ্যালয়তে আৰু বৈজ্ঞানিকভাবে সংৰক্ষণ কৰা হৈছে। শিক্ষাৰ্থীৰ ভৱিষ্যতৰ সৈতে খেলা আমি নকৰোঁ স্পষ্ট কৰি ছাবাই কয় যে কৰ্তন কৰা ৪০% বিষয়ৰ পৰা এটা প্ৰশ্নও নাহে। অৱশ্যে এই কথা জনাওতে পলম হোৱাত দুখ প্ৰকাশ কৰি ছেবাই কয়, "আমি দুঃখিত, আমি জনাওঁতে অলপ দেৰি হ'ল আমি সময়ত জনাব নোৱাৰিলোঁ। আমি অধিসূচনা জাৰী কৰিছিলোঁ, ৪০% কৰ্তন সন্দৰ্ভত। বেলেগ এটা প্রশ্নও নাহে। আমি নিশ্চিত।"
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|