কাছাৰত ৯২ খন বিদ্যালয়ত পূৰ্বে তিনি বছৰত এটাও প্ৰথম বিভাগ নাছিল। কিন্তু এইবাৰ ছেবালৈ পঠিওৱা ৰিপৰ্টত বিদ্যালয়কেইখনত প্ৰথম বিভাগ পাইছে কেইবাজনো শিক্ষাৰ্থীয়ে।
কাছাৰত ৯২ খন বিদ্যালয়ত পূৰ্বে তিনি বছৰত এটাও প্ৰথম বিভাগ নাছিল। কিন্তু এইবাৰ ছেবালৈ পঠিওৱা ৰিপৰ্টত বিদ্যালয়কেইখনত প্ৰথম বিভাগ পাইছে কেইবাজনো শিক্ষাৰ্থীয়ে।
ৰাজ্যৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত যেন ক্ৰমাৎ অন্ধকাৰৰ গহ্বৰত সোমাই পৰিছে। ভাল ৰিজাল্টৰ নামত ধনৰ লেনদেনৰ কেলেংকাৰী ফাদিল হোৱাৰ পিছত অস্বাভাৱিক উত্তীৰ্ণৰ হাৰ আৰু নম্বৰৰ জোৱৰাৰ দেখি সাময়িকভাৱে মেট্ৰিক অৰ্থাৎ হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC)ৰ মূল্যায়ন স্থগিত ৰাখিবলৈ বাধ্য হৈছে ছেবা (SEBA)ই ।
অতি শীঘ্ৰেই ছেবাৰ তৰফৰ পৰা এই সন্দৰ্ভত এক জাননী জাৰি কৰা হ'ব বুলিও জানিব পৰা গৈছে।
জানিব পৰামতে HSLCৰ মূল্যায়নৰ ক্ষেত্ৰত পোহৰলৈ আহিছে ভয়ংকৰ বেমাজালি । পূৰ্বে তিনি বছৰত এটাও প্ৰথম বিভাগ নোপোৱা বিদ্যালয়ত এইবাৰ বহু ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিছে প্ৰথম বিভাগ। এনে এক ভয়ংকৰ কাণ্ড পোহৰলৈ আহিছে কাছাৰত। কাছাৰত ৯২ খন বিদ্যালয়ত পূৰ্বে তিনি বছৰত এটাও প্ৰথম বিভাগ নাছিল। কিন্তু এইবাৰ ছেবালৈ পঠিওৱা ৰিপৰ্টত বিদ্যালয়কেইখনত প্ৰথম বিভাগ পাইছে কেইবাজনো শিক্ষাৰ্থীয়ে।
এই তথ্য পোহৰলৈ অহাৰ পিছতে আন আন বিদ্যালয়তো এনে ধৰণৰ বেমেজালিৰ আশংকা কৰি সাময়িকভাবে মূল্যায়ন স্থগিত ৰাখিছে ছেবাই। শীঘ্ৰে প্ৰকাশ পাব ছেবাৰ মূল্যায়নৰ গাইডলাইন।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|