ৰাজ্য চৰকাৰৰ স্বাস্থ্য সঞ্চালকালয়ে প্ৰকাশ কৰা দুটা বিজ্ঞাপন মতে ২৭২০টা পদত নিযুক্তি দিব। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ এই পদসমূৰ বাবে অৰ্হতা অষ্টম শ্ৰেণী উত্তীর্ণৰ পৰা আৰম্ভ হ'ব। দৰমহা ১৪,০০০ৰ পৰা ৬০,৫০০লৈ। স্বাস্থ্য সঞ্চালকালয় ( Directorate of Health Services)-ৰ তৃতীয় বৰ্গৰ টেকনিকেল আৰু নন-টেকনিকেল তথা চতুৰ্থ বৰ্গৰ পদসমূহৰ বিষয়ে জানি লওক।
(ক) তৃতীয় বৰ্গৰ পদ (টেকনিকেল)
মুঠ পদঃ ৯০৭
কেটেগৰী অনুসৰি খালী পদ-
অসংৰক্ষিতঃ ৩৬৪, SC: ৫৪, STP: ৯০, STH: ৪৬, OBC/ MOBC: ২৩০, PWD: ৩৮, EWS: ৮৫
খালী পদ অনুসৰি
অক্সিলিয়াৰী নাৰ্ছ মিডৱাইফ (এএনএম)- ৩৫৩, ডাৰ্ক ৰুম এচিষ্টেণ্ট- ২, ড্ৰাইভাৰ- ৭৩, ডায়েটিচিয়ান- ১, ইচিজি টেকনিচিয়ান- ৬, ইলেকট্ৰিয়ান- ১০, আইচিইউ টেকনিচিয়ান- ৪৭, লেবৰেটৰী টেকনিচিয়ান- ৫০,
মেডিকেল ৰেকৰ্ড টেকনিচিয়ান- ৪, অ' টি টেকনিচিয়ান-১৪, চকুৰ সহায়ক- ৬৭, ফাৰ্মাচিষ্ট- ৭০, ফাৰ্মাচিষ্ট (আয়ুৰ)- ৩
ফিজিঅ'থেৰাপিষ্ট- ১২, প্লাম্বাৰ- ৬, ৰেডিঅ'গ্ৰাফাৰ- ২৫,
ষ্টাফ নাৰ্ছ-১৬৪
(খ) তৃতীয় বৰ্গৰ পদ (নন-টেকনিকেল)
মুঠ পদঃ ৬২১
কেটেগৰী অনুসৰি খালী পদ-
অসংৰক্ষিতঃ ২৪১, SC: ৩৮, STP: ৬২, STH: ২৮, OBC/ MOBC: ১৬৪, PWD: ৩১, EWS: ৫৭
কেটেগৰী অনুসৰিঃ
সহকাৰী এণ্টোমোলজিষ্ট- ২, একাউণ্ট সহায়ক/এল ডি এ/কনিষ্ঠ সহায়ক- ১০৭, একাউণ্টেণ্ট- ২, সহকাৰী ৰসায়নবিদ- ৯, স্বাস্থ্য কৰ্মী (BHW)- ১৩, কমপাইলাৰ-১, কম্পিউটাৰ অপাৰেটৰ- ১, কম্পিউটাৰ- ২, ড্ৰেছাৰ-২৭, হেল্থ এডুকেটৰ- ৮৭, লেপ্ৰ'চী এনজেকটৰ- ৮, লেপ্ৰচী ছ'চিয়েল ৱৰ্কাৰ- ৫, বহুমুখী কৰ্মী (MPW) পুৰুষঃ ২৬০, অ-চিকিৎসা সহায়ক (NMA)- ৭৭, পাৰিসাংখ্যিক সহায়ক- ৯, পাৰিসাংখ্যিক কম্পিউটাৰ- ২, পাৰিসাংখ্যিক অনুসন্ধানকাৰী- ৪, টিবি হেলথ ভিজিটৰ- ৩, নগৰীয়া কুষ্ঠ কৰ্মী- ২
(গ) চতুৰ্থ বৰ্গৰ পদ
মুঠ পদঃ ১১৯২
কেটেগৰী অনুসৰি খালী পদ-
অসংৰক্ষিত- ৪৭৭, SC: ৭১, STP: ১১৯, STH: ৬০, OBC/ MOBC: ২৯৮, PWD: ৪৮, EWS: ১১৯
চকীদাৰ- ১১৪, ৰান্ধনী- ১৮, বৈদ্যুতিক সহায়ক- ৪, মহিলা পৰিচাৰক- ৩৯, ক্ষেত্ৰ কৰ্মী- ২৪, গ্ৰেড-4- ৪০২, ইনছেক কালেক্টৰ- ৯, লেবৰেটৰী এটেণ্ডেণ্ট- ৫, লেবৰেটৰী বিয়েৰাৰ- ৬, মেল এটেণ্ডেণ্ট- ২০, নাইট চকীদাৰ- ২২, OT এটেণ্ডেণ্ট- ১৩, অ'পিডি এটেণ্ডেণ্ট- ১৪, আউটডোৰ এটেণ্ডেণ্ট-১, পিয়ন-১৬০, চুপিৰিয়ৰ ফিল্ড ৱৰ্কাৰ- ৭, চুইপাৰ/ক্লিনাৰ- ১৪৫, ৱাৰ্ড বয়- ১০৬, ৱাৰ্ড গাৰ্ল- ৭৯, ৱাটছমেন- ৪
উল্লেখ্য, বৰ্তমানলৈ স্বাস্থ্য সঞ্চালকালয়ে এই পদৰ বাবে অনলাইন ছাবমিছনৰ কোনো তাৰিখ উল্লেখ কৰা নাই। বিজ্ঞাপনৰ বিশদ বিৱৰণৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অৰ্হতা, বয়স, অভিজ্ঞতা, অনলাইন ছাবমিছনৰ বাবে Director of Health Service Assamৰ বেৱছাইট
www.dhs.assam.gov.in লগ ইন কৰিব পাৰে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assameseঅসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|