মুখ্যপৃষ্ঠা » খবৰ

» কেৰিয়াৰ

»Railwayৰ এই প্ৰজেক্টৰ সৈতে আৰম্ভ কৰক কাম, প্ৰতি মাহত হ’ব ৮০ হাজাৰ টকালৈ উপাৰ্জন

Railwayৰ এই প্ৰজেক্টৰ সৈতে আৰম্ভ কৰক কাম, প্ৰতি মাহত হ’ব ৮০ হাজাৰ টকালৈ উপাৰ্জন

News18 Assam | News18-Assam
Updated:October 12, 2021, 12:21 PM IST
Railwayৰ এই প্ৰজেক্টৰ সৈতে আৰম্ভ কৰক কাম, প্ৰতি মাহত হ’ব ৮০ হাজাৰ টকালৈ উপাৰ্জন
টিকট কাটিবলৈ এই এজেণ্ট নিয়োগ কৰা হয়। টিকটৰ পৰা সুন্দৰ কমিচন পোৱা যায়। ইয়াৰ জৰিয়তে এজেণ্টে ই–টিকট বুক কৰিব পাৰে।

টিকট কাটিবলৈ এই এজেণ্ট নিয়োগ কৰা হয়। টিকটৰ পৰা সুন্দৰ কমিচন পোৱা যায়। ইয়াৰ জৰিয়তে এজেণ্টে ই–টিকট বুক কৰিব পাৰে।

  • Share this:


বুকিং এজেন্সীলৈ দুটা প্লেন আছে, প্ৰথমে প্লেনৰ অধীনত এক বছৰৰ এজেন্সীৰ চাৰ্জ আছে, অৰ্থাৎ ৩,৯৯৯ টকা। দ্বিতীয় প্লেনত দুই বছৰৰ এজেন্সীৰ চাৰ্জ ৬,৯৯৯ টকা। যদি আপুনি আইআৰচিটিচিৰ এজেণ্ট হ’ব বিচাৰে তেন্তে প্ৰথমে আপুনি ডিমাণ্ড ট্ৰাফ্ট অৰ্থাৎ ডিডি বনাব লাগিব।

যদি আপুনি কামৰ সন্ধানত আছে তেন্তে ৱাৰতীয় ৰে’লৱেই আপোনাৰ বাবে আনিছে উপাৰ্জনৰ সুযোগ। IRCTCৰ সৈতে জড়িত হৈ সুন্দৰ উপাৰ্জন কৰিব পাৰে। আইআৰচিটিচিৰ এজেণ্ট হৈ বহু লোকে ভাল উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। অৰ্থাব্থব আপোনাৰ পজিচন ৰে’ল ট্ৰেভেল ছাৰ্ভিচ এজেণ্ট হ’ব।

আচলতে টিকট কাটিবলৈ এই এজেণ্ট নিয়োগ কৰা হয়। টিকটৰ পৰা সুন্দৰ কমিচন পোৱা যায়। ইয়াৰ জৰিয়তে এজেণ্টে ই–টিকট বুক কৰিব পাৰে। ইয়াৰ ভিতৰত শ্লীপাৰ ক্লাছৰ এটা টিকট বুক কৰিলে ২০ টকা আৰু এচিৰ এটা টিকট বুক কৰিলে ৪০ টকা কমিচন পোৱা যায়।

৮০,০০০ টকালৈ হ’ব পাৰে উপাৰ্জন

এক মাহত যিমান টিকট বুক কৰিব পাৰে, সিমানে উপাৰ্জন কৰিব পাৰে। ইয়াৰ কোনো সীমা নাথাকে। প্ৰতিটো বুকিং আৰু লেনদেনত কমিচন লাভ কৰে এজেণ্টে। এজন এজেণ্টে প্ৰতি মাহত ৮০ হাজাৰ টকালৈ উপাৰ্জন কৰিব পাৰে। যদি কাম কম হয় তেন্তে ৪০–৫০ হাজাৰ টকাও হ’ব পাৰে।

কেনেকৈ হ’ব এজেণ্ট

যদি কোনোৱে আইআৰচিটিচিৰ এজেণ্ট হ’ব বিচাৰে তেন্তে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ’ব লািব। এজেণ্টৰ বাবে আবেদন কৰে তেন্তে প্ৰথমে আইআৰচিটিচিৰ অফিচিয়েল ৱেবছাইটলৈ যাব লাগিব। ইয়াত গৈ আবেদন ফৰ্ম পূৰণ কৰিব লাগিব। ইয়াৰ বাবে পেন কাৰ্ড, আধাৰ কাৰ্ড, ম’বাইল নম্বৰ, ভেলিড ইমেইল, ফটো, Residential address proof, Declaration form আদি নথিৰ প্ৰয়োজন হ’ব

Published by: Sanjay Kumar Das
First published: October 12, 2021, 12:21 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি