• Home
  • »
  • News
  • »
  • career
  • »
  • CBSE 10th Results: CBSEৰ দশম শ্ৰেণীৰ চূড়ান্ত ফলাফলত ৯৯.৮০% লাভ কৰি দেশৰ ভিতৰতে জিলিকি উঠিল বিশ্বনাথৰ লোচনা বাচটোলা

CBSE 10th Results: CBSEৰ দশম শ্ৰেণীৰ চূড়ান্ত ফলাফলত ৯৯.৮০% লাভ কৰি দেশৰ ভিতৰতে জিলিকি উঠিল বিশ্বনাথৰ লোচনা বাচটোলা

বিশ্বনাথ চাৰিআলিৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ ছাত্ৰী লোচনা বাচটলাই (Lochana Bastola) আজি ঘোষিত চি বি এচ ইৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত সফলতা লাভ কৰিছে।

  • Share this:
বিশ্বনাথ চাৰিআলিৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ ছাত্ৰী লোচনা বাচটলাই (Lochana Bastola) আজি ঘোষিত CBSEৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল (CBSE 10th Results)ত সফলতা লাভ কৰিছে ৷ জৱাহৰ নৱোদয় বিদ্যালয় (JNV)ৰ ছাত্ৰী লোচনাই মুঠ ৫০০ নম্বৰৰ ভিতৰত ৪৯৯নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। চলিত বৰ্ষৰ পৰা স্থানপ্ৰাপ্তৰ নাম প্ৰকাশত কিছু নতুন নিয়ম বলবৎ কৰাত লোচনাৰ স্থান আজি ঘোষণা কৰা নাই যদিও এই নম্বৰ লাভৰ ক্ষেত্ৰত এইগৰাকী শিক্ষাৰ্থীয়ে অভিলেখ সৃষ্টি কৰিছে বুলি উচ্চাৰিত হৈছে।

শ্বিলং মণ্ডলৰ জৱাহৰ নৱোদয় শিক্ষা সমিতিৰ অধীনৰ বিশ্বনাথৰ নৱোদয় বিদ্যালয় লোচনাই ইংৰাজী,গণিত,অসমীয়া,সমাজ বিজ্ঞান বিষয়ত ১০০ নম্বৰকৈ লাভ কৰাৰ বিপৰীতে বিজ্ঞান বিষয়ত ৯৯নম্বৰ লাভ কৰিছে। ৯৯.৮০% নম্বৰ লাভ কৰি দেশৰ ভিতৰতে জিলিকি উঠিছে মেধাৱী লোচনা ৷

সম্প্ৰতি বিজ্ঞান শাখাত নামভৰ্তি কৰি ভৱিষ্যতে চিকিৎসক হোৱাৰ মন আছে ছাত্ৰী গৰাকীৰ। নিৰ্দিষ্ট ৰুটিন অনুসৰণ নকৰাকৈ বিদ্যালয়ৰ শিক্ষাগুৰুৰ জৰিয়তে এই সফলতা লাভত অত্যন্ত সুখী লোচনা। ইতিমধ্যে লোচনাৰ ফলাফল লাভৰ পিছতে শ্বিলং মাণ্ডলিক কাৰ্যালয়ৰ শীৰ্ষ বিষয়াই লোচনাক অভিনন্দন জ্ঞাপন কৰে। বিশ্বনাথৰ গোপাল শৰ্মা বাচটোলা আৰু মেনকা বাচটোলাৰ কন্যা লোচনাই ষষ্ঠ শ্ৰেণীৰ পৰা বিশ্বনাথৰ জৱাহৰ নৱোদয় বিদ্যালয়ত অধ্যয়ন কৰি আহিছে।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি