গ্ৰেজুৱেট দিদিয়ে চাহ দোকান (Graduate Chaiwali) এৰি এতিয়া ফুড ট্ৰাক লৈ আগবাঢ়িছে। অৰ্থাৎ এতিয়া সৰু দোকান নহয়, এখন ডাঙৰ ট্ৰাকত চাহ আৰু খাদ্য লৈ সকলোৰে ওচৰলৈ আহিব গ্ৰেজুৱেট দিদি৷ বিহাৰৰ প্ৰিয়ংকা গুপ্তাই বহু সপোন লৈ অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভ কৰিছিল৷ কিন্তু শেষত প্ৰিয়ংকাই চাকৰি নাপালে। তাতে ৰৈ নাথাকি তেওঁ নিজৰ ভৱিষ্যত নিজে সৃষ্টি কৰিলে৷ প্ৰিয়ংকাই পাটনা মহিলা মহাবিদ্যালয়ৰ সন্মুখত এখন চাহৰ দোকান খুলিলে। প্ৰিয়ংকাই সৰু চাহৰ দোকানখন এৰি এতিয়া ট্ৰাকত খাদ্য বিক্ৰী কৰিবলৈ আহিছে৷ কেৱল চাহ নহয়, সকলো ধৰণৰ সুস্বাদু খাদ্যও থাকিব ইয়াত ৷ অৰ্থাৎ সৰু দোকান এখনৰ পৰা তেওঁৰ ব্যৱসায় অলপ ডাঙৰ হৈ আহিছে ৷ প্ৰিয়ংকাই আকৌ এবাৰ আঙুলিয়াই দিলে যে উন্নতিৰ এটা উপায় সদায় খোলা থাকে ৷ তাৰোপৰি প্ৰিয়ংকাই নিজৰ ব্যৱসায়ৰ জৰিয়তে যুৱচামক এটা বাৰ্তাও দিছে যে চাকৰি নাপালেই নিৰাশ নহ'বলৈ। বিহাৰৰ চায়ৱালী দিদিয়ে কয় যে মানুহে নিজৰ ভৱিষ্যত নিজে সৃষ্টি কৰিব পাৰে!
Bihar: Priyanka Gupta, an economics graduate sets up a tea stall near Women's College in Patna
I did my UG in 2019 but was unable to get a job in the last 2 yrs. I took inspiration from Prafull Billore. There are many chaiwallas, why can't there be a chaiwali?, she says pic.twitter.com/8jfgwX4vSK