• Home
  • »
  • News
  • »
  • career
  • »
  • Caste Based Admission : কলেজত নামভৰ্তিৰ সময়ত বৰ্ণগত তথ্য দিয়াটো নহয় বাধ্যতামূলক, শিক্ষামন্ত্ৰীয়ে দিলে নিৰ্দেশ

Caste Based Admission : কলেজত নামভৰ্তিৰ সময়ত বৰ্ণগত তথ্য দিয়াটো নহয় বাধ্যতামূলক, শিক্ষামন্ত্ৰীয়ে দিলে নিৰ্দেশ

ছচিয়েল মিডিয়াত দিয়া এক মন্তব্যৰে শিক্ষামন্ত্ৰীয়ে বৰ্ণগত তথ্য (Caste Information) কলেজত নামভৰ্তিৰ (College Admission)সময়ত প্ৰয়োজন নহয় বুলি স্পষ্ট কৰি দিছে।

ছচিয়েল মিডিয়াত দিয়া এক মন্তব্যৰে শিক্ষামন্ত্ৰীয়ে বৰ্ণগত তথ্য (Caste Information) কলেজত নামভৰ্তিৰ (College Admission)সময়ত প্ৰয়োজন নহয় বুলি স্পষ্ট কৰি দিছে।

ছচিয়েল মিডিয়াত দিয়া এক মন্তব্যৰে শিক্ষামন্ত্ৰীয়ে বৰ্ণগত তথ্য (Caste Information) কলেজত নামভৰ্তিৰ (College Admission)সময়ত প্ৰয়োজন নহয় বুলি স্পষ্ট কৰি দিছে।

  • Share this:
নামভৰ্তিৰ প্ৰ-পত্ৰ পূৰণৰ (College Admission) নামত কোনো শিক্ষাৰ্থীয়ে বৰ্ণগত তথ্য (Caste Information) দিয়াটো বাধ্যতামূলক নহয় বুলি ঘোষণা কৰিছে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগু (Ranoj Pegu)ৱে। তেওঁ লগতে কোনো মহাবিদ্যালয়সমূহক এনেধৰণৰ বৰ্ণগত তথ্য সংগ্ৰহ নকৰিবলৈও অনুৰোধ জনায়।



ছচিয়েল মিডিয়াত দিয়া এক মন্তব্যৰে শিক্ষামন্ত্ৰীয়ে বৰ্ণগত তথ্য নামভৰ্তিৰ সময়ত প্ৰয়োজন নহয় বুলি স্পষ্ট কৰি দিছে।

তেওঁ লিখিছে, "অনুসূচিত জাতি, জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাহিৰে কোনো জাতি বা বৰ্ণগত তথ্য বিদ্যালয় বা মহাবিদ্যালয়ত নামভৰ্তিৰ সময়ত প্ৰয়োজন নহয়। এই সম্পৰ্কত চৰকাৰৰ ফালৰ পৰা কোনোধৰণৰ নিৰ্দেশনা দিয়া হোৱা নাই। যদি কোনো শিক্ষানুষ্ঠানে এনে তথ্য বিচাৰিছে, তেন্তে তাক প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনালোঁ।"



উল্লেখ্য যে ৰাজ্যৰ একাংশ আগশাৰীৰৰ শিক্ষানুষ্ঠানে শিক্ষাৰ্থীৰ পৰা বিচাৰিছল বৰ্ণগত তথ্য। কোৰোণা পৰিস্থিতিৰ বাবে সকলো মহাবিদ্যালয়তে নামভৰ্তি অনলাইন (Online Admission) প্ৰক্ৰিয়াৰে চলিছে। এই নামভৰ্তিৰ প্ৰ-পত্ৰ পূৰণৰ নামত গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়, আৰ্যবিদ্যাপীঠকে ধৰি একাংশ আগশাৰীৰ মহাবিদ্যালয়ে বৰ্ণবাদৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপিত হৈছিল।

নামভৰ্তিৰ সময়ত ছাত্ৰ-ছাত্ৰীয়ে নিজৰ সম্প্ৰদায় বাচনি কৰিবলগীয়া হৈছে। ব্ৰাহ্মণ (Brahmin), গণক, কলিতা (Kalita), কায়স্থ (Kayastha), মুছলমান (Musalman), শূদ্ৰ (Sudra), বৈশ্য (Baishya) আদি অপশ্যন দেখি স্তম্ভিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰী তথা সচেতন মহল। আনকি ইয়াক বাধ্যতমূলক হিচাপেও নিৰূপণ কৰা হৈছে।

উল্লেখ্য যে গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়, আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়, কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়কে ধৰি কেইবাখনো আগশাৰীৰ মহাবিদ্যালয়ে প্ৰ-পত্ৰ পূৰণত সম্প্ৰদায় উল্লেখৰ বাবে এনে বাধ্যতামূলক কেটেগৰী অন্তৰ্ভুক্ত কৰা দেখিবলৈ পোৱা গৈছে।
Published by:Manjumoni Borah
First published: